--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পুত্ৰই নিজ মাতৃৰ দ্বিতীয় বিবাহৰ ফটো গৌৰৱেৰে শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এই ফটো আৰু পুত্ৰই লিখা কথাখিনি ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। মাতৃৰ ৫৩ বছৰ বয়সত বিয়া পতাৰ ফটো শ্বেয়াৰ কৰি সংগ্ৰামৰ কথাও উল্লেখ কৰিলে পুত্ৰই। জিমিট গান্ধী নামৰ এজন যুৱকে মাতৃৰ দ্বিতীয় বিবাহৰ কইনা সাজৰ ফটো শ্বেয়াৰ কৰি গৌৰৱেৰে তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী লিখে।   জিমিট গান্ধীয়ে লিখিছিল ''মোৰ মায়ে মাত্ৰ ৪৪ বছৰ বয়সত তেওঁৰ স্বামীক হেৰুৱাইছিল আৰু তেওঁৰ পুত্ৰ বাহিৰত বাস কৰিছিল। মোৰ মা ভাৰতত অকলে বাস কৰিছিল। জীৱনৰ কঠিন পৰিস্থিতিৰ সৈতে যুঁজি থাকোঁতে ২০১৯ চনত তেওঁ ব্ৰেষ্ট কেন্সাৰত আক্ৰান্ত হয়, তাকো তৃতীয়টো ষ্টেজত সেই কথা ধৰা পৰে। ২ টা বছৰ ধৰি বহু কেম’থেৰাপী, ৰে থেৰাপীৰ অন্তত কৰ'নাৰ ডেল্টা ভেৰিয়েণ্টতো তেওঁ আক্ৰান্ত হয়। ইয়াৰ পাছত মোৰ মা ডিপ্ৰেছনৰ দৰে মানসিক ৰোগতো ভুগিছিল কিন্তু ইমান বেয়া পৰিস্থিতিৰ স্বত্বেও তেওঁ কেতিয়াও কাৰো ওচৰত অভিযোগ কৰা নাছিল আৰু কেতিয়াও আশা হেৰুওৱা নাছিল। মোৰ মায়ে ৫২ বছৰ বয়সত পুনৰ নিজৰ প্ৰেম বিচাৰি পাইছিল আৰু ৫৩ বছৰ বয়সত পুনৰ বিবাহপাশত আৱদ্ধ হয়। মোৰ মায়ে ভাৰতীয় সমাজ ব্যৱস্থাত চলি থকা প্ৰচলিত নীতি-নিয়ম ভঙাৰ সাহস দেখুৱাইছিল। মোৰ মা এগৰাকী যুঁজাৰু হয়।’’   জিমিট গান্ধীয়ে লগতে কয় যে ''যি সকলৰ পৰিয়ালত অকলশৰীয়া পিতৃ-মাতৃ আছে সেইসকলক তেওঁৰ সংগী বিচাৰি উলিওৱা সিদ্ধান্তক সমৰ্থন আগবঢ়াওক। প্ৰেম আৰু মানসিক স্বাস্থ্যতকৈ ডাঙৰ একো নহয়।’’ আৰু পঢ়কঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰণদ্বীপ হুদা, অস্ত্ৰোপ্ৰচাৰ সম্পন্ন

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান