--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ জলগাঁও চহৰত এখন বিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিয়াখনক লৈ চৰ্চা হোৱাৰ কাৰণটো হ’ল দৰাৰ উচ্চতা ৩ ফুট আৰু কইনাৰ উচ্চতা ২.৫ফুট। এই যোৰা দেখি সকলোৰে মুখৰ পৰা মাঁথো এটাই শব্দই বাহিৰ হৈছে– 'ৰব নে বানা দি জড়ী'। দৰাৰ নাম সন্দীপ আৰু কইনাৰ নাম উজ্জ্বলা। সন্দীপৰ জীৱন উজলাবলৈয়ে যেন আগমন ঘটিল উজ্জ্বলাৰ। সন্দীপৰ কোনো ভাই-ভনী নাই। তেওঁৰ পিতৃ-মাতৃৰ উচ্চতা স্বাভাৱিক। আনহাতে উজ্জ্বলাৰ তিনিগৰাকী ভগ্নী আৰু এজন ভাতৃ আছে। মাক-দেউতাকৰ লগতে তেওঁৰ ভাতৃ-ভগ্নীৰো উচ্চতা স্বাভাৱিক। উজ্জ্বলা আৰু সন্দীপৰ পৰিয়াল দুয়োৰে বিবাহক লৈ বৰ চিন্তিত হৈ পৰিছিল। কম উচ্চতাৰ বাবে দুয়োৰে বিয়া হোৱা নাছিল।

কিন্তু কোৱা হয় যে বিবাহৰ বান্ধোন ওপৰতে নিৰ্ণয় কৰি থোৱা থাকে। সন্দীপ আৰু উজ্জ্বলাক দেখি মানুহৰ সেই বিশ্বাস যেন আৰু দৃঢ় হ’ল। সন্দীপে দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছে। তেওঁ এখন সোণৰ দোকানত কাম কৰে। উজ্জ্বলাক জীৱনসংগী কৰিবলৈ পায় সন্দীপৰ হিয়া উলাহে নধৰা হৈছে। সুখে-দুখে দুয়ো একেলগে থাকিম বুলি হোমৰ জুইক সাক্ষী কৰি প্ৰতিশ্ৰুতিবদ্ধ হয়। 

সন্দীপ আৰু উজ্জ্বলাৰ বিয়াখন পাতি দি অতি সুখী হৈ পৰিছে দুয়োটা পৰিয়াল। কাৰণ পৰিয়াল দুটা সদায় তেওঁলোকৰ ভৱিষ্যতক লৈ বৰ চিন্তিত আছিল। এতিয়া দুয়োৰে ঘৰখন পাতি দিবলৈ পাই সুখী হৈ পৰিছে সন্দীপ-উজ্জ্বলাৰ পৰিয়াল। পৰিয়াল দুটাই ভগৱানক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সন্দীপ-উজ্জ্বলাৰ বৈবাহিক জীৱন মধুৰ হ'বৰ বাবে গাঁওবাসীয়ে আশীৰ্বাদ আৰু শুভকামনা জ্ঞাপন কৰিছে। হৰ-গৌৰী বসতি হ'বলৈ গাঁওখনৰ বৃদ্ধসকলে দুয়োকে দিলে আশীৰ্বাদ। সকলোৰে আশীৰ্বাদ-শুভকামনা শিৰত লৈ এতিয়া যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে সন্দীপ আৰু উজ্জ্বলা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ