--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তপা হ’বলৈ সকলোৱে ভয় কৰে। তপা হোৱা মানেই সৌন্দৰ্যৰ হানি হোৱা বুলি অনুভৱ কৰে বহু লোকে। কম বয়সতে চুলি সৰিলে বয়সো বৃদ্ধি হোৱা যেন লাগে। সেয়ে সকলোৱে তপা হোৱাৰ পৰা বাচিবলৈ চায়। বিশেষকৈ ‘তপা আংকল’ বুলি যিটো অভিধা লগাই দিয়ে সেই কথা ভাবিলেই বহুতৰে বুকু কঁপি উঠে।

শেহতীয়াকৈ পঞ্জাৱৰ পৰা এক ঘটনা পোহৰলৈ আহিছে, যি ঘটনাৰ কথা শুনি বহু লোকেই ভাবিবলৈ বাধ্য হৈছে যে হওক দে তপা হৈ থকাই ভাল। 

পঞ্জাৱৰ সংগ্ৰুৰত এক শিবিৰৰ আয়োজন কৰা হৈছিল, যত দাবী কৰা হৈছিল যে এক চমৎকাৰী ঔষধে চুলি সৰা বন্ধ কৰি নতুন চুলি গজাই তুলিব। কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ মূৰত ডাঠ চুলি গজিব বুলি দাবী কৰা হৈছিল। কিন্তু ঘটিল তাৰ ওলোটা। এই কথা শুনি তালৈ শ শ লোক আহিছিল। বৰ হেঁপাহেৰে ঔষধ ক্ৰয় কৰি গ্ৰাহকসকল ঘৰলৈ আহিল। কিন্তু এই ঔষধটো মূৰত লগোৱাৰ লগে লগে মানুহৰ চকু জ্বলা-পোৰা কৰিবলৈ ধৰিলে। বহু লোকেই চকুৰে ধোঁৱা-কোঁৱা দেখিলে। বহুতৰে চকু বৰলে কামোৰাৰ দৰে ফুলি উঠিল।

অলপ সময়ৰ ভিতৰতে পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে বহু সংখ্যক লোক চিকিৎসালয়ত উপস্থিত হ’ল আৰু কিছুমানে ব্যক্তিগত ক্লিনিকতো চিকিৎসা ল’বলগীয়া হ’ল।

এই শিবিৰটোৰ বিষয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰচাৰ কৰা হৈছিল। সেয়ে তালৈ চুলি সৰা সমস্যাত ভুগি থকা শ শ মানুহ আহিছিল। চুলিৰ সমস্যা দূৰ কৰিবলৈ গৈ মানুহে গোটাই ল’লে চকুৰ সমস্যা।  

এতিয়া এই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ড০ অমনদীপ সিং আৰু তাজিন্দৰ পালৰ বিৰুদ্ধে সংগ্ৰুৰ থানাত এফআইআৰ ৰুজু কৰা হৈছে। গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতাৰে কৰাৰ লগতে শিবিৰ স্থাপন কৰাসকলক দমন কৰাৰ বাবেও প্ৰশাসনে প্ৰস্তুতি চলাইছে।

দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন