--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া হত্যাৰ ঘটনা বৃদ্ধি পাইছে। হত্যাৰ পিছত মৃতদেহ টুকুৰাটুকৰকৈ কাটি পেলোৱাৰ ঘটনাও বৃদ্ধি পাইছে। শেহতীয়াকৈ দাদৰা আৰু নগৰ হাভেলীৰ এজন ৫৩ বছৰীয়া লোকে  তেওঁৰ পত্নী আৰু ১৫ বছৰীয়া কন্যাক হত্যা কৰি কন্যাৰ মৃতদেহ টুকুৰা টুকুৰকৈ কটাৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে। 

আৰক্ষীয়ে ইতিমধ্যে  হত্যাৰ অভিযোগত লোকজনক  গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে,লোকজনে তেওঁৰ কন্যাৰ মৃতদেহটো ১০ টুকুৰাকৈ কাটি এটা খালত পেলাই দিছিল। তেওঁৰ পত্নীৰ মৃতদেহটো  এটা বস্তাৰ ভিতৰত পোৱা গৈছে।আৰক্ষীয়ে অভিযুক্তজনক যোগেশ মেহতা বুলি চিনাক্ত কৰিছে। মেহতা নগৰ হাভেলীৰ  চিলভাছাৰ ডকমাৰ্ডি অঞ্চলৰ বাসিন্দা। সূতাৰ ব্যৱসায়কৰা  মেহতাই তেওঁৰ পত্নী ৰেশ্মা (৪৩) আৰু ১৮ আৰু ১৫ বছৰ বয়সৰ দুগৰাকী কন্যাৰ সৈতে আছিল।


আৰক্ষীয়ে জনোৱা অনুসৰি মেহতাই কিবা কথাকলৈ হোৱা  তৰ্ক-বিতৰ্কৰ মাজতে তেওঁৰ পত্নী আৰু কন্যাক  হত্যা কৰে। অভিযোগ অনুসৰি তেওঁ চুৰি আৰু হাতুৰী ব্যৱহাৰ কৰি তেওঁৰ কন্যাৰ  শৰীৰটো ১০ টুকুৰাকৈ কাটিছিল আৰু দেহৰ অংশবোৰ খাল এটাকত পেলাই দিছিল। ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে অনুসন্ধান চলাই লোকজনৰ কন্যাৰ শৰীৰৰ কিছু অংশ বিচাৰি পায়। 

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে  মেহতাৰ ঘৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে তেওঁলোকে আৰক্ষীক  অভিযোগ দিছিল। ইয়াৰ পিছতে ওলাই পৰে হত্যাকাণ্ডটোৰ কথা।  আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) আৰু ২০১ ধাৰাৰ অধীনত (অপৰাধৰ প্ৰমাণ নোহোৱা কৰা) গোচৰ ৰুজু কৰিছে  আৰু মেহতাক সোধা-পোছা আৰম্ভ কৰিছে। । জেৰাৰ সময়তমেহতাই  হত্যাৰ কথা স্বীকাৰ কৰিছে। , 

চিলভাচা আৰক্ষীৰ মতে, মেহতাই  তেওঁৰ পত্নীক আক্ৰমণ কৰিছিল আৰু  হাতুৰিৰে আঘাত কৰিছিল। তেওঁৰ কনিষ্ঠ কন্যাই আক্ৰমণটো দেখিছিল আৰু তাইৰ মাকক বচাবলৈ গৈছিল। কিন্তু কন্যাকো  মেহতাই আক্ৰমণ কৰি হত্যা কৰিছিল। সেই নিশাই মেহতাই কন্যাৰ মৃতদেহটো ১০ টুকুৰাকৈ কাটি পেলাইছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান