--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাইনোচৰৰ যুগ কেতিয়াবাই শেষ হৈছে। বৰ্তমান ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে, সেই ভিডিঅ'টো দেখি এনে লাগে ক'ৰবাত যেন এতিয়াও ডাইনোচৰৰ অস্তিত্ব আছে! কানাডাৰ 'ফ্ৰেজাৰ' নদীত এটা বিশাল আকৃতিৰ 'ষ্টাৰজিঅন' মাছ ধৰা পৰিছে। 'ষ্টাৰজিঅন' মাছ দেখাত ডাইনোচৰৰ দৰে। বৰ্তমান এই বিৰল প্ৰজাতিৰ মাছৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ আছে। ব্ৰিটিছ কলম্বিয়াৰ য়েভছ বিছনে নামৰ এজন লোকে কানাডাৰ ফ্ৰেজাৰ নদীত মাছ ধৰিবলৈ গৈছিল আৰু তাত তেওঁ দৈত্যাকায় 'ষ্টাৰজিঅন' মাছটো দেখা পাইছিল। মাছটোৰ ওজন আছিল ২৫০ৰ পৰা ৩০০ কিলোগ্ৰামৰ ভিতৰত। ইয়াৰ দৈৰ্ঘ্য আছিল ১১ ফুট। এই বিশাল আকাৰৰ মাছটো য়েভেছ বিছনৰ জালত ধৰা পৰিছিল। জুৰাচিক যুগৰ এই মাছটোক 'ডাইনোচৰ মাছ' বুলিও কোৱা হয়।

চাওক ভিডিঅ'

https://twitter.com/rajbindas86/status/1504709840823717891?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1504709840823717891%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.sangbadsafar.com%2Fviral-video%2F250-kg-sturgeon-caught-in-canada-viral-video%2F এই ভাইৰেল ভিডিঅ'টোত, দেখা যায় যে তেওঁ বিশাল আকাৰৰ এই বিৰল মাছটো দেখি আচৰিত হৈছে। তেওঁৰ মতে ই হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মাছ। ৭০ ৰ পৰা ১০০ বছৰ বয়সৰ মাছটো ইমান ডাঙৰ যে ইয়াক 'জীৱিত ডাইনোচৰ' বুলিও কোৱা হয়। এই বিৰল মাছটোৰ জীৱনকাল বহুত দীঘল। প্ৰথমতে ভিডিঅ'টো ছ'চিয়েল মিডিয়া টিকটকত আপলোড কৰা হৈছিল, কিন্তু পিছত ভিডিঅ'টোৱে টুইটাৰৰ জৰিয়তে যথেষ্ট সঁহাৰি লাভ কৰে। এই ভিডিঅ'টো নেট পৃথিৱীত ভাইৰেল হৈ পৰিছে আৰু বহুলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিছে। নেটিজেনসকলে ইমান ডাঙৰ মাছ দেখি আচৰিত হৈছে। অৱশ্যে মাছটো ধৰা পৰাৰ লগে লগে পানীলৈ পুনৰ ঘূৰাই পঠোৱা হৈছিল। আৰু পঢ়কঃ পত্নীয়ে নাৰান্ধিলে ‘মাটন’,স্বামীয়ে গোটেই নিশা আৰক্ষীক কৰিলে হাৰাশাস্তি! তাৰপাছত? PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে