--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গডজিলা। চলচ্চিত্ৰত গডজিলাৰ কীৰ্তি কাহিনী চিৰসেউজ। গডজিলা চিৰিজৰ কেইবাখনো ছৱিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছিল। চিনেমাৰ কাহিনী অনুসৰি জাপানৰ পাৰমাণৱিক বোমাৰ ছাইৰ পৰাই ইয়াৰ জন্ম হৈছিল। যাৰ বিষয়ে ৬৭ বছৰ পূৰ্বে প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰা হৈছিল। ১৯৫৪ চনত ই মুক্তি লাভ কৰিছিল। যাৰ পিছত গডজিলা ছিৰিজৰ ইখনৰ পিছত সিখন ছবি। শেষৰখন আছিল ২০২১ চনত। যাক কোৱা হয় ‘গডজিলা বনাম কং’।

কিন্তু এইবাৰ পৰ্দাৰ বাহিৰৰ খাদ্যৰ টেবুলত গডজিলাক দেখা গ’ল। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ‘গডজিলা ৰমেন’ নামৰ এবিধ খাদ্য। এই খাদ্য টাইৱানৰ এখন ৰেষ্টুৰেণ্টত পোৱা যায়। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বহুতে এই খাদ্য খাই আছে।

টাইৱানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই খাদ্যত ঘঁৰিয়ালৰ মাংস ব্যৱহাৰ কৰা হয়। মাংসখিনি এনেদৰে পৰিবেশন কৰা হয় যে গডজিলাৰ ভৰি দুখন কাটি ৰেমেন বাটিটোৰ ঠিক ওপৰত ৰখা যেন লাগে। ঘঁৰিয়ালৰ ভৰি উতলাই গডজিলা ৰেমেন তৈয়াৰ কৰা হয়। ডৌলিউ চহৰৰ ইউনলিন কাউন্টি নামৰ এখন ৰেষ্টুৰেণ্টত মুকলি কৰা হৈছে গডজিলা ৰেমেন।

ছ’চিয়েল মিডিয়াত ই যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু এই ৰেমেন কেৱল ঘঁৰিয়ালৰ মাংসৰেই নহয়, বিভিন্ন মাংস, কণী আৰু শাক-পাচলিৰেও তৈয়াৰ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস