--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুণৰ অধিকাৰী হ’ল গণেশ। গণেশ চতুৰ্থী অৰ্থাৎ ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থ দিনত গণেশ চতুৰ্থী হিচাপে পালন কৰা হয় বা গণেশক পূজা কৰা হয়। কিছুমানৰ মতে , সেইদিনাখন গণেশৰ জন্ম হৈছিল। পৌৰানিক আখ্যান মতে , ব্যাসদেৱে মহাভাৰত লিখাৰ সময়ত গণেশৰ সহায় লৈছিল । গণেশ চতুৰ্থী অথাৎ চতুৰ্থ দিনৰ পৰা আৰম্ভ কৰি চতুৰ্থ দশ অৰ্থাৎ ১০ দিন ধৰি মহাভাৰত লিখা হৈছিল আৰু সেইবাবে চতুৰ্থীৰ পৰা ১০ দিনলৈ এই দিন কেইটা গণেশ পূজাৰ নামত বিশেষভাৱে উছৰ্গিত। ইয়াৰ উপৰিও যি কোনো পূজা কৰাৰ আগতে গণেশক নিমন্ত্ৰন কৰি পূজা আৰম্ভ কৰা হয়। সেয়েহে হিন্দু কেলেণ্ডাৰ অনুসৰি বছৰৰ প্ৰথম পূজাটোৱে হ’ল গণেশ পূজা।


সমগ্ৰ দেশতে গণেশোৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। গণেশৰ প্ৰতীমা প্ৰতিষ্ঠাৰ বাবে গণেশ চতুৰ্থীৰ আগত প্ৰতিটো ঘৰতে চাফ-চিকুণতাৰে সজাই তোলা হয়। এইবাৰ গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত। এই পবিত্ৰ দিনটোতে ভগৱান গণেশৰ প্ৰতীমা প্ৰতিষ্ঠা কৰা হয়। 

কিদৰে গণেশ চতুৰ্থীৰ দিনা গণেশক সন্তুষ্ট কৰিব জানো আহক-

চতুৰ্থীৰ দিনা ভগৱান গণেশক প্রিয় ভোগ বুন্দিয়াৰ লাড়ু আগবঢ়াব পাৰে ৷ লগতে গণেশ দেৱতাৰ আন এবিধ প্ৰিয় সামগ্ৰী হ'ল দুৱৰি বন ৷ ২১ টুকুৰা গুড়, ২১ গাঁঠি দুৱৰি গণেশ দেৱতাক দান কৰিব ৷ প্ৰসাদ হিচাপে গুড় আৰু গৰুৰ ঘি গণেশ দেৱতাক অৰ্পণ কৰিব ৷ পূজাৰ পিচত ঘি সহ গুড়ৰ টুকুৰাসমূহ গাই-গৰুক খুৱাব ৷

গণেশৰ এই দহটা মন্ত্ৰ জাপ কৰিলে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ’ব -

ওঁম গণধিপায় নমঃ
ওঁম ঊমা পুত্ৰায় নমঃ
ওঁম বিঘ্ননাশয় নমঃ
ওঁম বিনায়কায় নমঃ
ওঁম ইশপুত্রায় নমঃ
ওঁম সর্বসিদ্ধ প্রদায় নমঃ
ওঁম একদন্তায় নমঃ
ওঁম ইভবক্তায় নমঃ
ওঁম মুষক বাহনায় নমঃ
ওঁম কুমাৰ গুৰুয়ে নমঃ

গণেশ চতুৰ্থীৰ শুভ লগ্ন -

শুক্লপক্ষৰ চতুৰ্থী তিথিত গণেশ চতুৰ্থী পৰে। এইবাৰ ৭ ছেপ্টেম্বৰ শনিবাৰৰ পৰা আৰম্ভ হ’ব এই উৎসৱ। আনহাতে, ১৭ ছেপ্টেম্বৰ মঙলবাৰে অনুষ্ঠিত হ’ব গণেশ বিসৰ্জন। গণেশ চতুৰ্থী পূজাৰ সময় পুৱা ১১:০৩ বজাৰ পৰা দুপৰিয়া ১:৩৪ বজালৈ পালন কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ