--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইন-প্ৰশাসনৰ গুৰুত্ব ৰখা মানুহখিনি যেতিয়া হৈ পৰে আইনৰ ভংগকাৰী তেতিয়া সমাজখন অধঃপতনৰ দিশে গতি কৰে৷শেহতীয়াকৈ ঠিক এনে এটা ঘটনাই পোহৰলৈ আহিছে৷ৰাজস্থানৰ জয়পুৰ-আজমেৰ ঘাইপথৰ এখন ৰেষ্টুৰেণ্টত হোৱা কাজিয়াত নিলম্বিত হোৱা পাঁচজন লোকৰ ভিতৰত ভাৰতীয় প্ৰশাসনিক সেৱাৰ এজন বিষয়া আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এজন বিষয়াও আছে বুলি জানিব পৰা গৈছে৷

দেওবাৰে গভীৰ নিশা সংঘটিত হোৱা এই কাজিয়াখন ৰেষ্টুৰেণ্টখনৰ চিচিটিভি কেমেৰাত বন্দী হয়। ভিজুৱেলবোৰত দেখা গৈছে যে ইজনে সিজনক আঘাত কৰি আছে আৰু শিলগুটি নিক্ষেপ কৰিছে।

বিশেষ কৰ্তব্যৰত বিষয়া (গংগাপুৰ চহৰ আৰক্ষী) হিচাপে নিযুক্তি দিয়া আই এ এছ বিষয়া তথা আজমেৰ উন্নয়ন প্ৰাধিকৰণৰ আয়ুক্ত গিৰিধৰ আৰু আই পি এছ বিষয়া সুশীল কুমাৰ বিষ্ণোইক নিলম্বন কৰা হৈছে।ৰাজস্থান আৰক্ষীয়ে বিতং তদন্ত চলাই থকাৰ সময়তে নিলম্বিত আন দুজন কনিষ্টবল আৰু আন দুজন চৰকাৰী কৰ্মচাৰী।তদুপৰি আৰক্ষী জোৱানক আৰক্ষী লাইনলৈ প্ৰেৰণ কৰা হৈছে।


স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আই পি এছ বিষয়াগৰাকীৰ নতুন পদবীৰ উদযাপনৰ বাবে আয়োজন কৰা বিদায় পাৰ্টিৰ পৰা উভতি আহিছিল বিষয়াসকল। বাথৰুম ব্যৱহাৰ কৰাৰ প্ৰয়োজনত ৰেষ্টুৰেণ্টৰ বাহিৰত ৰৈ গ’ল। যেতিয়া তেওঁলোকে কৰ্মচাৰীসকলক দৰ্জা খুলিবলৈ কয় তেতিয়াই কাজিয়া আৰম্ভ হয়। এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই পি এছ বিষয়াজনে ভেষ্ট পিন্ধি ঘূৰি ফুৰাৰ বাবে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী এজনক চৰ মাৰি দিয়াৰ অভিযোগত এই কাজিয়া আৰম্ভ হৈছিল।

ৰেষ্টুৰেণ্টৰ মালিকগৰাকীয়ে অভিযোগত অভিযোগ কৰিছে যে বিষয়াগৰাকীয়ে কিছুমান পুলিচৰ সৈতে উভতি আহি তেওঁলোকৰ কৰ্মচাৰীসকলক কোবাইছিল। ৰেষ্টুৰেণ্টৰ মালিকৰ অভিযোগৰ পিছতে ৫জন অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত পুলিচক আৰক্ষী লাইনলৈ প্ৰেৰণ কৰা হৈছে।ৰাজস্থানৰ আৰক্ষী অধীক্ষক উমেশ মিশ্ৰই এই সন্দৰ্ভত সতৰ্কতা বিভাগৰ তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে।কিন্তু আই পি এছ বিষয়া বিষ্ণোইৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰিছে বিষয়াগৰাকীয়ে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
ইজৰাইলৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত