--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা পাকিস্তানত এতিয়া বয়-বস্তুৰ দাম ইমানেই বেছি বৃদ্ধি পাইছে যে সাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ প্ৰায় প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰেই দাম এতিয়া দেশ খনত আকাশলংঘী হৈ পৰিছে৷ 

শেহতীয়া খবৰ অনুসৰি দেশ খনত গাখীৰৰ দাম প্ৰতি লিটাৰত ২১০ পাকিস্তানী টকা হৈছে৷ একেদৰে  ব্ৰইলাৰ কুকুৰাৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫০০ পাকিস্তানী টকালৈ বৃদ্ধি পাইছে।স্থানীয়  কুকুৰাৰ মাংসৰ দাম প্ৰতি কিলোগ্ৰামত ৭৮০ টকাৰ হৈছে৷  হাড়বিহীন মাংসৰ দাম প্ৰতি কিলোগ্ৰামত ১১০০  টকালৈ হৈছে৷ 

২০২২ চনত হোৱা বানৰ পিছৰে পৰা পাকিস্তানৰ কঁকাল ভাগি পৰিছে৷ সেই বানত   ১৭৩৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ লাখ বাসভৱন জাহ গৈছিল। 

দেশখনত মজুত থকা  বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত এতিয়া মাত্ৰ ১০ বিলিয়ন ডলাৰ হৈছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে৷

ইপিনে পাকিস্তানৰ মূৰৰ ওপৰত আছে বেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লোৱা ধাৰৰ বোজা৷ দেশ খনে সেয়ে বাৰে বাৰে বেইলআউট বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে৷ 

দেশ খনত বিগত কিছু বছৰ ধৰি শক্তি আৰু ইন্ধনৰো ব্যাপক নাটনিয়ে দেখা দি আহিছে৷ বিদ্যুতৰ নাটনিৰ জোৰা মাৰিবলৈ পাকিস্তানৰ চৰকাৰে আজিকালি নিশা ১০ বজাৰ ভিতৰতে বিবাহ ভৱন আদি বন্ধ কৰাৰ নিৰ্দেশ দিছে৷ একেদৰে  শ্বপিং মলসমূহো নিশা ৮-৩০ বজাতে বন্ধ কৰা হয়৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব