--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৯৮৬ চনৰ ৩০ জুনত মিজো নেচনেল ফ্ৰণ্ট আৰু ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে মিজোৰামৰ নাগৰিকসকলে একত্ৰিত হৈ প্ৰতি বছৰে ৩০ জুনত ‘ৰেমনা নি’ উদযাপন কৰে।
ৰেমনা নিৰ ইতিহাস:
মিজোৰামক আজি ভাৰতবৰ্ষৰ অন্যতম শান্তিপূৰ্ণ ৰাজ্য বুলি ক’ব পাৰি, কিন্তু পূৰ্বে মিজোৰামত এই পৰিবেশ কেতিয়াও নাছিল।১৯৫৯ চনৰ  সময়ত অসমৰ অংশ হৈ থকা মিজো পাহাৰৰ লোক সকলে এক ভয়াৱহ  দুৰ্ভিক্ষৰ সন্মুখীন হৈছিল, যাক মিজো শব্দ মৌতম  নামেৰে জনা গৈছিল। সংকটৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰিত অসন্তুষ্ট হৈ মিজো সাংস্কৃতিক সমিতিখনে নিজকে মিজো ৰাষ্ট্ৰীয় দুৰ্ভিক্ষ ফ্ৰণ্টলৈ পৰিণত কৰে ।১৯৬১ চনৰ অক্টোবৰ মাহত এই ফ্ৰণ্টটোৱে নিজৰ নামৰ পৰা ‘আকাল’ তথা 'দুৰ্ভিক্ষ'  শব্দটো আতৰাই   মিজো নেচনেল ফ্ৰণ্ট (MNF) নামেৰে নামাকৰণ কৰে, যাৰ লক্ষ্য আছিল বৃহত্তৰ মিজোৰামত সাৰ্বভৌম স্বাধীনতা প্ৰদান কৰা । যাৰ ফলত মিজো পাহাৰত ২০ বছৰ ধৰি বিদ্ৰোহৰ সৃষ্টি হৈছিল।শেষত ১৯৬৭ চনত ভাৰত চৰকাৰে এম এন এফক নিষিদ্ধ কৰে।১৯৭১ চনৰ মে’ মাহত মিজো জিলা পৰিষদৰ এটা প্ৰতিনিধি দলে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে সাক্ষাৎ কৰি মিজো জনসাধাৰণৰ বাবে পূৰ্ণাংগ ৰাষ্ট্ৰৰ দাবী জনায়।এই দাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে মিজো পাহাৰক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
অৱশেষত ১৯৮৬ চনৰ ৩০ জুনত এম এন এফ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়, যাৰ ফলত অঞ্চলটোত বিদ্ৰোহৰ অন্ত পৰে আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে ৩০ জুনত মিজোৰাম ৰাজ্যত ৰেমনা নি আঞ্চলিক ৰাজহুৱা বন্ধৰ দিন হিচাপে পালন কৰা হয়।চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে তেতিয়াৰ এম এন এফৰ সভাপতি লালডেংগা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা  মিজোৰাম ভাৰতৰ ২৩ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়। 
ৰেমনা নিৰ তাৎপৰ্য্য :
১৯৬৬ চনৰ পৰা ১৯৮৬ চনৰ ভিতৰত বিদ্ৰোহৰ দুটা দীঘলীয়া দশকত মিজো জনগোষ্ঠীয়ে কৰা সংগ্ৰাম আৰু ত্যাগৰ কথা মিজোৰামৰ জনসাধাৰণক সোঁৱৰাই দিবলৈ প্ৰতি বছৰে ৩০ জুনত ৰেমনা নি উদযাপন কৰা হয়।১৯৮৬ চনৰ ৩০ জুনত স্বাক্ষৰিত হোৱা মিজোৰাম শান্তি চুক্তিত এম এন এফে নিজৰ বন্দুক আৰু অন্যান্য সামগ্ৰী ভাৰত চৰকাৰক আত্মসমৰ্পণ কৰি পাহাৰত দুটা দশক ধৰি চলি থকা বিদ্ৰোহৰ অন্ত পেলায়।অঞ্চলটোত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনা এই ঐতিহাসিক চুক্তি উদযাপনৰ বাবে মিজোৰাম চৰকাৰে প্ৰতি বছৰে এই তাৰিখত ৰেমনা নি উদযাপন কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ