--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানে বিগত সময়ত তেওঁৰ ছবি ‘লাল সিং চদ্দা’ৰ বাবে প্ৰচণ্ডভাৱে শিৰোনাম দখল কৰিছিল। মুক্তিৰ পূৰ্বে এই ছবিখনক লৈ বহু আলোচনা হৈছিল একে সময়তে ছবিখনৰ অৱস্থাক বিশ্বাস কৰিব পৰা নাই ছবি নিৰ্মাতাসকলে। ইফালে আমিৰ খানে নিজৰ কেৰিয়াৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে। আমিৰৰ এই সিদ্ধান্তক ‘লাল সিং চদ্দা’ৰ শোচনীয় অৱস্থাৰ সৈতে জড়িত কৰা হৈছে। আমিৰে সিদ্ধান্ত লৈছে যে তেওঁক আৰু ছবিত দেখা নাযায়। যদিও, এয়া কিছুদিনৰ বাবেহে কিন্তু তেওঁৰ এই ঘোষণাই অনুৰাগীৰ হৃদয় ভাঙি পেলাইছে।

আমিৰ খানে কিয় এই সিদ্ধান্ত ল’লে?
শেহতীয়াকৈ অভিনেতা আমিৰ খানে তেওঁৰ সাক্ষাৎকাৰত ঘোষণা কৰিছে যে তেওঁ কিছুদিন ছবিত অভিনয় নকৰে। ইয়াৰ আঁৰৰ কাৰণ তেওঁ নিজৰ ব্যক্তিগত জীৱনলৈ কৈছে। আমিৰে কয় যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে। কিন্তু বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ‘লাল সিং চদ্দা’ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

আমিৰ খানে কয়- ‘মই ছবি এখন কৰোতে অভিনেতা হিচাপে তাত হেৰাই যাওঁ... ইয়াৰ বাহিৰেও মই জীৱনত একো দেখা নাপাওঁ। গতিকে কিছুদিন ইয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছো। 'লাল সিং চদ্ধৰ পাছত চেম্পিয়ন' শীৰ্ষক এখন ছবিৰ কাম আৰম্ভ কৰাৰ কথা আছিল। এই ছবিখনৰ কাহিনী অতি উত্তম। হৃদয়স্পৰ্শী ছবি যদিও কিছু জিৰণি লোৱা উচিত বুলি ভাবো।

আমিৰে কৈছিল যে ‘মই মোৰ পৰিয়ালৰ সৈতে, মোৰ মা আৰু মোৰ সন্তানৰ সৈতে সময় কটাব বিচাৰো। মই অনুভৱ কৰোঁ যে মই যোৱা ৩৫ বছৰে কাম কৰি আছো আৰু কেৱল কামত মনোনিৱেশ কৰিছো... মই ভাবো এয়া মোৰ ওচৰৰ মানুহবোৰৰ বাবে ই ভাল নহয়। অহা ডেৰ বছৰলৈকে মই প্ৰথমবাৰৰ বাবে অভিনেতা হিচাপে কোনো কাম নকৰো'।

তেওঁৰ ‘লাল সিং চদ্ধা’ ছবিৰ পূৰ্বে ‘থাগছ অৱ হিন্দোস্তান’ ছবিখনো দৰ্শকে নাকচ কৰিছিল। ‘চেম্পিয়ন’ ছবিখনত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে যোগদান কৰিব আৰু কাজলৰ ছবি ‘ছালাম ভেংকি’ত অতিথি শিল্পী হিচাপে অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক