--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুইজাৰলেণ্ড ইউৰোপৰ এখন শান্তিপ্ৰিয় দেশ। কিন্তু শেহতীয়াকৈ ৰাছিয়া আৰু চীনৰ চোৰাংচোৱাৰ আশ্ৰয়স্থল হৈ পৰিছে আল্পছ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে আগুৰি থকা এই দেশখন। দুয়োখন দেশৰ চোৰাংচোৱাৰ অহৰহ আশ্ৰয়স্থল হৈ পৰিছে চুইজাৰলেণ্ড! সোমবাৰে এই দাবী কৰিছে ছুইজাৰলেণ্ড চৰকাৰে।

কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডত। আৰু সেই কাৰণেই সেই দেশৰ প্ৰশাসনে সেই দেশক চোৰাংচোৱাৰ বিশেষ আকৰ্ষণৰ স্থান বুলি গণ্য কৰে।

চুইজাৰলেণ্ডৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা ‘ফেডাৰেল ইনটেলিজেন্স চাৰ্ভিচ (এফ আই এছ)’ই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত দাবী কৰিছে যে ৰাছিয়াই ইউৰোপৰ শান্তিৰ পৰিৱেশ ধ্বংস কৰি আছে।

এফ আই এছে কয়, “ইউৰোপত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ফলপ্ৰসূতা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। সুস্থিৰ বিশ্বব্যৱস্থাৰ কোনো লক্ষণ নাই।”

বিশ্বৰ প্ৰধান শক্তিসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিদ্বন্দ্বিতাৰ বাবে ছুইজাৰলেণ্ডৰ নিৰাপত্তা ক্ষতিগ্ৰস্ত হৈছে বুলি এফ আই এছৰ দাবী। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিৱেশত ই বৃদ্ধি পোৱা বুলিও দাবী কৰে।

এই চুইজাৰলেণ্ডৰ চোৰাংচোৱা সংস্থাটোৰ মতে আমেৰিকা আৰু চীনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বিশ্ব মেৰুকৰণ হৈ পৰিছে। অৰ্থাৎ দুটা শক্তিৰ ভিতৰত এটা শক্তিৰ বাবে পৃথিৱীখন দুটা ভাগত বিভক্ত। অৱশ্যে চুইজাৰলেণ্ডৰ প্ৰশাসনেও দাবী কৰিছে যে ইউক্ৰেইনৰ যুদ্ধ চুইজাৰলেণ্ডৰ নিৰাপত্তা ব্যৱস্থাত প্ৰভাৱ পেলোৱাৰ মূলতে আছে।

এফ আই এছে লগতে কয় যে ছুইজাৰলেণ্ডৰ নিৰাপত্তা ব্যৱস্থা বৰ্তমান আটাইতকৈ সমস্যাজনক, মূলতঃ ৰাছিয়া আৰু চীনৰ চোৰাংচোৱাৰ বাবে। এফ আই এছে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইউৰোপৰ ভিতৰতে সৰ্বাধিক সংখ্যক ৰাছিয়াৰ চোৰাংচোৱা এজেণ্টে কূটনীতিবিদৰ আৱৰণত কাম কৰা দেশসমূহৰ ভিতৰত চুইজাৰলেণ্ড অন্যতম।

ৰাষ্ট্ৰসংঘৰ অন্যতম মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত। এই চহৰত ৰাষ্ট্ৰসংঘৰ কেইবাটাও সংগঠনৰো মুখ্য কাৰ্যালয় আছে। ফলত বহু দেশৰ বহু কূটনীতিবিদ জেনেভাত নিয়মিতভাৱে গোট খাই বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰে।

এফ আই এছৰ মুৰব্বী খ্ৰীষ্টিয়ান ডাছিয়ে সংবাদমেলত কয় যে জেনেভা আৰু বাৰ্নত ৰাছিয়াৰ প্ৰায় ২২০ জন স্বীকৃতিপ্ৰাপ্ত কূটনীতিবিদ বা প্ৰশাসনিক বিষয়া আছে।ছুইজাৰলেণ্ডৰ চোৰাংচোৱা সংস্থাই উদ্বিগ্ন হৈ পৰিছে যে ইয়াৰে কিছুমানে চোৰাংচোৱা হিচাপে কাম কৰি আছে।

এফ আই এছৰ তথ্য অনুসৰি ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ পিছত ৰাছিয়াই কেইবাখনো দেশৰ কোম্পানীক ব্যৱহাৰ কৰি প্ৰয়োজনীয় জিনীয় সামগ্ৰী আমদানি কৰিছিল। ইয়াৰ ভিতৰত তুৰ্কিয়ে আৰু ভাৰতৰ দৰে দেশো অন্তৰ্ভুক্ত। আৰু তাৰ বাবেই ছুইজাৰলেণ্ডত চোৰাংচোৱাগিৰি বৃদ্ধি পাইছে।

এফ আই এছৰ দাবী যে ৰাছিয়াৰ দৰে চীনেও সেই দেশলৈ কেইবা ডজন চোৰাংচোৱা প্ৰেৰণ কৰিছে। কিন্তু চীনৰ চোৰাংচোৱাসকলে কোনো কাৰণতে মস্কোৰ চোৰাংচোৱাৰ দৰে কূটনীতিবিদৰ বেশত নাথাকে। বৰঞ্চ বেছিভাগ ক্ষেত্ৰতে তেওঁলোকে নিজৰ পৰিচয় লুকুৱাই ৰাখি নিজৰ স্বাৰ্থ পূৰণ কৰিছে বুলি চুইজাৰলেণ্ডৰ চোৰাংচোৱা সংস্থাটোৱে প্ৰকাশ কৰিছে।

এফ আই এছৰ তথ্য অনুসৰি চীনৰ চোৰাংচোৱাই বিজ্ঞানী, সাংবাদিক বা ব্যৱসায়ী বুলি ভাও ধৰি চুইজাৰলেণ্ডত ঘাটি স্থাপন কৰিছে। এফ আই এছৰ মুৰব্বী ক্রিষ্টিয়ান ডাছেৰ মতে, চীনৰ চোৰাংচোৱা তথ্য ক্ৰমান্বয়ে ইউৰোপত অধিক দৃশ্যমান হ’ব। তেওঁ লগতে দাবী কৰিছিল যে সেই দেশৰ চোৰাংচোৱাই ছুইজাৰলেণ্ডত জীয়াই থাকিবলৈ সামৰ্থ্য আৰু সম্পদ বৃদ্ধি কৰিব।

এফআইএছৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে আমি বিদেশী চোৰাংচোৱাগিৰি হ্ৰাস কৰাৰ বাবে বহু প্ৰচেষ্টা চলাইছো। ছুইজাৰলেণ্ডত চোৰাংচোৱাগিৰিৰ ফলত জেনেভাৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু ছুইজাৰলেণ্ডৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব।

চুইজাৰলেণ্ডৰ চোৰাংচোৱা বিষয়াসকলৰ মতে চীন আৰু ৰাছিয়াৰ চোৰাংচোৱাই হয়তো ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তসমূহ নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰি আছে আৰু অন্যতম ধনী দেশ হিচাপে পৰিচিত ছুইজাৰলেণ্ডৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে।

শেহতীয়াকৈ ‘ৱেগনাৰ’ গোটে ৰাছিয়াত পুটিন চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে। "ৱেগনাৰ" বাহিনীয়েও মস্কো দখল কৰিবলৈ অভিযান আৰম্ভ কৰে। কিন্তু অৱশেষত তেওঁলোক পিছ পৰি পৰে। এই ঘটনাৰ পৰা বহু শিকিবলগীয়া আছে বুলিও দাবী কৰিছে এফ আই এছৰ মুৰব্বীয়ে। মস্কো আৰু “ৱেগনাৰ” বাহিনীৰ মাজত সংঘাত ৰাছিয়াৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি এফআইএছৰ মুৰব্বী দছিয়ে কয়।ডিজিটেল ডেস্কঃ চুইজাৰলেণ্ড ইউৰোপৰ এখন শান্তিপ্ৰিয় দেশ। কিন্তু শেহতীয়াকৈ ৰাছিয়া আৰু চীনৰ চোৰাংচোৱাৰ আশ্ৰয়স্থল হৈ পৰিছে আল্পছ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে আগুৰি থকা এই দেশখন। দুয়োখন দেশৰ চোৰাংচোৱাৰ অহৰহ আশ্ৰয়স্থল হৈ পৰিছে চুইজাৰলেণ্ড! সোমবাৰে এই দাবী কৰিছে ছুইজাৰলেণ্ড চৰকাৰে।

কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডত। আৰু সেই কাৰণেই সেই দেশৰ প্ৰশাসনে সেই দেশক চোৰাংচোৱাৰ বিশেষ আকৰ্ষণৰ স্থান বুলি গণ্য কৰে।

চুইজাৰলেণ্ডৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা ‘ফেডাৰেল ইনটেলিজেন্স চাৰ্ভিচ (এফ আই এছ)’ই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত দাবী কৰিছে যে ৰাছিয়াই ইউৰোপৰ শান্তিৰ পৰিৱেশ ধ্বংস কৰি আছে।

এফ আই এছে কয়, “ইউৰোপত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ফলপ্ৰসূতা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। সুস্থিৰ বিশ্বব্যৱস্থাৰ কোনো লক্ষণ নাই।”

বিশ্বৰ প্ৰধান শক্তিসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিদ্বন্দ্বিতাৰ বাবে ছুইজাৰলেণ্ডৰ নিৰাপত্তা ক্ষতিগ্ৰস্ত হৈছে বুলি এফ আই এছৰ দাবী। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিৱেশত ই বৃদ্ধি পোৱা বুলিও দাবী কৰে।

এই চুইজাৰলেণ্ডৰ চোৰাংচোৱা সংস্থাটোৰ মতে আমেৰিকা আৰু চীনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বিশ্ব মেৰুকৰণ হৈ পৰিছে। অৰ্থাৎ দুটা শক্তিৰ ভিতৰত এটা শক্তিৰ বাবে পৃথিৱীখন দুটা ভাগত বিভক্ত। অৱশ্যে চুইজাৰলেণ্ডৰ প্ৰশাসনেও দাবী কৰিছে যে ইউক্ৰেইনৰ যুদ্ধ চুইজাৰলেণ্ডৰ নিৰাপত্তা ব্যৱস্থাত প্ৰভাৱ পেলোৱাৰ মূলতে আছে।

এফ আই এছে লগতে কয় যে ছুইজাৰলেণ্ডৰ নিৰাপত্তা ব্যৱস্থা বৰ্তমান আটাইতকৈ সমস্যাজনক, মূলতঃ ৰাছিয়া আৰু চীনৰ চোৰাংচোৱাৰ বাবে। এফ আই এছে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইউৰোপৰ ভিতৰতে সৰ্বাধিক সংখ্যক ৰাছিয়াৰ চোৰাংচোৱা এজেণ্টে কূটনীতিবিদৰ আৱৰণত কাম কৰা দেশসমূহৰ ভিতৰত চুইজাৰলেণ্ড অন্যতম।

ৰাষ্ট্ৰসংঘৰ অন্যতম মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত। এই চহৰত ৰাষ্ট্ৰসংঘৰ কেইবাটাও সংগঠনৰো মুখ্য কাৰ্যালয় আছে। ফলত বহু দেশৰ বহু কূটনীতিবিদ জেনেভাত নিয়মিতভাৱে গোট খাই বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰে।

এফ আই এছৰ মুৰব্বী খ্ৰীষ্টিয়ান ডাছিয়ে সংবাদমেলত কয় যে জেনেভা আৰু বাৰ্নত ৰাছিয়াৰ প্ৰায় ২২০ জন স্বীকৃতিপ্ৰাপ্ত কূটনীতিবিদ বা প্ৰশাসনিক বিষয়া আছে।ছুইজাৰলেণ্ডৰ চোৰাংচোৱা সংস্থাই উদ্বিগ্ন হৈ পৰিছে যে ইয়াৰে কিছুমানে চোৰাংচোৱা হিচাপে কাম কৰি আছে।

এফ আই এছৰ তথ্য অনুসৰি ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ পিছত ৰাছিয়াই কেইবাখনো দেশৰ কোম্পানীক ব্যৱহাৰ কৰি প্ৰয়োজনীয় জিনীয় সামগ্ৰী আমদানি কৰিছিল। ইয়াৰ ভিতৰত তুৰ্কিয়ে আৰু ভাৰতৰ দৰে দেশো অন্তৰ্ভুক্ত। আৰু তাৰ বাবেই ছুইজাৰলেণ্ডত চোৰাংচোৱাগিৰি বৃদ্ধি পাইছে।

এফ আই এছৰ দাবী যে ৰাছিয়াৰ দৰে চীনেও সেই দেশলৈ কেইবা ডজন চোৰাংচোৱা প্ৰেৰণ কৰিছে। কিন্তু চীনৰ চোৰাংচোৱাসকলে কোনো কাৰণতে মস্কোৰ চোৰাংচোৱাৰ দৰে কূটনীতিবিদৰ বেশত নাথাকে। বৰঞ্চ বেছিভাগ ক্ষেত্ৰতে তেওঁলোকে নিজৰ পৰিচয় লুকুৱাই ৰাখি নিজৰ স্বাৰ্থ পূৰণ কৰিছে বুলি চুইজাৰলেণ্ডৰ চোৰাংচোৱা সংস্থাটোৱে প্ৰকাশ কৰিছে।

এফ আই এছৰ তথ্য অনুসৰি চীনৰ চোৰাংচোৱাই বিজ্ঞানী, সাংবাদিক বা ব্যৱসায়ী বুলি ভাও ধৰি চুইজাৰলেণ্ডত ঘাটি স্থাপন কৰিছে। এফ আই এছৰ মুৰব্বী ক্রিষ্টিয়ান ডাছেৰ মতে, চীনৰ চোৰাংচোৱা তথ্য ক্ৰমান্বয়ে ইউৰোপত অধিক দৃশ্যমান হ’ব। তেওঁ লগতে দাবী কৰিছিল যে সেই দেশৰ চোৰাংচোৱাই ছুইজাৰলেণ্ডত জীয়াই থাকিবলৈ সামৰ্থ্য আৰু সম্পদ বৃদ্ধি কৰিব।

এফআইএছৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে আমি বিদেশী চোৰাংচোৱাগিৰি হ্ৰাস কৰাৰ বাবে বহু প্ৰচেষ্টা চলাইছো। ছুইজাৰলেণ্ডত চোৰাংচোৱাগিৰিৰ ফলত জেনেভাৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু ছুইজাৰলেণ্ডৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব।

চুইজাৰলেণ্ডৰ চোৰাংচোৱা বিষয়াসকলৰ মতে চীন আৰু ৰাছিয়াৰ চোৰাংচোৱাই হয়তো ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তসমূহ নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰি আছে আৰু অন্যতম ধনী দেশ হিচাপে পৰিচিত ছুইজাৰলেণ্ডৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে।

শেহতীয়াকৈ ‘ৱেগনাৰ’ গোটে ৰাছিয়াত পুটিন চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে। "ৱেগনাৰ" বাহিনীয়েও মস্কো দখল কৰিবলৈ অভিযান আৰম্ভ কৰে। কিন্তু অৱশেষত তেওঁলোক পিছ পৰি পৰে। এই ঘটনাৰ পৰা বহু শিকিবলগীয়া আছে বুলিও দাবী কৰিছে এফ আই এছৰ মুৰব্বীয়ে। মস্কো আৰু “ৱেগনাৰ” বাহিনীৰ মাজত সংঘাত ৰাছিয়াৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি এফআইএছৰ মুৰব্বী দছিয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ