--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত বিভিন্ন খবৰৰ বাবে বলীউড কিম্বা হলীউড তাৰকাৰ প’ষ্টসমূহ ভাইৰেল হৈ পৰা দেখা যায়। একাধিক অনাকাংক্ষিত খবৰে চুই যায় বলীউড কিম্বা হলীউডৰ মঞ্চ। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। নগ্ন ফটো প’ষ্ট কৰিছে হলীউড তাৰকা কেটী পেৰীয়ে। ইনষ্টাগ্ৰামত প’প তাৰকাৰ নগ্ন ছবিক লৈ সৰ্বত্ৰে এতিয়া বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। কেটীৰ নগ্ন ছবিখনৰ কমেণ্টত প্ৰেমিকা তথা হলিউড অভিনেতা অৰলেণ্ডো ব্লুমে ঘৰ-সংসাৰৰ প্ৰসংগ উত্থাপন কৰাৰ পাছতে লাইক, কমেণ্টেৰে ভৰি পৰিছে কেটীৰ ইনষ্টাগ্ৰাম প’ষ্ট। পিন্ধনত কেৱল এটা ক'লা পেণ্ট পৰিহিতা কেটীয়ে দুৱাৰত আউজী কেমেৰালৈ ঘূৰি চাইছে। কেটীৰ শৰীৰৰ অৰ্ধাংগ অনাবৃত। কেটীৰ কেকোৰা চুলিয়ে চুইছেহি কঁকাল। ছবিখনৰ কেপচনত কেটীয়ে লিখিছে, ‘লেট ইট বাৰ্ণ।’ ছবিখনৰ কমেণ্টত অৰলেণ্ডো ব্লুমে লিখিছে, ‘ঘৰত বাদাম,গাখীৰ শেষ হৈছে। তুমি অলপমান আনিব পাৰিবা নেকি?’ হলিউড তাৰকাগৰাকীৰ এই মন্তব্যৰ পাছতে ২৪ ঘণ্টাত ১৪,৫০০ লাইকেৰে ভৰি পৰিছে কেটীৰ প’ষ্ট। ৩৬ বছৰীয়া পপ তাৰকা তথা ‘পাইৰেটছ অফ দ্য কেৰিবিয়ান’ ছবিৰ জনপ্ৰিয় অভিনেতা অৰলেণ্ডোই ২০১৬ চনৰ পৰাই কেটীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। ২০১৭ চনত ইজনে-সিজনৰ পৰা আঁতৰি গৈছিল যদিও পাছৰ বছৰত দুয়ো পুনৰ একেলগে থকাৰ লৈছিল পন। ২০১৯ চনত সম্পন্ন হয় দুয়োৰে বিবাহ। ২০২০ চনত দুয়োজন তাৰকাৰ জীৱনলৈ আহে প্ৰথম সন্তান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু