--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গান্ধী পৰিয়ালৰ নহ’লেও কংগ্ৰেছৰ ভাবী সভাপতিগৰাকীয়ে গান্ধী পৰিয়ালৰ মত অমান্য কৰিব নোৱাৰিব! কংগ্ৰেছৰ সভাপতি নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছতে এইদৰে মন্তব্য কৰিছে দলটোৰেই এগৰাকী জ্যেষ্ঠ নেতা পি চিডাম্বৰমে।

“কোনেও কোৱা নাই যে গান্ধী পৰিয়ালৰ কণ্ঠ ৰুদ্ধ কৰা হ’ব।”- এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত চিডাম্বৰমে এইদৰে কয়- “নতুন সভাপতিগৰাকীয়ে কংগ্ৰেছ ৱৰ্কিং কমিটি, সংসদীয় সমিতি আৰু দলৰ দৃষ্টিভংগীও শুনিব লাগিব।”

উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক চিডাম্বৰমে ভূয়সী প্ৰশংসা কৰিছিল। ইয়াক ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ এক প্ৰস্তুতি বুলি অভিহিত কৰিছিল। 

কংগ্ৰেছৰ নিৰ্বাচনটোক লৈ বিৰোধী পক্ষৰ ফালৰ পৰা তাচ্ছিল্য কৰা হৈ আহিছে। কোৱা হৈছে নতুন সভাপতিজনেও গান্ধী পৰিয়ালৰ ৰিম’ট কণ্ট্ৰ’লত কাম কৰিব লাগিব।

কিন্তু চিডাম্বৰমে ইয়াক নস্যাৎ কৰে। “এইটো এটা মাত্ৰ ধাৰণা।”- চিডাম্বৰমে কয়।

চিডাম্বৰমে কয় যে নতুন সভাপতিগৰাকীৰ প্ৰথম কাম হ’ব দলৰ মাজত সংহতি অনা, নিৰ্বাচনসমূহ সূচাৰুৰূপে অনুষ্ঠিত কৰা আৰু দলীয় বাহিনীসমূহ গঠন কৰা।

উল্লেখযোগ্য যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেৰ দৰে জ্যেষ্ঠ নেতাই অংশ লৈছে। ইতিমধ্যে ভোটগ্ৰহণ সম্পন্ন হৈ গৈছে আৰু ১৯ অক্টোবৰত ইয়াৰ ফলাফল লাভ কৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু