--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাইনোচৰৰ যুগ কেতিয়াবাই শেষ হৈছে। বৰ্তমান ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে, সেই ভিডিঅ'টো দেখি এনে লাগে ক'ৰবাত যেন এতিয়াও ডাইনোচৰৰ অস্তিত্ব আছে! কানাডাৰ 'ফ্ৰেজাৰ' নদীত এটা বিশাল আকৃতিৰ 'ষ্টাৰজিঅন' মাছ ধৰা পৰিছে। 'ষ্টাৰজিঅন' মাছ দেখাত ডাইনোচৰৰ দৰে। বৰ্তমান এই বিৰল প্ৰজাতিৰ মাছৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ আছে। ব্ৰিটিছ কলম্বিয়াৰ য়েভছ বিছনে নামৰ এজন লোকে কানাডাৰ ফ্ৰেজাৰ নদীত মাছ ধৰিবলৈ গৈছিল আৰু তাত তেওঁ দৈত্যাকায় 'ষ্টাৰজিঅন' মাছটো দেখা পাইছিল। মাছটোৰ ওজন আছিল ২৫০ৰ পৰা ৩০০ কিলোগ্ৰামৰ ভিতৰত। ইয়াৰ দৈৰ্ঘ্য আছিল ১১ ফুট। এই বিশাল আকাৰৰ মাছটো য়েভেছ বিছনৰ জালত ধৰা পৰিছিল। জুৰাচিক যুগৰ এই মাছটোক 'ডাইনোচৰ মাছ' বুলিও কোৱা হয়।

চাওক ভিডিঅ'

https://twitter.com/rajbindas86/status/1504709840823717891?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1504709840823717891%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.sangbadsafar.com%2Fviral-video%2F250-kg-sturgeon-caught-in-canada-viral-video%2F এই ভাইৰেল ভিডিঅ'টোত, দেখা যায় যে তেওঁ বিশাল আকাৰৰ এই বিৰল মাছটো দেখি আচৰিত হৈছে। তেওঁৰ মতে ই হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মাছ। ৭০ ৰ পৰা ১০০ বছৰ বয়সৰ মাছটো ইমান ডাঙৰ যে ইয়াক 'জীৱিত ডাইনোচৰ' বুলিও কোৱা হয়। এই বিৰল মাছটোৰ জীৱনকাল বহুত দীঘল। প্ৰথমতে ভিডিঅ'টো ছ'চিয়েল মিডিয়া টিকটকত আপলোড কৰা হৈছিল, কিন্তু পিছত ভিডিঅ'টোৱে টুইটাৰৰ জৰিয়তে যথেষ্ট সঁহাৰি লাভ কৰে। এই ভিডিঅ'টো নেট পৃথিৱীত ভাইৰেল হৈ পৰিছে আৰু বহুলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিছে। নেটিজেনসকলে ইমান ডাঙৰ মাছ দেখি আচৰিত হৈছে। অৱশ্যে মাছটো ধৰা পৰাৰ লগে লগে পানীলৈ পুনৰ ঘূৰাই পঠোৱা হৈছিল। আৰু পঢ়কঃ পত্নীয়ে নাৰান্ধিলে ‘মাটন’,স্বামীয়ে গোটেই নিশা আৰক্ষীক কৰিলে হাৰাশাস্তি! তাৰপাছত? PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক