--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ জলগাঁও চহৰত এখন বিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিয়াখনক লৈ চৰ্চা হোৱাৰ কাৰণটো হ’ল দৰাৰ উচ্চতা ৩ ফুট আৰু কইনাৰ উচ্চতা ২.৫ফুট। এই যোৰা দেখি সকলোৰে মুখৰ পৰা মাঁথো এটাই শব্দই বাহিৰ হৈছে– 'ৰব নে বানা দি জড়ী'। দৰাৰ নাম সন্দীপ আৰু কইনাৰ নাম উজ্জ্বলা। সন্দীপৰ জীৱন উজলাবলৈয়ে যেন আগমন ঘটিল উজ্জ্বলাৰ। সন্দীপৰ কোনো ভাই-ভনী নাই। তেওঁৰ পিতৃ-মাতৃৰ উচ্চতা স্বাভাৱিক। আনহাতে উজ্জ্বলাৰ তিনিগৰাকী ভগ্নী আৰু এজন ভাতৃ আছে। মাক-দেউতাকৰ লগতে তেওঁৰ ভাতৃ-ভগ্নীৰো উচ্চতা স্বাভাৱিক। উজ্জ্বলা আৰু সন্দীপৰ পৰিয়াল দুয়োৰে বিবাহক লৈ বৰ চিন্তিত হৈ পৰিছিল। কম উচ্চতাৰ বাবে দুয়োৰে বিয়া হোৱা নাছিল।

কিন্তু কোৱা হয় যে বিবাহৰ বান্ধোন ওপৰতে নিৰ্ণয় কৰি থোৱা থাকে। সন্দীপ আৰু উজ্জ্বলাক দেখি মানুহৰ সেই বিশ্বাস যেন আৰু দৃঢ় হ’ল। সন্দীপে দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছে। তেওঁ এখন সোণৰ দোকানত কাম কৰে। উজ্জ্বলাক জীৱনসংগী কৰিবলৈ পায় সন্দীপৰ হিয়া উলাহে নধৰা হৈছে। সুখে-দুখে দুয়ো একেলগে থাকিম বুলি হোমৰ জুইক সাক্ষী কৰি প্ৰতিশ্ৰুতিবদ্ধ হয়। 

সন্দীপ আৰু উজ্জ্বলাৰ বিয়াখন পাতি দি অতি সুখী হৈ পৰিছে দুয়োটা পৰিয়াল। কাৰণ পৰিয়াল দুটা সদায় তেওঁলোকৰ ভৱিষ্যতক লৈ বৰ চিন্তিত আছিল। এতিয়া দুয়োৰে ঘৰখন পাতি দিবলৈ পাই সুখী হৈ পৰিছে সন্দীপ-উজ্জ্বলাৰ পৰিয়াল। পৰিয়াল দুটাই ভগৱানক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সন্দীপ-উজ্জ্বলাৰ বৈবাহিক জীৱন মধুৰ হ'বৰ বাবে গাঁওবাসীয়ে আশীৰ্বাদ আৰু শুভকামনা জ্ঞাপন কৰিছে। হৰ-গৌৰী বসতি হ'বলৈ গাঁওখনৰ বৃদ্ধসকলে দুয়োকে দিলে আশীৰ্বাদ। সকলোৰে আশীৰ্বাদ-শুভকামনা শিৰত লৈ এতিয়া যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে সন্দীপ আৰু উজ্জ্বলা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত