--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চুলিৰ স্বাস্থ্যৰ বাবে অতীজৰে পৰা মেথি গুটি ব্যৱহাৰ হৈ আহিছে। ই এনে এক ঘৰুৱা উপায় যিয়ে চুলিৰ সমস্যা দূৰ কৰাত সহায় কৰে। দৰাচলতে আয়ুৰ্বেদৰ দৃষ্টিকোণৰ পৰা মেথি খুবেই উপকাৰী। মেথি গুটি পানীত নিশাটো তিয়াই থৈ পুৱা সেই পানী খালে শৰীৰত ছুগাৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাসমূহ দূৰ কৰে। লগতে ছালত ব্ৰণ আৰু দাগ পৰাৰ পৰা সকাহ দিয়ে, নিয়মিতভাৱে এই পানী ব্যৱহাৰে ছালখন পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰে। আনহাতে মেথি গুটিৰ পানী স্বাস্থ্য আৰু সৌন্দৰ্য্য দুয়োটাৰে বাবে অতি উপকাৰী।

১. চুলিৰ বৃদ্ধিত সহায় কৰে-
চুলিৰ স্বাস্থ্য আৰু ইয়াৰ বৃদ্ধিৰ বাবে মেথি গুটিৰ পানী গুৰুত্বপূৰ্ণ। মেথিৰ গুটিৰ পৰা উলিওৱা উপকাৰী পদাৰ্থ যেন-প্ৰটিন, নিকোটিনিক এচিড আৰু লাইচিনে চুলিৰ শিপাৰ বৃদ্ধি আৰু শক্তিশালী কৰাত সহায় কৰে। চুলিত থকা প্ৰটিনৰ অভাৱ পূৰণ কৰি এই পানীয়ে চুলি সৰা আৰু চুলি ফটা সমস্যা দূৰ কৰে। মেথি গুটিত থকা এন্টিঅক্সিডেন্ট আৰু জিংকে চুলিৰ গুৰিৰ পৰা শক্তিশালী কৰে আৰু সুস্থ কৰি ৰখাত সহায় কৰে। সেয়েহে মেথিৰ গুটিৰ পানী নিয়মীয়াকৈ সেৱন কৰা বা ইয়াৰ প্ৰত্যক্ষভাৱে চুলিত প্ৰয়োগ কৰিলে চুলিৰ বৃদ্ধিত সহায়ক হয়।

২. উফি সমস্যা দূৰ কৰে-
মেথিৰ এন্টিফাংগেল গুণ আছে যিয়ে উফি আৰু মূৰৰ ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি আপুনি উফি সমস্যা ভুগি আছে, তেন্তে নিয়মীয়াকৈ মেথিৰ পানী ব্যৱহাৰ কৰাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে। মেথিৰ পানীয়ে উফি আঁতৰায় কাৰণ মেথিত ভেঁকুৰ প্ৰতিৰোধী আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ থাকে, যিয়ে উফি আৰু অন্যান্য সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। ইয়াৰ উপৰি মেথিৰ পানীয়ে খজুৱতি আৰু ফুলাও হ্ৰাস কৰে

৩. চুলি কোমল আৰু চিকচিকিয়া কৰে-
মেথিৰ পানীয়ে চুলিক কোমল আৰু চিকচিকিয়া কৰাত সহায় কৰে। মেথিৰ গুটিত প্ৰটিন, লিপিড আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিয়ে চুলিক  গুৰিৰ পৰা পুষ্টি প্ৰদান কৰে আৰু সুস্থ কৰি ৰাখে। নিয়মিতভাৱে মেথিৰ পানী ব্যৱহাৰ কৰিলে চুলি মজবুত হোৱাই নহয়, চুলিবোৰ অধিক চিকচিকিয়া আৰু ৰেচমী কৰি তোলে। ইয়াৰ উপৰি মেথিৰ পানীয়ে চুলিত আৰ্দ্ৰতা ধৰি ৰাখে, যাৰ ফলত চুলি শুকান হোৱাত বাধা প্ৰদান কৰে। ইয়াক পোনপটীয়াকৈ চুলিত ব্যৱহাৰ কৰিলে চুলি কোমল আৰু স্বাভাৱিকভাৱে চিকচিকিয়া হয়।

৪. ব্যৱহাৰ-
মেথি গুটি পানীত ৰাতি তিয়াই ৰাখিব। পুৱা এই পানী ভালদৰে চেকি চুলিত লগাব লাগে। প্ৰায় ৩০-৪০ মিনিটৰ পাছত স্বাভাৱিক পানীৰে চুলিখিনি ধুব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান