--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ বিবাহ বিচ্ছেদ হ’লেও আমিৰ-কিৰণৰ বন্ধুত্বত মেলা নাই ফাট। আৰু সেই বন্ধুত্বৰ ওপৰত ভৰষা ৰাখিয়েই শেহতীয়াকৈ একেলগে কাম কৰিবলৈ আগবাঢ়িছে আমিৰ-কিৰণে। জানিবলৈ পোৱা মতে, নতুন ছবিৰ কামত হাত দিছে কিৰণে। ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লৈছে আমিৰ খানে নিজে। ছবিখনৰ কামো ইতিমধ্যে আৰম্ভ হৈছে বুলি প্ৰকাশ পাইছে। বিগত সপ্তাহত পুনেত ছবিখনৰ দৃশ্যগ্ৰহণৰ কামো আৰম্ভ কৰিছে কিৰণে। কিৰণ-আমিৰে তেওঁলোকৰে এক ঘনিষ্ঠ সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে। সংবাদ মাধ্যমত প্ৰকাশপোৱা অনুসৰি , ‘ছবিৰ স্ক্ৰিপ্টখন আমিৰৰ সন্মুখত বৰ্ণনা কৰিছিল কিৰণে। স্ক্ৰিপ্টখনে মন চুইছিল আমিৰৰ। আমিৰে লগে লগে ছবিখনৰ প্ৰযোজনাৰ বাবে সাজু হয়।’ বিচ্ছেদৰ পাছতো দুয়োৰে মাজত থকা এই সৌহাৰ্দপূৰ্ণ সম্পৰ্কক এতিয়া সকলোৱে একেমুখে শ’লাগ লোৱা পৰিলক্ষিত হৈছে। স্মৰ্তব্য যে, ২০১০ চনত কিৰণে 'ধোবী ঘাট’ ছবিখন পৰিচালনা কৰিছিল। ছবিখনে বিপুল জনপ্ৰিয়তা লাভৰ লগতে সমালোচকৰ প্ৰশংসাও লাভ কৰিছিল। সেই ছবিখনৰো প্ৰযোজক আছিল আমিৰ খান। এটা দশকতকৈ অধিক সময়ৰ অন্তৰালত পুনৰ নতুন ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে কিৰণে। এইবাৰো ছবিখনৰ প্ৰযোজনাৰ বাবে আমিৰ খানকে বিচাৰিছে কিৰণে। উল্লেখ্য যে, ১৫বছৰীয়া যুগ্মজীৱনৰ ফাট মেলিলেও আমিৰ- কিৰণৰ মাজত থকা পেছাদাৰী সম্পৰ্কক যে কোনো উপসৰ্গই আহত কৰিব পৰা নাই সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ