--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰততো  মাৰাত্মক বাৰ্ড ফ্লুৱে সংহাৰৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। পশ্চিমবংগৰ এটি ৪ বছৰীয়া কন্যা শিশুৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লু। বিশ্ব স্বাস্থ্য সংস্থাই  প্ৰকাশ কৰা অনুসৰি পশ্চিমবংগৰ এটি চাৰি বছৰীয়া শিশুৰ H9N2 ভাইৰাছৰ সংক্ৰমণ ঘটি শিশুটি বাৰ্ড ফ্লুত আক্ৰা্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে। ভাৰতত  মানৱ দেহলৈ বাৰ্ড ফ্লু  সংক্ৰমণৰ শেহতীয়াকৈ ২০১৯ চনৰ পিছত  এয়াই প্ৰথম  ঘটনা ।শিশুটিক আইচিইউত  ভৰ্তি কৰোৱা হৈছে । বাৰ্ড ফ্লুত আক্ৰান্ত হ’লে  গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, উচ্চ জ্বৰ আৰু পেটৰ বিষ আদি লক্ষণে দেখা দিয়ে। 

আক্ৰান্ত শিশুটি  ঘৰত  হাঁহ-কুকুৰাৰ সংস্পৰ্শলৈ আহিছিল। ভাৰতইয়াৰ পূৰ্বে  ২০১৯ চনত প্ৰথমটো বাৰ্ডফ্লু সংক্ৰমণৰ ঘটনা ধৰা পৰা বুলি  বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। কোভিডতকৈও মাৰাত্মক ৰোগ H5N1 অৰ্থাৎ বাৰ্ড ফ্লু মহামাৰীৰ সংক্ৰমণৰ আশংকা কৰিছে বহু বিজ্ঞানীয়ে। H5N1ৰ এই নতুন মহামাৰীৰ সংক্ৰমণে  বিশেষভাৱে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে।  বিজ্ঞানীসকলে দাবী কৰিছে যে H5N1 ভাইৰাছে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷  বিশ্বজুৰি সৃষ্টি হ’ব পাৰে আন এক ভয়ংকৰ মহামাৰী।
 
বাৰ্ড ফ্লুৰ সংক্ৰমণ ক’ৰ’না মহামাৰীতকৈ অধিক বিপজ্জনক বুলি প্ৰমাণিত হৈছে। বিজ্ঞানীসকলৰ মতে বাৰ্ড ফ্লু মহামাৰী দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা অব্যাহত আছে। বিশেষজ্ঞসকলে কয় যেকোভিড  সংকটতকৈ H5N1 ভাইৰাছ অধিক বিধ্বংসী হ’ব পাৰে। হোৱাইট হাউছেও এই ভাইৰাছে সৃষ্টি কৰিব পৰা অৱস্থাৰ প্ৰতি  তীক্ষ্ণ দৃষ্টি ৰাখিছে। 

শেহতীয়াকৈ আমেৰিকাত গৰু, মেকুৰী আৰু মানুহকে ধৰি বিভিন্ন স্তন্যপায়ী প্ৰাণীৰ দেহত  H5N1 সংক্ৰমণ ধৰা পৰিছে। দেখা গৈছে যে জীৱ-জন্তুতকৈ মানুহে অধিক সহজ আৰু ক্ষিপ্ৰতাৰে এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। এনে আশংকা সেয়ে  বিশ্ববাসীৰ বাবে এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়ালৈকে  আমেৰিকাৰ ছখন প্ৰদেশত H5N1 ৰোগী চিনাক্ত কৰা হৈছে। 

প্ৰখ্যাত বাৰ্ড ফ্লু গৱেষক ডাঃ সুৰেশ কুচিপুডীয়ে সকীয়াই দিছে যে ‘কোভিডতকৈ ১০০ গুণ  অধিক বিপজ্জনক ’ হ’ব পাৰে বাৰ্ড ফ্লু মহামাৰী। কেৱল সেয়াই নহয়, এই মহামাৰীয়ে  আক্ৰান্ত লোকৰ  ভিতৰত আধা সংখ্যকৰে মৃত্যুৰ কাৰণ হ’ব পাৰে। 

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০০৩ চনৰ পৰা H5N1 ভাইৰাছত আক্ৰান্ত হোৱা প্ৰতি ১০০ জন ৰোগীৰ ভিতৰত ৫২ জন ৰোগীৰ মৃত্যু হৈছে। এইদৰে H5N1 ৰ মৃত্যুৰ হাৰ ৫০ শতাংশতকৈও অধিক। যদি ইয়াক ক’ৰ’না ভাইৰাছৰ সৈতে তুলনা কৰা হয় তেন্তে মহামাৰীৰ আৰম্ভণিতে ইয়াৰ মৃত্যুৰ হাৰ কিছু ঠাইত ২০ শতাংশ আছিল, যিটো পিছলৈ মাত্ৰ ০.১ শতাংশলৈ হ্ৰাস পাইছিল। এই পৰ্যন্ত মাত্ৰ ৮৮৭ গৰাকী  লোক  বাৰ্ড ফ্লুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, ইয়াৰে ৪৬২ জনৰ মৃত্যু হৈছে।ভাইৰাছবিধৰ বিৰুদ্ধে ভেকছিন আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিকশিত কৰাৰ প্ৰচেষ্টা চলি আছে। আমেৰিকা যুক্তৰাজ্যই ইতিমধ্যে ভেকছিনৰ উপাদানবোৰ পৰীক্ষা কৰি আছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন