--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানে বিগত সময়ত তেওঁৰ ছবি ‘লাল সিং চদ্দা’ৰ বাবে প্ৰচণ্ডভাৱে শিৰোনাম দখল কৰিছিল। মুক্তিৰ পূৰ্বে এই ছবিখনক লৈ বহু আলোচনা হৈছিল একে সময়তে ছবিখনৰ অৱস্থাক বিশ্বাস কৰিব পৰা নাই ছবি নিৰ্মাতাসকলে। ইফালে আমিৰ খানে নিজৰ কেৰিয়াৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে। আমিৰৰ এই সিদ্ধান্তক ‘লাল সিং চদ্দা’ৰ শোচনীয় অৱস্থাৰ সৈতে জড়িত কৰা হৈছে। আমিৰে সিদ্ধান্ত লৈছে যে তেওঁক আৰু ছবিত দেখা নাযায়। যদিও, এয়া কিছুদিনৰ বাবেহে কিন্তু তেওঁৰ এই ঘোষণাই অনুৰাগীৰ হৃদয় ভাঙি পেলাইছে।

আমিৰ খানে কিয় এই সিদ্ধান্ত ল’লে?
শেহতীয়াকৈ অভিনেতা আমিৰ খানে তেওঁৰ সাক্ষাৎকাৰত ঘোষণা কৰিছে যে তেওঁ কিছুদিন ছবিত অভিনয় নকৰে। ইয়াৰ আঁৰৰ কাৰণ তেওঁ নিজৰ ব্যক্তিগত জীৱনলৈ কৈছে। আমিৰে কয় যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে। কিন্তু বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ‘লাল সিং চদ্দা’ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

আমিৰ খানে কয়- ‘মই ছবি এখন কৰোতে অভিনেতা হিচাপে তাত হেৰাই যাওঁ... ইয়াৰ বাহিৰেও মই জীৱনত একো দেখা নাপাওঁ। গতিকে কিছুদিন ইয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছো। 'লাল সিং চদ্ধৰ পাছত চেম্পিয়ন' শীৰ্ষক এখন ছবিৰ কাম আৰম্ভ কৰাৰ কথা আছিল। এই ছবিখনৰ কাহিনী অতি উত্তম। হৃদয়স্পৰ্শী ছবি যদিও কিছু জিৰণি লোৱা উচিত বুলি ভাবো।

আমিৰে কৈছিল যে ‘মই মোৰ পৰিয়ালৰ সৈতে, মোৰ মা আৰু মোৰ সন্তানৰ সৈতে সময় কটাব বিচাৰো। মই অনুভৱ কৰোঁ যে মই যোৱা ৩৫ বছৰে কাম কৰি আছো আৰু কেৱল কামত মনোনিৱেশ কৰিছো... মই ভাবো এয়া মোৰ ওচৰৰ মানুহবোৰৰ বাবে ই ভাল নহয়। অহা ডেৰ বছৰলৈকে মই প্ৰথমবাৰৰ বাবে অভিনেতা হিচাপে কোনো কাম নকৰো'।

তেওঁৰ ‘লাল সিং চদ্ধা’ ছবিৰ পূৰ্বে ‘থাগছ অৱ হিন্দোস্তান’ ছবিখনো দৰ্শকে নাকচ কৰিছিল। ‘চেম্পিয়ন’ ছবিখনত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে যোগদান কৰিব আৰু কাজলৰ ছবি ‘ছালাম ভেংকি’ত অতিথি শিল্পী হিচাপে অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু