--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ড নহয়, এইবাৰ  ডাৱৰ বিস্ফোৰণে জলপ্ৰলয়ৰ সৃষ্টি কৰিলে অৰুণাচলত। অৰুণাচলৰ ৰাজধানী ইটানগৰত  কোনোদিন নেদেখা অকল্পনীয় দৃশ্যৰ সাক্ষী হল চহৰখনৰ বাসিন্দাসকল। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানে বিধস্ত কৰি পেলাইছে ইটানগৰৰ জনজীৱন। 

পানীয়ে যে এনে  কালৰূপ ধাৰন কৰিব পাৰে ভাবিবই পৰা নাছিল ইটানগৰবাসীয়ে । আচম্বিতে অহা ভয়াৱহ কৃত্ৰিম বানে এফালৰ পৰা মষিমূৰ কৰি পেলালে ইটানগৰৰ সৌন্দৰ্য । কেইটামান ঘণ্টাৰ বাবে যেন ইটানগৰ পৰিণত হল  সমুদ্ৰলৈ । মূহুৰ্তৰ ভিতৰতে উটুৱাই লৈ গল ঘৰ ,  বাহন ইত্যাদি ।

 এতিয়া ইটানগৰৰ চৌদিশে বিভীষিকাময় পৰিবেশে বিৰাজ কৰিছে । হঠাতে অহা পানীৰ ছলে খহাই পেলাইছে  ৰাজপথ ।  মূহুৰ্ততে ধ্বংস  হল বহুতৰ কষ্টেৰে নিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠান । এতিয়া ইটানগৰত  মাথো আৰ্তজনৰ উচুপনি । বানে উটুৱাই নিলে বহু পৰিয়ালৰ সন্তানৰ পঢ়াৰ সকলো সামগ্ৰী । কেতিয়া ঘূৰি আহিব সুস্থিৰ পৰিবেশ তাকে ভাবি এতিয়া সময় অতিবাহিত কৰিছে ইটানগৰবাসীয়ে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল