--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৱিত্ৰ ঈদৰ দিনাই সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা৷ইছলামিক অনুগামীসকলৰ পবিত্ৰ গ্ৰন্থ কোৰান জ্বলোৱাৰ ঘটনাই ইণ্টাৰনেটত বৰ্তমান আতংকৰ সৃষ্টি কৰিছে। ইউৰোপৰ এখন দেশ ছুইডেনৰ মছজিদৰ বাহিৰত কোৰান জ্বলাই দিয়া হয়।

আশ্চৰ্যজনক কথাটো হ’ল ছুইডেন চৰকাৰে কোৰান জ্বলোৱাৰ ঘটনাক লৈ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই, বৰঞ্চ চৰকাৰে মত প্ৰকাশৰ স্বাধীনতা বুলিহে অভিহিত কৰিছে । ঘটনাৰ পাছৰে পৰা ইছলাম ধৰ্মৰ অনুগামীসকলে ছচিয়েল মিডিয়াত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

প্ৰথমে তুৰস্কৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে। তুৰস্কৰ বৈদেশিক মন্ত্ৰালয়ে ছুইডেনত কোৰআন জ্বলোৱাক এক জঘন্য অপৰাধ বুলি অভিহিত কৰিছে। তুৰস্কৰ বৈদেশিক মন্ত্ৰী হাকান ফিডানে টুইট কৰি কয়- "কোনোৱেই মত প্ৰকাশৰ স্বাধীনতাৰ নামত ইছলাম বিৰোধী বিক্ষোভ কৰিব নোৱাৰে।"

উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হৈছে ছুইডেনৰ ষ্টকহ’ম চেণ্ট্ৰেল মছজিদৰ সন্মুখত, য’ত বুধবাৰে ৩৭ বছৰীয়া এজন ব্যক্তিয়ে কোৰআন ফালি জুই লগাইছিল। শ শ লোকৰ উপস্থিতিত এই অপৰাধ সংঘটিত হৈছিল, যাৰ বহুতেই কোৰআন জ্বলোৱাৰ সমৰ্থন কৰিছিল। চিএনএনৰ মতে, মত প্ৰকাশৰ স্বাধীনতাৰ অধীনত এই অনুমতি ছুইডেন চৰকাৰে এদিনীয়া বিক্ষোভৰ বাবে দিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান