--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ছপৰাৰ এখন বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই বিয়াখনৰ দৰাৰ উচ্চতা ৪২ ইঞ্চি আৰু কইনাৰ উচ্চতা ৪৭ ইঞ্চি। মাধৌৰা গড় দেৱী মন্দিৰ চৌহদত হিন্দু ৰীতি-নীতি অনুসৰি পৰিয়ালৰ লোকৰ পাৰস্পৰিক সন্মতি সাপেক্ষে বিবাহ সম্পন্ন হয় দুয়োৰে। এই বিয়াখনত উপস্থিত থকা সকলোৱে কৈছে 'ৰব নে বনা দি জোড়ী'। 

দৰা-কইনাৰ পৰিয়ালৰ লোকে জনোৱা মতে, দৰা ৰোহিত আৰু কইনা নেহাৰ উচ্চতা কম হোৱাৰ বাবে দুয়োৰে পৰিয়াল তেওঁলোকৰ পৰিয়াল বিবাহক লৈ চিন্তিত হৈ পৰিছিল। তেওঁলোকে জীৱনসংগী বিচাৰি পোৱা নাছিল। কিন্তু ভগৱানে সকলোৰে যোৰা বনাই ৰাখে। ৰোহিতে নিজৰ কইনা ৰূপে লাভ কৰিলে নেহাক। দুয়োৰে বিয়া হোৱাৰ পাছত দুয়োৰে পৰিয়াল চিন্তামুক্ত হৈ পৰিছে।

তথ্য অনুসৰি সাৰণ জিলাৰ মাধৌৰা থানা এলেকাৰ তেজপুৰুৱা পঞ্চায়তৰ লেৰুৱা গাঁৱৰ নিবাসী সত্যেন্দ্ৰ সিঙৰ প্ৰায় ৪২ ইঞ্চি উচ্চতাৰ পুত্ৰই খাবছি গাঁৱৰ নিবাসী শুভনাৰায়ণ প্ৰসাদৰ প্ৰায় ৪৭ ইঞ্চি উচ্চতাৰ কন্যা নেহাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত দৰা-কইনা দুয়োৰে পৰিয়াল বৰ সুখী হৈ পৰিল। 

দুয়োপক্ষৰ লোকে নৱবিবাহিত দম্পতীক আশীৰ্বাদ কৰি সুখী জীৱনৰ কামনা কৰিছে। দৰা ৰোহিতে কেতিয়াও নিজৰ নিম্ন উচ্চতাক নিজৰ দুৰ্বলতা হ’বলৈ নিদিলে, ৰোহিতে পঢ়া-শুনা কৰি কম্পাউণ্ডাৰৰ কাম শিকি নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সক্ষম হ'ল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস