ডিজিটেল ডেস্কঃ এগৰাকী কইনাৰ উঠিছে প্ৰচণ্ড খং। বিয়াৰ দিনা কইনাই হাঁহি-মাতি থাকে বা নিজৰ জন্মৰ ঘৰখন এৰি যোৱাৰ দুখত মনে মনে চকুলোও টুকে। কিন্তু বিয়াৰ দিনা খঙাল কইনা দেখিছেনে কোনোবাই? যদি দেখা নাই আমি আজি দেখুৱাম আপোনাক। কইনাগৰাকীৰ খং কিয় উঠিছে জানেনে? দৰা সময়তকৈ অলপ দেৰিকৈ উপস্থিত হোৱা বাবে কইনাৰ উঠে প্ৰচণ্ড খং। কইনাৰ ইমানেই বেছি খং উঠে যে তেওঁ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি সকলোৰে আগত দৰাৰ ওপৰত খং-ক্ষোভ উজাৰে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিয়াৰ ভিডিঅ'। বিয়াখন কোন ঠাইৰ বা দৰা-কইনাৰ পৰিচয় কি সেয়া জানিব পৰা হোৱা নাই যদিও ছ'চিয়েল মিডিয়াত ভিডিঅ'টো তীব্ৰগতিত ভাইৰেল হৈ আছে।
ভিডিঅ'টোত দেখা অনুসৰি দৰা অহাত অলপ পলম হয় আৰু সেই কথাত কইনা অতিষ্ঠ হৈ পৰে। কইনাৰ আচৰণ দেখি দৰাৰো উঠে খং। দৰা-কইনা বিবাহ অনুষ্ঠানৰ মঞ্চত উঠি আছিল। বিয়াৰ ৰীতি অনুসৰি দৰাই কইনাক মিঠাই খুৱাবলৈ চেষ্টা কৰে কিন্তু কইনাই দৰাৰ হাতৰ পৰা মিঠাইটো কাঢ়ি দূৰলৈ দলিয়াই দিয়ে। কইনাৰ এই কাণ্ড দেখি দৰাৰো উঠে খং।