--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ত বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে বন্য জীৱ-জন্তু সংৰক্ষণৰ বাবে কঠোৰভাৱে আইন প্ৰণয়ন কৰা হৈছে। এনে আইনসমূহৰ জৰিয়তে বন্য প্ৰাণীৰ, বিশেষকৈ ক্ৰমাৎ লুপ্ত হৈ যাব বিচৰা জীৱ-জন্তুসমূহৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু এনে আইনসমূহ উলংঘা কৰি এতিয়াও চলি আছে বন্য জীৱ-জন্তুৰ অবৈধ সৰবৰাহ। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো এনেদৰে অবৈধভাৱে সৰবৰাহ কৰা জীৱ-জন্তুৰ এক বৃহৎ ক'লা বজাৰ গঢ় লৈ উঠিছে। বনজ প্ৰাণী সমূহৰ এনে অবৈধ সৰবৰাহে চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক। বন্য প্ৰাণীৰ এনে অবৈধ সৰবৰাহত জড়িত হৈ থাইলেণ্ডত গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে দুগৰাকী ভাৰতীয় মহিলা।

সোমবাৰে বেংককৰ সুৱৰ্ণভূমি বিমানবন্দৰত দুগৰাকী ভাৰতীয় মহিলাক তেওঁলোকৰ লাগেজত ১০৯ টা জীৱিত জন্তু চোৰাংকৈ কঢ়িয়াই নিয়াৰ অভিযোগত বিমানবন্দৰ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে। থাইলেণ্ডৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী আৰু উদ্ভিদ সংৰক্ষণ বিভাগে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে বিমানবন্দৰত এক্স-ৰে পৰিদৰ্শনৰ সময়ত মহিলা দুগৰাকীৰ দুটা চুটকেচৰ ভিতৰত জন্তুবোৰ আৱিষ্কাৰ কৰা হৈছিল। 

এক্স-ৰে পৰীক্ষণত চুটকেচৰ ভিতৰত জন্তুবোৰৰ উপস্থিতি ধৰা পৰাৰ লগে লগে কৰ্তৃপক্ষই চুটকেচ দুটা মুকলি কৰে আৰু ভিতৰত দুটা বগা কেটেলাপহু, দুটা আৰ্মাডিলো, ৩৫ টা কাছ, ৫০ টা তেজপিয়া আৰু ২০ টা সাপ উদ্ধাৰ কৰে।  দুগৰাকী মহিলাক লগে লগে গ্ৰেপ্তাৰ কৰা হয় আৰু ২০১৯ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা আইন, ২০১৫ চনৰ পশু ৰোগ আইন আৰু ২০১৭ চনৰ শুল্ক আইন উলংঘা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়।

চুটকেচকেইটা কঢ়িয়াই নিয়া মহিলা দুগৰাকীক থাইলেণ্ড কৰ্তৃপক্ষই ভাৰতীয় বুলি চিনাক্ত কৰিছে। মহিলা দুগৰাকীৰ নাম ক্ৰমে নিথ্যা ৰাজা আৰু জাকিয়া চুলতানা ইব্ৰাহিম জানিবলৈ দিছে থাইলেণ্ডৰ কৰ্তৃপক্ষই। দুয়োগৰিকী মহিলা চেন্নাই অভিমুখী বিমানত ভ্ৰমণ কৰাৰ উদ্দেশ্যে বিমানবন্দৰত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে।  

উল্লেখ্য যে থাইলেণ্ডত বিমানবন্দৰৰ জৰিয়তে পশু সৰবৰাহ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি এক চিন্তনীয় সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। ২০১৯ চনত বেংককৰ পৰা চেন্নাইত উপস্থিত হোৱা এজন লোকৰ লাগেজত এটা এমহীয়া নাহৰফুটুকী পোৱালী উদ্ধাৰ কৰাৰ পাছত বিমানবন্দৰত আটক কৰা হৈছিল।

শেহতীয়াকৈ যোৱা মাহত চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক কৰ্তৃপক্ষই ক্ৰমাগতভাৱে দুটা দিনত থাইলেণ্ডৰ পৰা বন্য জন্তু সৰবৰাহৰ দুটা ঘটনা ধৰা পেলাইছিল। শুল্ক কৰ্তৃপক্ষই বেংককৰ পৰা চেন্নাই বিমানবন্দৰত উপস্থিত হোৱা এজন যাত্ৰীৰ লাগেজৰ পৰা এটা এলবিনো প্ৰজাতিৰ কেটেলাপহু আৰু এটা তামাৰিন প্ৰজাতিৰ বান্দৰ উদ্ধাৰ কৰিছিল। 

কিছুদিন পূৰ্বে ট্ৰেফিক (TRAFFIC) নামৰ এটা বন্যপ্ৰাণী বাণিজ্য নিৰীক্ষণ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত ২০১১ ৰ পৰা ২০২০ চনৰ ভিতৰত ১৮ টা ভাৰতীয় বিমানবন্দৰত ১৪০ টা এনে বন্য জন্তুৰ অবৈধ সৰবৰাহৰ ঘটনাত ৭০,০০০ তকৈও অধিক স্থানীয় আৰু বিদেশী বন্য জন্তু জব্দ কৰা হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ