--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ছপৰাৰ এখন বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই বিয়াখনৰ দৰাৰ উচ্চতা ৪২ ইঞ্চি আৰু কইনাৰ উচ্চতা ৪৭ ইঞ্চি। মাধৌৰা গড় দেৱী মন্দিৰ চৌহদত হিন্দু ৰীতি-নীতি অনুসৰি পৰিয়ালৰ লোকৰ পাৰস্পৰিক সন্মতি সাপেক্ষে বিবাহ সম্পন্ন হয় দুয়োৰে। এই বিয়াখনত উপস্থিত থকা সকলোৱে কৈছে 'ৰব নে বনা দি জোড়ী'। 

দৰা-কইনাৰ পৰিয়ালৰ লোকে জনোৱা মতে, দৰা ৰোহিত আৰু কইনা নেহাৰ উচ্চতা কম হোৱাৰ বাবে দুয়োৰে পৰিয়াল তেওঁলোকৰ পৰিয়াল বিবাহক লৈ চিন্তিত হৈ পৰিছিল। তেওঁলোকে জীৱনসংগী বিচাৰি পোৱা নাছিল। কিন্তু ভগৱানে সকলোৰে যোৰা বনাই ৰাখে। ৰোহিতে নিজৰ কইনা ৰূপে লাভ কৰিলে নেহাক। দুয়োৰে বিয়া হোৱাৰ পাছত দুয়োৰে পৰিয়াল চিন্তামুক্ত হৈ পৰিছে।

তথ্য অনুসৰি সাৰণ জিলাৰ মাধৌৰা থানা এলেকাৰ তেজপুৰুৱা পঞ্চায়তৰ লেৰুৱা গাঁৱৰ নিবাসী সত্যেন্দ্ৰ সিঙৰ প্ৰায় ৪২ ইঞ্চি উচ্চতাৰ পুত্ৰই খাবছি গাঁৱৰ নিবাসী শুভনাৰায়ণ প্ৰসাদৰ প্ৰায় ৪৭ ইঞ্চি উচ্চতাৰ কন্যা নেহাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত দৰা-কইনা দুয়োৰে পৰিয়াল বৰ সুখী হৈ পৰিল। 

দুয়োপক্ষৰ লোকে নৱবিবাহিত দম্পতীক আশীৰ্বাদ কৰি সুখী জীৱনৰ কামনা কৰিছে। দৰা ৰোহিতে কেতিয়াও নিজৰ নিম্ন উচ্চতাক নিজৰ দুৰ্বলতা হ’বলৈ নিদিলে, ৰোহিতে পঢ়া-শুনা কৰি কম্পাউণ্ডাৰৰ কাম শিকি নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সক্ষম হ'ল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক