--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৱিত্ৰ ঈদৰ দিনাই সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা৷ইছলামিক অনুগামীসকলৰ পবিত্ৰ গ্ৰন্থ কোৰান জ্বলোৱাৰ ঘটনাই ইণ্টাৰনেটত বৰ্তমান আতংকৰ সৃষ্টি কৰিছে। ইউৰোপৰ এখন দেশ ছুইডেনৰ মছজিদৰ বাহিৰত কোৰান জ্বলাই দিয়া হয়।

আশ্চৰ্যজনক কথাটো হ’ল ছুইডেন চৰকাৰে কোৰান জ্বলোৱাৰ ঘটনাক লৈ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই, বৰঞ্চ চৰকাৰে মত প্ৰকাশৰ স্বাধীনতা বুলিহে অভিহিত কৰিছে । ঘটনাৰ পাছৰে পৰা ইছলাম ধৰ্মৰ অনুগামীসকলে ছচিয়েল মিডিয়াত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

প্ৰথমে তুৰস্কৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে। তুৰস্কৰ বৈদেশিক মন্ত্ৰালয়ে ছুইডেনত কোৰআন জ্বলোৱাক এক জঘন্য অপৰাধ বুলি অভিহিত কৰিছে। তুৰস্কৰ বৈদেশিক মন্ত্ৰী হাকান ফিডানে টুইট কৰি কয়- "কোনোৱেই মত প্ৰকাশৰ স্বাধীনতাৰ নামত ইছলাম বিৰোধী বিক্ষোভ কৰিব নোৱাৰে।"

উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হৈছে ছুইডেনৰ ষ্টকহ’ম চেণ্ট্ৰেল মছজিদৰ সন্মুখত, য’ত বুধবাৰে ৩৭ বছৰীয়া এজন ব্যক্তিয়ে কোৰআন ফালি জুই লগাইছিল। শ শ লোকৰ উপস্থিতিত এই অপৰাধ সংঘটিত হৈছিল, যাৰ বহুতেই কোৰআন জ্বলোৱাৰ সমৰ্থন কৰিছিল। চিএনএনৰ মতে, মত প্ৰকাশৰ স্বাধীনতাৰ অধীনত এই অনুমতি ছুইডেন চৰকাৰে এদিনীয়া বিক্ষোভৰ বাবে দিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস