--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • টेंঘাটৰ তেল ইণ্ডিয়াৰ টাংক ফাৰ্মত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ স্বাধীন তথা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে সৰভাৰতীয় ট্রেড ইউনিয়ন কংগ্ৰেছে।

ডিব্ৰুগড় জিলাৰ টেংঘাটস্থিত অবিল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ আৰু স্বাধীন তদন্তৰ দাবী জনাইছে সৰভাৰতীয় ট্রেড ইউনিয়ন কংগ্ৰেছৰ (AITUC) অসম ৰাজ্যিক সমিতিয়ে। বিগত ৬ নৱেম্বৰত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত ছগৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল।

সংগঠনটোৰ ৰাজ্যিক সভাপতি মুনিন মহন্ত আৰু সাধাৰণ সম্পাদক ৰমেন দাসে প্ৰকাশ কৰা এক বিবৃতিত অইল ইণ্ডিয়াৰ উদ্যোগিক সুৰক্ষা ব্যৱস্থা, মেৰামতিৰ প্ৰক্ৰিয়া আৰু চুক্তিভিত্তিক শ্ৰমিকসকলৰ কৰ্ম পৰিস্থিতিৰ ওপৰত তীব্ৰ প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে চৰকাৰৰ তত্ত্বাৱধানত এক তদন্ত অনুষ্ঠিত কৰাৰ লগতে প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ দাবী জনায়। ইয়াৰোপৰি দায়িত্বত অৱহেলা বা সুৰক্ষা উলংঘাৰ লগত জড়িত বিষয়া আৰু ঠিকাদাৰসকলৰ বিৰুদ্ধে কঠোৰ আইনী তথা প্ৰশাসনিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।

AITUC-য়ে মৃত শ্ৰমিকসকলৰ পৰিয়াললৈ পৰ্যাপ্ত ক্ষতিপূৰণ আৰু প্ৰতিটো পৰিয়ালৰ এজন যোগ্য সদস্যক অইল ইণ্ডিয়াত স্থায়ী নিযুক্তি দিয়াৰ দাবী জনায়। লগতে আহত শ্ৰমিকজনৰ সম্পূৰ্ণ আৰোগ্য নোহোৱালৈকে তেওঁৰ চিকিৎসাৰ খৰচ বহন কৰা আৰু পুনৰসংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে প্ৰতিষ্ঠানটোক অনুৰোধ জনায়। ইয়াৰ বিনিময়ত বীমাৰ সুবিধা, ক্ষতিপূৰণ, মজুৰি, ভৱিষ্যনিধি আৰু অন্যান্য আইনগত প্ৰাপ্যসমূহ সময়মতে আদায় দিয়াৰ দাবীও উত্থাপন কৰা হয়।

অসমত থকা অইল ইণ্ডিয়াৰ প্ৰতিটো প্ৰতিষ্ঠানতে এক সাবিদ্যা সুৰক্ষা পৰীক্ষা (safety audit) চলোৱাৰ বাবেও দাবী জনাইছে ট্রেড ইউনিয়নখনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী