--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গডজিলা। চলচ্চিত্ৰত গডজিলাৰ কীৰ্তি কাহিনী চিৰসেউজ। গডজিলা চিৰিজৰ কেইবাখনো ছৱিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছিল। চিনেমাৰ কাহিনী অনুসৰি জাপানৰ পাৰমাণৱিক বোমাৰ ছাইৰ পৰাই ইয়াৰ জন্ম হৈছিল। যাৰ বিষয়ে ৬৭ বছৰ পূৰ্বে প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰা হৈছিল। ১৯৫৪ চনত ই মুক্তি লাভ কৰিছিল। যাৰ পিছত গডজিলা ছিৰিজৰ ইখনৰ পিছত সিখন ছবি। শেষৰখন আছিল ২০২১ চনত। যাক কোৱা হয় ‘গডজিলা বনাম কং’।

কিন্তু এইবাৰ পৰ্দাৰ বাহিৰৰ খাদ্যৰ টেবুলত গডজিলাক দেখা গ’ল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ‘গডজিলা ৰমেন’ নামৰ এবিধ খাদ্য। এই খাদ্য টাইৱানৰ এখন ৰেষ্টুৰেণ্টত পোৱা যায়। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বহুতে এই খাদ্য খাই আছে।

টাইৱানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই খাদ্যত ঘঁৰিয়ালৰ মাংস ব্যৱহাৰ কৰা হয়। মাংসখিনি এনেদৰে পৰিবেশন কৰা হয় যে গডজিলাৰ ভৰি দুখন কাটি ৰেমেন বাটিটোৰ ঠিক ওপৰত ৰখা যেন লাগে। ঘঁৰিয়ালৰ ভৰি উতলাই গডজিলা ৰেমেন তৈয়াৰ কৰা হয়। ডৌলিউ চহৰৰ ইউনলিন কাউন্টি নামৰ এখন ৰেষ্টুৰেণ্টত মুকলি কৰা হৈছে গডজিলা ৰেমেন।

ছ’চিয়েল মিডিয়াত ই যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু এই ৰেমেন কেৱল ঘঁৰিয়ালৰ মাংসৰেই নহয়, বিভিন্ন মাংস, কণী আৰু শাক-পাচলিৰেও তৈয়াৰ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান