--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নয়ডা মেট্ৰ’ ষ্টেচনত অনুৰাগীৰ সৈতে জন্মদিন উদযাপনৰ পাছতগ্ৰেপ্তাৰ হ'ল ইউটিউবাৰ গৌৰৱ তানেজা।জনপ্ৰিয় ইউটিউবাৰ গৌৰৱ তানেজাৰ ৩৬ সংখ্যক জন্মদিন উদযাপনৰ বাবে মেট্ৰ’ ষ্টেচনত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰাৰ পাছতে গ্ৰেপ্তাৰ হয় ইউটিউবাৰগৰাকী।

আই আই টি খৰাগপুৰৰ অভিযন্তা তথা পাইলট তনেজাই ‘ফ্লাইং বিষ্ট’ নামেৰে এটা ইউটিউব চেনেল চলাই আছে। তেওঁ নয়ডাৰ ছেক্টৰ ৫১ মেট্ৰ’ ষ্টেচনত জন্মদিন উদযাপনৰ পৰিকল্পনা কৰিছিল আৰু ইনষ্টাগ্ৰামত এখন আমন্ত্ৰণ পত্ৰ পোষ্ট কৰি ষ্টেচনত ফ’ল’ৱাৰসকলক একত্ৰিত হ’বলৈ কৈছিল।

পোষ্টটোৰ পিছতে হাজাৰ হাজাৰ অনুৰাগীয়ে মেট্ৰ’ ষ্টেচনত উপস্থিত হৈ প্ৰায় অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰে। ভাৰতীয় দণ্ডবিধিৰ অধীনত ভুল সংযম আৰু অবাধ্যতাৰ বাবে তানেজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

এনএমআৰচিৰ এজন বিষয়াৰ মতে, তনেজাই দলটোৰ বাবে বুকিং কৰিবলৈ অনুৰোধ কৰিছিল। এজন আৰক্ষী বিষয়াই কয় যে তেওঁ হয়তো ছ’চিয়েল মিডিয়াত এটা মেছেজ দিছিল যাৰ বাবে তেওঁৰ অনুগামীসকলৰ ইমান বিপুল সংখ্যক অনুষ্ঠানত সমবেত হৈছিল।

আৰক্ষী বিষয়াজনে কয় , "বিয়লি প্ৰায় ৩.৩০ বজাত মেট্ৰ' ষ্টেচনৰ বাহিৰত বৃহৎ সমাৱেশ হৈছিল আৰু ইয়াৰ বাবে কোনো অনুমতি লোৱা হোৱা নাছিল। নয়ডাৰ ৫১ মেট্ৰ' ষ্টেচনৰ বাহিৰৰ পথত ব্যাপক জাম হোৱাৰ ফলত যাতায়তৰ বাবে অসুবিধা হৈছিল।"

ইনষ্টাগ্ৰামত ১৬ লাখৰো অধিক ফ’ল’ৱাৰ থকা তনেজাৰ পত্নী ৰিতু তনেজাই কয় তেওঁ স্বামীৰ জন্মদিনৰ বাবে এখন সম্পূৰ্ণ মেট্ৰ’ বুকিং কৰিছিল। যাৰ ফলত ব্যাপক যাতায়তৰ জাম সৃষ্টি হয়‌ আৰু বহুতৰে অসুবিধা হয়। পৰিস্থিতিৰ বুজ লৈ আৰক্ষীয়ে তানেজাক আটক কৰে। ইতিমধ্যে কোভিড পৰিস্থিতিৰ অংশ হিচাপে অঞ্চলটোত ১৪৪ ধাৰা বলবৎ আছিল।

গৌৰৱ তানেজাৰ ইউটিউব চেনেল ফ্লাইং বিষ্টৰ ৭৫ লাখৰো অধিক চাবস্ক্ৰাইবাৰ আছে আৰু তেওঁ বিভিন্ন  বিষয়ত ভ্লগিং কৰে। তেওঁ হৈছে এজন প্ৰমাণিত পুষ্টিবিদ, এজন পেছাদাৰী বডি বিল্ডাৰ আৰু এজন বিমানচালক । তেওঁ ১৩ বছৰৰ পৰা স্বাস্থ্য আৰু ফিটনেছ উদ্যোগৰ প্ৰতি আকৰ্ষিত  আৰু আই আই টি খাৰাগপুৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে

শেহতীয়াকৈ ষ্টাৰ প্লাছৰ শ্ব’ স্মাৰ্ট জোড়িৰ সৈতে জড়িত আছিল গৌৰৱ আৰু ঋতু। গৌৰৱৰ ইনষ্টাগ্ৰামত ৩৩ লাখ ফ’ল’ৱাৰ হোৱাৰ বিপৰীতে ৰিতুৰ ৰাথেৰ আছে ১৬ লাখ ফ’ল’ৱাৰ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন