--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে বন্য জীৱ-জন্তু সংৰক্ষণৰ বাবে কঠোৰভাৱে আইন প্ৰণয়ন কৰা হৈছে। এনে আইনসমূহৰ জৰিয়তে বন্য প্ৰাণীৰ, বিশেষকৈ ক্ৰমাৎ লুপ্ত হৈ যাব বিচৰা জীৱ-জন্তুসমূহৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু এনে আইনসমূহ উলংঘা কৰি এতিয়াও চলি আছে বন্য জীৱ-জন্তুৰ অবৈধ সৰবৰাহ। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো এনেদৰে অবৈধভাৱে সৰবৰাহ কৰা জীৱ-জন্তুৰ এক বৃহৎ ক'লা বজাৰ গঢ় লৈ উঠিছে। বনজ প্ৰাণী সমূহৰ এনে অবৈধ সৰবৰাহে চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক। বন্য প্ৰাণীৰ এনে অবৈধ সৰবৰাহত জড়িত হৈ থাইলেণ্ডত গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে দুগৰাকী ভাৰতীয় মহিলা।

সোমবাৰে বেংককৰ সুৱৰ্ণভূমি বিমানবন্দৰত দুগৰাকী ভাৰতীয় মহিলাক তেওঁলোকৰ লাগেজত ১০৯ টা জীৱিত জন্তু চোৰাংকৈ কঢ়িয়াই নিয়াৰ অভিযোগত বিমানবন্দৰ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে। থাইলেণ্ডৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী আৰু উদ্ভিদ সংৰক্ষণ বিভাগে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে বিমানবন্দৰত এক্স-ৰে পৰিদৰ্শনৰ সময়ত মহিলা দুগৰাকীৰ দুটা চুটকেচৰ ভিতৰত জন্তুবোৰ আৱিষ্কাৰ কৰা হৈছিল। 

এক্স-ৰে পৰীক্ষণত চুটকেচৰ ভিতৰত জন্তুবোৰৰ উপস্থিতি ধৰা পৰাৰ লগে লগে কৰ্তৃপক্ষই চুটকেচ দুটা মুকলি কৰে আৰু ভিতৰত দুটা বগা কেটেলাপহু, দুটা আৰ্মাডিলো, ৩৫ টা কাছ, ৫০ টা তেজপিয়া আৰু ২০ টা সাপ উদ্ধাৰ কৰে।  দুগৰাকী মহিলাক লগে লগে গ্ৰেপ্তাৰ কৰা হয় আৰু ২০১৯ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা আইন, ২০১৫ চনৰ পশু ৰোগ আইন আৰু ২০১৭ চনৰ শুল্ক আইন উলংঘা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়।

চুটকেচকেইটা কঢ়িয়াই নিয়া মহিলা দুগৰাকীক থাইলেণ্ড কৰ্তৃপক্ষই ভাৰতীয় বুলি চিনাক্ত কৰিছে। মহিলা দুগৰাকীৰ নাম ক্ৰমে নিথ্যা ৰাজা আৰু জাকিয়া চুলতানা ইব্ৰাহিম জানিবলৈ দিছে থাইলেণ্ডৰ কৰ্তৃপক্ষই। দুয়োগৰিকী মহিলা চেন্নাই অভিমুখী বিমানত ভ্ৰমণ কৰাৰ উদ্দেশ্যে বিমানবন্দৰত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে।  

উল্লেখ্য যে থাইলেণ্ডত বিমানবন্দৰৰ জৰিয়তে পশু সৰবৰাহ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি এক চিন্তনীয় সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। ২০১৯ চনত বেংককৰ পৰা চেন্নাইত উপস্থিত হোৱা এজন লোকৰ লাগেজত এটা এমহীয়া নাহৰফুটুকী পোৱালী উদ্ধাৰ কৰাৰ পাছত বিমানবন্দৰত আটক কৰা হৈছিল।

শেহতীয়াকৈ যোৱা মাহত চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক কৰ্তৃপক্ষই ক্ৰমাগতভাৱে দুটা দিনত থাইলেণ্ডৰ পৰা বন্য জন্তু সৰবৰাহৰ দুটা ঘটনা ধৰা পেলাইছিল। শুল্ক কৰ্তৃপক্ষই বেংককৰ পৰা চেন্নাই বিমানবন্দৰত উপস্থিত হোৱা এজন যাত্ৰীৰ লাগেজৰ পৰা এটা এলবিনো প্ৰজাতিৰ কেটেলাপহু আৰু এটা তামাৰিন প্ৰজাতিৰ বান্দৰ উদ্ধাৰ কৰিছিল। 

কিছুদিন পূৰ্বে ট্ৰেফিক (TRAFFIC) নামৰ এটা বন্যপ্ৰাণী বাণিজ্য নিৰীক্ষণ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত ২০১১ ৰ পৰা ২০২০ চনৰ ভিতৰত ১৮ টা ভাৰতীয় বিমানবন্দৰত ১৪০ টা এনে বন্য জন্তুৰ অবৈধ সৰবৰাহৰ ঘটনাত ৭০,০০০ তকৈও অধিক স্থানীয় আৰু বিদেশী বন্য জন্তু জব্দ কৰা হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি