--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তপা হ’বলৈ সকলোৱে ভয় কৰে। তপা হোৱা মানেই সৌন্দৰ্যৰ হানি হোৱা বুলি অনুভৱ কৰে বহু লোকে। কম বয়সতে চুলি সৰিলে বয়সো বৃদ্ধি হোৱা যেন লাগে। সেয়ে সকলোৱে তপা হোৱাৰ পৰা বাচিবলৈ চায়। বিশেষকৈ ‘তপা আংকল’ বুলি যিটো অভিধা লগাই দিয়ে সেই কথা ভাবিলেই বহুতৰে বুকু কঁপি উঠে।

শেহতীয়াকৈ পঞ্জাৱৰ পৰা এক ঘটনা পোহৰলৈ আহিছে, যি ঘটনাৰ কথা শুনি বহু লোকেই ভাবিবলৈ বাধ্য হৈছে যে হওক দে তপা হৈ থকাই ভাল। 

পঞ্জাৱৰ সংগ্ৰুৰত এক শিবিৰৰ আয়োজন কৰা হৈছিল, যত দাবী কৰা হৈছিল যে এক চমৎকাৰী ঔষধে চুলি সৰা বন্ধ কৰি নতুন চুলি গজাই তুলিব। কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ মূৰত ডাঠ চুলি গজিব বুলি দাবী কৰা হৈছিল। কিন্তু ঘটিল তাৰ ওলোটা। এই কথা শুনি তালৈ শ শ লোক আহিছিল। বৰ হেঁপাহেৰে ঔষধ ক্ৰয় কৰি গ্ৰাহকসকল ঘৰলৈ আহিল। কিন্তু এই ঔষধটো মূৰত লগোৱাৰ লগে লগে মানুহৰ চকু জ্বলা-পোৰা কৰিবলৈ ধৰিলে। বহু লোকেই চকুৰে ধোঁৱা-কোঁৱা দেখিলে। বহুতৰে চকু বৰলে কামোৰাৰ দৰে ফুলি উঠিল।

অলপ সময়ৰ ভিতৰতে পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে বহু সংখ্যক লোক চিকিৎসালয়ত উপস্থিত হ’ল আৰু কিছুমানে ব্যক্তিগত ক্লিনিকতো চিকিৎসা ল’বলগীয়া হ’ল।

এই শিবিৰটোৰ বিষয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰচাৰ কৰা হৈছিল। সেয়ে তালৈ চুলি সৰা সমস্যাত ভুগি থকা শ শ মানুহ আহিছিল। চুলিৰ সমস্যা দূৰ কৰিবলৈ গৈ মানুহে গোটাই ল’লে চকুৰ সমস্যা।  

এতিয়া এই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ড০ অমনদীপ সিং আৰু তাজিন্দৰ পালৰ বিৰুদ্ধে সংগ্ৰুৰ থানাত এফআইআৰ ৰুজু কৰা হৈছে। গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতাৰে কৰাৰ লগতে শিবিৰ স্থাপন কৰাসকলক দমন কৰাৰ বাবেও প্ৰশাসনে প্ৰস্তুতি চলাইছে।

দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা