--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা পাকিস্তানত এতিয়া বয়-বস্তুৰ দাম ইমানেই বেছি বৃদ্ধি পাইছে যে সাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ প্ৰায় প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰেই দাম এতিয়া দেশ খনত আকাশলংঘী হৈ পৰিছে৷ 

শেহতীয়া খবৰ অনুসৰি দেশ খনত গাখীৰৰ দাম প্ৰতি লিটাৰত ২১০ পাকিস্তানী টকা হৈছে৷ একেদৰে  ব্ৰইলাৰ কুকুৰাৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫০০ পাকিস্তানী টকালৈ বৃদ্ধি পাইছে।স্থানীয়  কুকুৰাৰ মাংসৰ দাম প্ৰতি কিলোগ্ৰামত ৭৮০ টকাৰ হৈছে৷  হাড়বিহীন মাংসৰ দাম প্ৰতি কিলোগ্ৰামত ১১০০  টকালৈ হৈছে৷ 

২০২২ চনত হোৱা বানৰ পিছৰে পৰা পাকিস্তানৰ কঁকাল ভাগি পৰিছে৷ সেই বানত   ১৭৩৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ লাখ বাসভৱন জাহ গৈছিল। 

দেশখনত মজুত থকা  বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত এতিয়া মাত্ৰ ১০ বিলিয়ন ডলাৰ হৈছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে৷

ইপিনে পাকিস্তানৰ মূৰৰ ওপৰত আছে বেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লোৱা ধাৰৰ বোজা৷ দেশ খনে সেয়ে বাৰে বাৰে বেইলআউট বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে৷ 

দেশ খনত বিগত কিছু বছৰ ধৰি শক্তি আৰু ইন্ধনৰো ব্যাপক নাটনিয়ে দেখা দি আহিছে৷ বিদ্যুতৰ নাটনিৰ জোৰা মাৰিবলৈ পাকিস্তানৰ চৰকাৰে আজিকালি নিশা ১০ বজাৰ ভিতৰতে বিবাহ ভৱন আদি বন্ধ কৰাৰ নিৰ্দেশ দিছে৷ একেদৰে  শ্বপিং মলসমূহো নিশা ৮-৩০ বজাতে বন্ধ কৰা হয়৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ