--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পুত্ৰই নিজ মাতৃৰ দ্বিতীয় বিবাহৰ ফটো গৌৰৱেৰে শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এই ফটো আৰু পুত্ৰই লিখা কথাখিনি ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। মাতৃৰ ৫৩ বছৰ বয়সত বিয়া পতাৰ ফটো শ্বেয়াৰ কৰি সংগ্ৰামৰ কথাও উল্লেখ কৰিলে পুত্ৰই। জিমিট গান্ধী নামৰ এজন যুৱকে মাতৃৰ দ্বিতীয় বিবাহৰ কইনা সাজৰ ফটো শ্বেয়াৰ কৰি গৌৰৱেৰে তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী লিখে।   জিমিট গান্ধীয়ে লিখিছিল ''মোৰ মায়ে মাত্ৰ ৪৪ বছৰ বয়সত তেওঁৰ স্বামীক হেৰুৱাইছিল আৰু তেওঁৰ পুত্ৰ বাহিৰত বাস কৰিছিল। মোৰ মা ভাৰতত অকলে বাস কৰিছিল। জীৱনৰ কঠিন পৰিস্থিতিৰ সৈতে যুঁজি থাকোঁতে ২০১৯ চনত তেওঁ ব্ৰেষ্ট কেন্সাৰত আক্ৰান্ত হয়, তাকো তৃতীয়টো ষ্টেজত সেই কথা ধৰা পৰে। ২ টা বছৰ ধৰি বহু কেম’থেৰাপী, ৰে থেৰাপীৰ অন্তত কৰ'নাৰ ডেল্টা ভেৰিয়েণ্টতো তেওঁ আক্ৰান্ত হয়। ইয়াৰ পাছত মোৰ মা ডিপ্ৰেছনৰ দৰে মানসিক ৰোগতো ভুগিছিল কিন্তু ইমান বেয়া পৰিস্থিতিৰ স্বত্বেও তেওঁ কেতিয়াও কাৰো ওচৰত অভিযোগ কৰা নাছিল আৰু কেতিয়াও আশা হেৰুওৱা নাছিল। মোৰ মায়ে ৫২ বছৰ বয়সত পুনৰ নিজৰ প্ৰেম বিচাৰি পাইছিল আৰু ৫৩ বছৰ বয়সত পুনৰ বিবাহপাশত আৱদ্ধ হয়। মোৰ মায়ে ভাৰতীয় সমাজ ব্যৱস্থাত চলি থকা প্ৰচলিত নীতি-নিয়ম ভঙাৰ সাহস দেখুৱাইছিল। মোৰ মা এগৰাকী যুঁজাৰু হয়।’’   জিমিট গান্ধীয়ে লগতে কয় যে ''যি সকলৰ পৰিয়ালত অকলশৰীয়া পিতৃ-মাতৃ আছে সেইসকলক তেওঁৰ সংগী বিচাৰি উলিওৱা সিদ্ধান্তক সমৰ্থন আগবঢ়াওক। প্ৰেম আৰু মানসিক স্বাস্থ্যতকৈ ডাঙৰ একো নহয়।’’ আৰু পঢ়কঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰণদ্বীপ হুদা, অস্ত্ৰোপ্ৰচাৰ সম্পন্ন

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন