--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ তিনি মাহৰ পিছত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক হ’ব । কিন্তু  ব্ৰিটেইনৰ ৰাণী কেমিলাই পুনৰ যাতে কোনো বিতৰ্ক নহয় সেই বিষয়কলৈ সতৰ্ক হৈছে৷ চাৰ্লছৰ ৰাজ্যাভিষেক অনুষ্ঠানত কেমিলাই তেওঁৰ ককাকৰ দেউতাক পঞ্চম জৰ্জৰ পত্নী কুইন কনচৰ্ট মেৰী অফ টেকে পিন্ধা বিশেষ মুকুটটো পিন্ধিবলৈ সিদ্ধান্ত লৈছে।

 এই বিশেষ মুকুটটোতে জিলমিলাই আছে বিশ্ববিখ্যাত কোহিনুৰ হীৰা৷  কিন্তু কেমিলাই সেই মুকুটৰ পৰা বিতৰ্কিত কহিনুৰ হীৰা আঁতৰাই থৈহে মুকুটটো পিন্ধিবলৈ বিচাৰিছে। বাকিংহাম পেলেছৰ সূত্ৰই জনোৱা মতে ৰাণীয়ে ৰাজঅভিষেক অনুষ্ঠাত পুনৰ কোহিনুৰ হীৰাকলৈ   কোনো বিতৰ্ক হোৱাটো নিবিচাৰে।ব্ৰিটিছে ভাৰতৰ পৰা লৈ যোৱা কোহিনুৰ হীৰাকলৈ নানান সময়ত নানান ৰণৰ বিতৰ্কৰ সৃষ্টি হৈ আহিছে৷ 

ভাৰতে সেই মহা মূল্যৱান হীৰাখণ্ড ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ হাতৰ পৰা ওভতাই বিচাৰি আছে যদিও ৰাজপৰিয়ালে ভাৰতৰ হাতত সেই হীৰা গটাই দিয়া নাই৷   সেয়ে অতীতৰে পৰা  বহুবাৰ মূল্যৱান হীৰাবিধকলৈ বিতৰ্ক হৈ আছে। ১৯১১ চনত ৰজা পঞ্চম জৰ্জৰ ৰাজ্যাভিষেক অনুষ্ঠানত কহিনুৰৰ হীৰাখচিত মুকুট তেওঁৰ পত্নী ৰাণী কনচৰ্ট মেৰীয়ে পিন্ধিছিল। পিছত ৰাণী দ্বিতীয় এলিজাবেথৰ মাকেও সেই হীৰা পিন্ধিছিল।

বাকিংহাম পেলেচ কৰ্তৃপক্ষই কৈছে যে টাৱাৰ অৱ লণ্ডনত ৰখা ঐতিহাসিক হীৰা খচিত মুকুটটোৰ পৰা ৰাণীৰ ইচ্ছানুসৰি কোহিনুৰ হীৰা আঁতৰ কৰা হ’ব৷   কহিনুৰৰ পৰিৱৰ্তে মুকুটটোত কলিনান ৩, ৪ আৰু ৫ হীৰা লগোৱা  হ'ব।প্ৰয়াত  ৰাণী দ্বিতীয় এলিজাবেথেও  কেতিয়াবা এনে  ধৰণৰ হীৰা পিন্ধিছিল। ইয়াৰ বাহিৰেও মুকুটটোত আৰু কিছু পৰিৱৰ্তন কৰা হ'ব। অৱশ্যে, মুকুটৰ পৰা কহিনুৰ হীৰা  ক'ত আঁতৰ কৰা হ'ব সেয়া কোৱা হোৱা নাই।

ৰাণীৰ  দৰে ৰজা তৃতীয় চাৰ্লছৰ মুকুটটোও সলনি কৰা হৈছে। ৰাজঅভিষেকত চাৰ্লছক ছেইণ্ট এডৱাৰ্ডৰ মুকুট পিন্ধোৱা হ'ব। সেই মুকুটটো  ইতিমধ্যে মেৰামতি কৰা হৈছে আৰু লণ্ডনৰ টাৱাৰত ৰখা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ