--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰতিৱেশীৰ বিৰুদ্ধে ‘নাৰাজ’ জনপ্ৰিয় অভিনেতা ছলমান খান। অভিনেতাগৰাকীয়ে আনকি আদালতত দাখিল কৰিলে গোচৰো। অভিনেতাগৰাকীৰ অধিবক্তাই মুম্বাই মহানগৰ অসামৰিক আদালতত দাখিল কৰিছে গোচৰ। ছলমান খানে তেওঁৰ প্ৰতিৱেশী কেতন কক্কাডৰ বিৰুদ্ধে ভূমি বিক্ৰী লেনদেন সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত আদালতত গোচৰ ৰুজু কৰিছে। অৱশ্যে, মুম্বাই মহানগৰ অসামৰিক আদালতে গোচৰটোত কোনো অন্তৱৰ্তীকালীন নিয়ন্ত্ৰণ নিৰ্দেশ প্ৰদান কৰা নাই। ন্যায়াধীশ অনিল এইচ লাড্ডাডে ২১ জানুৱাৰীৰ শুনানিৰ পাছত কক্কাদক আদালতত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ছলমান খানে তেওঁৰ অভিযোগত আন দুজন লোকৰ নামও সন্নিবিষ্ট কৰিছে। তেওঁলোকেও ইউটিউবৰ সেই সাক্ষাৎকাৰটোত অংশগ্ৰহণ কৰিছিল। আনকি অভিযোগত গুগল, ইউটিউব, ফেচবুক আৰু টুটাৰৰ দৰে সামাজিক মাধ্যমৰ নামও সাঙুৰি লোৱা হৈছে। কিয়নো উক্ত সামাজিক মাধ্যমৰ পৰা অভিনেতাজনে তেওঁৰ বিৰুদ্ধে মানহানিমূলক মন্তব্য দিয়া ভিডিঅ’টো আঁতৰাব বিচাৰিছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি কেতন কক্কাদৰ ছলমান খানৰ পানভেল ফাৰ্মহাউছৰ ওচৰত এটা মাটিৰ প্লট আছে। ছলমান খানে অভিযোগ কৰিছে যে কেতনে তেওঁৰ বিৰুদ্ধে এটা ইউটিউব সাক্ষাৎকাৰত মানহানিকৰ মন্তব্য কৰিছিল। সংস্থাটোৱে জনাইছে যে, কাক্কাদক অভিনেতাজনৰ বিষয়ে আন কোনো মন্তব্য কৰাৰ পৰা বিৰত ৰাখিবলৈ আদালতত ছলমান খানৰ উকীলসকলে অনুৰোধ কৰা অন্তৱৰ্তীকালীন আদেশ অস্বীকাৰ কৰিছিল। কক্কাদৰ উকীলসকলে যুক্তি দিছে যে তেওঁলোকৰ মক্কেলক উত্তৰ দাখিল কৰিবলৈ পৰ্যাপ্ত সময় দিয়া উচিত। তেওঁলোকে আৰু যুক্তি দিছিল যে গোচৰ সম্পৰ্কীয় কাগজ-পত্ৰ অতি শেহতীয়াকৈ পোৱাৰ বাবে তেওঁলোকে গোটেই মোকৰ্দমাটো পাৰ কৰিব নোৱাৰে। খানৰ গোচৰটোত দাবী কৰা হৈছিল যে কাক্কাদে তেওঁৰ পানভেল ফাৰ্মহাউছৰ কাষত এটা মাটি কিনিবলৈ চেষ্টা কৰিছিল কিন্তু কৰ্তৃপক্ষই লেনদেনটো অবৈধ বুলি গণ্য কৰি বাতিল কৰিছিল। কক্কাদে এই লেনদেন ছলমান খানে বাতিল কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল। খানৰ উকীলসকলে কৈছে যে ‘মিছা, অপমানজনক আৰু মানহানিকৰ’ মন্তব্যই অভিনেতা ছলমান খান আৰু তেওঁৰ পৰিয়ালৰ ক্ষতি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু