--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ তিনি মাহৰ পিছত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক হ’ব । কিন্তু  ব্ৰিটেইনৰ ৰাণী কেমিলাই পুনৰ যাতে কোনো বিতৰ্ক নহয় সেই বিষয়কলৈ সতৰ্ক হৈছে৷ চাৰ্লছৰ ৰাজ্যাভিষেক অনুষ্ঠানত কেমিলাই তেওঁৰ ককাকৰ দেউতাক পঞ্চম জৰ্জৰ পত্নী কুইন কনচৰ্ট মেৰী অফ টেকে পিন্ধা বিশেষ মুকুটটো পিন্ধিবলৈ সিদ্ধান্ত লৈছে।

 এই বিশেষ মুকুটটোতে জিলমিলাই আছে বিশ্ববিখ্যাত কোহিনুৰ হীৰা৷  কিন্তু কেমিলাই সেই মুকুটৰ পৰা বিতৰ্কিত কহিনুৰ হীৰা আঁতৰাই থৈহে মুকুটটো পিন্ধিবলৈ বিচাৰিছে। বাকিংহাম পেলেছৰ সূত্ৰই জনোৱা মতে ৰাণীয়ে ৰাজঅভিষেক অনুষ্ঠাত পুনৰ কোহিনুৰ হীৰাকলৈ   কোনো বিতৰ্ক হোৱাটো নিবিচাৰে।ব্ৰিটিছে ভাৰতৰ পৰা লৈ যোৱা কোহিনুৰ হীৰাকলৈ নানান সময়ত নানান ৰণৰ বিতৰ্কৰ সৃষ্টি হৈ আহিছে৷ 

ভাৰতে সেই মহা মূল্যৱান হীৰাখণ্ড ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ হাতৰ পৰা ওভতাই বিচাৰি আছে যদিও ৰাজপৰিয়ালে ভাৰতৰ হাতত সেই হীৰা গটাই দিয়া নাই৷   সেয়ে অতীতৰে পৰা  বহুবাৰ মূল্যৱান হীৰাবিধকলৈ বিতৰ্ক হৈ আছে। ১৯১১ চনত ৰজা পঞ্চম জৰ্জৰ ৰাজ্যাভিষেক অনুষ্ঠানত কহিনুৰৰ হীৰাখচিত মুকুট তেওঁৰ পত্নী ৰাণী কনচৰ্ট মেৰীয়ে পিন্ধিছিল। পিছত ৰাণী দ্বিতীয় এলিজাবেথৰ মাকেও সেই হীৰা পিন্ধিছিল।

বাকিংহাম পেলেচ কৰ্তৃপক্ষই কৈছে যে টাৱাৰ অৱ লণ্ডনত ৰখা ঐতিহাসিক হীৰা খচিত মুকুটটোৰ পৰা ৰাণীৰ ইচ্ছানুসৰি কোহিনুৰ হীৰা আঁতৰ কৰা হ’ব৷   কহিনুৰৰ পৰিৱৰ্তে মুকুটটোত কলিনান ৩, ৪ আৰু ৫ হীৰা লগোৱা  হ'ব।প্ৰয়াত  ৰাণী দ্বিতীয় এলিজাবেথেও  কেতিয়াবা এনে  ধৰণৰ হীৰা পিন্ধিছিল। ইয়াৰ বাহিৰেও মুকুটটোত আৰু কিছু পৰিৱৰ্তন কৰা হ'ব। অৱশ্যে, মুকুটৰ পৰা কহিনুৰ হীৰা  ক'ত আঁতৰ কৰা হ'ব সেয়া কোৱা হোৱা নাই।

ৰাণীৰ  দৰে ৰজা তৃতীয় চাৰ্লছৰ মুকুটটোও সলনি কৰা হৈছে। ৰাজঅভিষেকত চাৰ্লছক ছেইণ্ট এডৱাৰ্ডৰ মুকুট পিন্ধোৱা হ'ব। সেই মুকুটটো  ইতিমধ্যে মেৰামতি কৰা হৈছে আৰু লণ্ডনৰ টাৱাৰত ৰখা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী