--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী কইনাৰ উঠিছে প্ৰচণ্ড খং। বিয়াৰ দিনা কইনাই হাঁহি-মাতি থাকে বা নিজৰ জন্মৰ ঘৰখন এৰি যোৱাৰ দুখত মনে মনে চকুলোও টুকে। কিন্তু বিয়াৰ দিনা খঙাল কইনা দেখিছেনে কোনোবাই? যদি দেখা নাই আমি আজি দেখুৱাম আপোনাক। কইনাগৰাকীৰ খং কিয় উঠিছে জানেনে? দৰা সময়তকৈ অলপ দেৰিকৈ উপস্থিত হোৱা বাবে কইনাৰ উঠে প্ৰচণ্ড খং। কইনাৰ ইমানেই বেছি খং উঠে যে তেওঁ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি সকলোৰে আগত দৰাৰ ওপৰত খং-ক্ষোভ উজাৰে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিয়াৰ ভিডিঅ'। বিয়াখন কোন ঠাইৰ বা দৰা-কইনাৰ পৰিচয় কি সেয়া জানিব পৰা হোৱা নাই যদিও ছ'চিয়েল মিডিয়াত ভিডিঅ'টো তীব্ৰগতিত ভাইৰেল হৈ আছে। ভিডিঅ'টোত দেখা অনুসৰি দৰা অহাত অলপ পলম হয় আৰু সেই কথাত কইনা অতিষ্ঠ হৈ পৰে। কইনাৰ আচৰণ দেখি দৰাৰো উঠে খং। দৰা-কইনা বিবাহ অনুষ্ঠানৰ মঞ্চত উঠি আছিল। বিয়াৰ ৰীতি অনুসৰি দৰাই কইনাক মিঠাই খুৱাবলৈ চেষ্টা কৰে কিন্তু কইনাই দৰাৰ হাতৰ পৰা মিঠাইটো কাঢ়ি দূৰলৈ দলিয়াই দিয়ে। কইনাৰ এই কাণ্ড দেখি দৰাৰো উঠে খং।

চাওঁক ভিডিঅ'

https://youtu.be/7OOvIeV60pg এইবাৰ কইনাই মুখখন ফুলাই দৰাক পানী খুৱাবলৈ লয় কিন্তু দৰাই পানী খাবলৈ অস্বীকাৰ কৰে। এইবাৰ কইনাৰ আৰু বেছিকৈ খং উঠি পানীৰ গিলাচটো দূৰলৈ দলি মাৰি দিয়ে। ভিডিঅ'টোৱে এতিয়া ছ'চিয়েল মিডিয়াত বিশেষ স্থান দখল কৰিছে। ভিডিঅ'টো প্ৰথমে 'weddlingcouplepageandindianweddingpage' নামৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰা হৈছিল। ভিডিঅ'টোই চাই নেটিজেনসকলে বৰ আমোদ পাইছে আৰু ভিন্ন ইমজিৰ সৈতে ভিডিঅ'টোত নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু পঢ়কঃ ৫৩ বছৰ বয়সত মাতৃয়ে কৰিলে দ্বিতীয় বিবাহ; পুত্ৰই গৌৰৱেৰে ক’লে-‘মোৰ মা যুঁজাৰু’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন