--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ বিবাহ বিচ্ছেদ হ’লেও আমিৰ-কিৰণৰ বন্ধুত্বত মেলা নাই ফাট। আৰু সেই বন্ধুত্বৰ ওপৰত ভৰষা ৰাখিয়েই শেহতীয়াকৈ একেলগে কাম কৰিবলৈ আগবাঢ়িছে আমিৰ-কিৰণে। জানিবলৈ পোৱা মতে, নতুন ছবিৰ কামত হাত দিছে কিৰণে। ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লৈছে আমিৰ খানে নিজে। ছবিখনৰ কামো ইতিমধ্যে আৰম্ভ হৈছে বুলি প্ৰকাশ পাইছে। বিগত সপ্তাহত পুনেত ছবিখনৰ দৃশ্যগ্ৰহণৰ কামো আৰম্ভ কৰিছে কিৰণে। কিৰণ-আমিৰে তেওঁলোকৰে এক ঘনিষ্ঠ সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে। সংবাদ মাধ্যমত প্ৰকাশপোৱা অনুসৰি , ‘ছবিৰ স্ক্ৰিপ্টখন আমিৰৰ সন্মুখত বৰ্ণনা কৰিছিল কিৰণে। স্ক্ৰিপ্টখনে মন চুইছিল আমিৰৰ। আমিৰে লগে লগে ছবিখনৰ প্ৰযোজনাৰ বাবে সাজু হয়।’ বিচ্ছেদৰ পাছতো দুয়োৰে মাজত থকা এই সৌহাৰ্দপূৰ্ণ সম্পৰ্কক এতিয়া সকলোৱে একেমুখে শ’লাগ লোৱা পৰিলক্ষিত হৈছে। স্মৰ্তব্য যে, ২০১০ চনত কিৰণে 'ধোবী ঘাট’ ছবিখন পৰিচালনা কৰিছিল। ছবিখনে বিপুল জনপ্ৰিয়তা লাভৰ লগতে সমালোচকৰ প্ৰশংসাও লাভ কৰিছিল। সেই ছবিখনৰো প্ৰযোজক আছিল আমিৰ খান। এটা দশকতকৈ অধিক সময়ৰ অন্তৰালত পুনৰ নতুন ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে কিৰণে। এইবাৰো ছবিখনৰ প্ৰযোজনাৰ বাবে আমিৰ খানকে বিচাৰিছে কিৰণে। উল্লেখ্য যে, ১৫বছৰীয়া যুগ্মজীৱনৰ ফাট মেলিলেও আমিৰ- কিৰণৰ মাজত থকা পেছাদাৰী সম্পৰ্কক যে কোনো উপসৰ্গই আহত কৰিব পৰা নাই সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু