--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীৰ দিনটোত সমগ্ৰ বিশ্বতে প্ৰেমৰ দিন ভেলেণ্টাইন ডে পালন কৰা হয়৷ এই দিনটোতে বিশ্বৰ প্ৰেমিকযুগলসকলে অনাগত দিনত সুখেৰে-মিলাপ্ৰীতিৰে থকাৰ পণ লয়৷  এইবাৰৰ ভেলেণ্টাইন ডে অলপ বেলেগ  ধৰণে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল এহাল প্ৰেমিক-প্ৰেমিকাই। এই দিনটোতে কেৱল দীঘলীয়া চুম্বনৰ জড়িয়তে  দক্ষিণ আফ্ৰিকাৰ বেথ নেইল আৰু কানাডাৰ মাইলছ ক্লাউটিয়েৰে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰাৰ সিদ্ধান্ত লয়। 


তেওঁলোকে পানীৰ তলত একেৰাহে ৪ মিনিট আৰু ৬ ছেকেণ্ডৰ ধৰি চুম্বন কৰি আটাইতকৈ দীঘল পানীৰ তলৰ চুম্বনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত চুম্বনৰ ক্লিপ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’ চোৱাৰ পিছতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এজন নেট ব্যৱহাৰকাৰীয়ে লিখিছে "সঁচাকৈয়ে মনোৰঞ্জনমূলক। মোৰ কোনো ধাৰণা নাছিল যে ইমান সময় ধৰি চুম্বন কৰিব পাৰি। অতি বিচিত্ৰ আৰু মনোৰঞ্জনমূলক," ৷ উল্লেখ্য চুম্বনৰ জড়িয়তে এইবাৰেই  প্ৰথম  কোনোবাই  অভিলেখ  সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেনে নহয়। ইয়াৰ পূৰ্বৰ অভিলেখটো ১৩ বছৰ আগতে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ইটালিয়ান টিভি শ্ব' লো শ্ব দেই ৰেকৰ্ডত স্থাপন  হৈছিল। দম্পতীহালে ৩ মিনিট আৰু ২৪ ছেকেণ্ডৰ বাবে পানীৰ তলত চুমা খাবলৈ সক্ষম হৈছিল।


গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ অফিচিয়েল ৱেবছাইটত উল্লেখ কৰা হৈছে যে তেওঁলোকে তিনি বছৰ আগতে প্ৰথমে পানীৰ তলত চুম্বনৰ  ধাৰণাটো লৈ আহিছিল। পানীৰ তলত চুম্বনেৰে অভিলেখ গঢ়া বেথ আৰু মাইলছেও স্বীকাৰ কৰিছে যে গোটেই বিষয়টো তেওঁলোকে আগতে ভবাতকৈ বহুত বেছি প্ৰত্যাহ্বানজনক আছিল। তেওঁলোকে মালদ্বীপলৈ যোৱাৰ কেইসপ্তাহমান আগতে অভিলেখ গঢ়াৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছিল।  ১৪ ফেব্ৰুৱাৰীত মালদ্বীপৰ লাক্স চাউথ আৰি এটোল ৰিজৰ্টত পুৱা ৭:৩০ বজাত এই প্ৰচেষ্টা আৰম্ভ হৈছিল। তেওঁলোকে প্ৰথমে কিছু উশাহ লৈ  ৱাৰ্ম-আপ  কৰিছিল৷ তাৰ পিছত দুই আৰু তিনি মিনিট ধৰি পানীৰ তলত দুটা চুম্বনেৰে অভিযান   আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁলোকে একেৰাহে চুম্বনত লিপ্ত হয়৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ