--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীৰ দিনটোত সমগ্ৰ বিশ্বতে প্ৰেমৰ দিন ভেলেণ্টাইন ডে পালন কৰা হয়৷ এই দিনটোতে বিশ্বৰ প্ৰেমিকযুগলসকলে অনাগত দিনত সুখেৰে-মিলাপ্ৰীতিৰে থকাৰ পণ লয়৷  এইবাৰৰ ভেলেণ্টাইন ডে অলপ বেলেগ  ধৰণে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল এহাল প্ৰেমিক-প্ৰেমিকাই। এই দিনটোতে কেৱল দীঘলীয়া চুম্বনৰ জড়িয়তে  দক্ষিণ আফ্ৰিকাৰ বেথ নেইল আৰু কানাডাৰ মাইলছ ক্লাউটিয়েৰে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰাৰ সিদ্ধান্ত লয়। 


তেওঁলোকে পানীৰ তলত একেৰাহে ৪ মিনিট আৰু ৬ ছেকেণ্ডৰ ধৰি চুম্বন কৰি আটাইতকৈ দীঘল পানীৰ তলৰ চুম্বনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত চুম্বনৰ ক্লিপ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’ চোৱাৰ পিছতে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এজন নেট ব্যৱহাৰকাৰীয়ে লিখিছে "সঁচাকৈয়ে মনোৰঞ্জনমূলক। মোৰ কোনো ধাৰণা নাছিল যে ইমান সময় ধৰি চুম্বন কৰিব পাৰি। অতি বিচিত্ৰ আৰু মনোৰঞ্জনমূলক," ৷ উল্লেখ্য চুম্বনৰ জড়িয়তে এইবাৰেই  প্ৰথম  কোনোবাই  অভিলেখ  সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেনে নহয়। ইয়াৰ পূৰ্বৰ অভিলেখটো ১৩ বছৰ আগতে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ইটালিয়ান টিভি শ্ব' লো শ্ব দেই ৰেকৰ্ডত স্থাপন  হৈছিল। দম্পতীহালে ৩ মিনিট আৰু ২৪ ছেকেণ্ডৰ বাবে পানীৰ তলত চুমা খাবলৈ সক্ষম হৈছিল।


গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ অফিচিয়েল ৱেবছাইটত উল্লেখ কৰা হৈছে যে তেওঁলোকে তিনি বছৰ আগতে প্ৰথমে পানীৰ তলত চুম্বনৰ  ধাৰণাটো লৈ আহিছিল। পানীৰ তলত চুম্বনেৰে অভিলেখ গঢ়া বেথ আৰু মাইলছেও স্বীকাৰ কৰিছে যে গোটেই বিষয়টো তেওঁলোকে আগতে ভবাতকৈ বহুত বেছি প্ৰত্যাহ্বানজনক আছিল। তেওঁলোকে মালদ্বীপলৈ যোৱাৰ কেইসপ্তাহমান আগতে অভিলেখ গঢ়াৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছিল।  ১৪ ফেব্ৰুৱাৰীত মালদ্বীপৰ লাক্স চাউথ আৰি এটোল ৰিজৰ্টত পুৱা ৭:৩০ বজাত এই প্ৰচেষ্টা আৰম্ভ হৈছিল। তেওঁলোকে প্ৰথমে কিছু উশাহ লৈ  ৱাৰ্ম-আপ  কৰিছিল৷ তাৰ পিছত দুই আৰু তিনি মিনিট ধৰি পানীৰ তলত দুটা চুম্বনেৰে অভিযান   আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁলোকে একেৰাহে চুম্বনত লিপ্ত হয়৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক