--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া হত্যাৰ ঘটনা বৃদ্ধি পাইছে। হত্যাৰ পিছত মৃতদেহ টুকুৰাটুকৰকৈ কাটি পেলোৱাৰ ঘটনাও বৃদ্ধি পাইছে। শেহতীয়াকৈ দাদৰা আৰু নগৰ হাভেলীৰ এজন ৫৩ বছৰীয়া লোকে  তেওঁৰ পত্নী আৰু ১৫ বছৰীয়া কন্যাক হত্যা কৰি কন্যাৰ মৃতদেহ টুকুৰা টুকুৰকৈ কটাৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে। 

আৰক্ষীয়ে ইতিমধ্যে  হত্যাৰ অভিযোগত লোকজনক  গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে,লোকজনে তেওঁৰ কন্যাৰ মৃতদেহটো ১০ টুকুৰাকৈ কাটি এটা খালত পেলাই দিছিল। তেওঁৰ পত্নীৰ মৃতদেহটো  এটা বস্তাৰ ভিতৰত পোৱা গৈছে।আৰক্ষীয়ে অভিযুক্তজনক যোগেশ মেহতা বুলি চিনাক্ত কৰিছে। মেহতা নগৰ হাভেলীৰ  চিলভাছাৰ ডকমাৰ্ডি অঞ্চলৰ বাসিন্দা। সূতাৰ ব্যৱসায়কৰা  মেহতাই তেওঁৰ পত্নী ৰেশ্মা (৪৩) আৰু ১৮ আৰু ১৫ বছৰ বয়সৰ দুগৰাকী কন্যাৰ সৈতে আছিল।


আৰক্ষীয়ে জনোৱা অনুসৰি মেহতাই কিবা কথাকলৈ হোৱা  তৰ্ক-বিতৰ্কৰ মাজতে তেওঁৰ পত্নী আৰু কন্যাক  হত্যা কৰে। অভিযোগ অনুসৰি তেওঁ চুৰি আৰু হাতুৰী ব্যৱহাৰ কৰি তেওঁৰ কন্যাৰ  শৰীৰটো ১০ টুকুৰাকৈ কাটিছিল আৰু দেহৰ অংশবোৰ খাল এটাকত পেলাই দিছিল। ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে অনুসন্ধান চলাই লোকজনৰ কন্যাৰ শৰীৰৰ কিছু অংশ বিচাৰি পায়। 

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে  মেহতাৰ ঘৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে তেওঁলোকে আৰক্ষীক  অভিযোগ দিছিল। ইয়াৰ পিছতে ওলাই পৰে হত্যাকাণ্ডটোৰ কথা।  আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) আৰু ২০১ ধাৰাৰ অধীনত (অপৰাধৰ প্ৰমাণ নোহোৱা কৰা) গোচৰ ৰুজু কৰিছে  আৰু মেহতাক সোধা-পোছা আৰম্ভ কৰিছে। । জেৰাৰ সময়তমেহতাই  হত্যাৰ কথা স্বীকাৰ কৰিছে। , 

চিলভাচা আৰক্ষীৰ মতে, মেহতাই  তেওঁৰ পত্নীক আক্ৰমণ কৰিছিল আৰু  হাতুৰিৰে আঘাত কৰিছিল। তেওঁৰ কনিষ্ঠ কন্যাই আক্ৰমণটো দেখিছিল আৰু তাইৰ মাকক বচাবলৈ গৈছিল। কিন্তু কন্যাকো  মেহতাই আক্ৰমণ কৰি হত্যা কৰিছিল। সেই নিশাই মেহতাই কন্যাৰ মৃতদেহটো ১০ টুকুৰাকৈ কাটি পেলাইছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস