--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯-এ। ইতিমধ্যে চহৰখনত সন্ত্ৰাসী ৰূপ ধাৰণ কৰা ক’ভিডৰ ফলত চীন চৰকাৰে ইখনৰ পাছত সিখন চহৰত লকডাউন জাৰি কৰিছে। দেওবাৰে, জিনপিঙৰ প্ৰশাসনে চীনৰ উত্তৰ-পূব অংশৰ কেইবাখনো চহৰত লকডাউন জাৰি কৰিছে। কিছুদিনৰ আগতে স্বাভাৱিক জীৱনৰ দিশে গতি কৰা দেশখনে এতিয়া পুনৰ ক’ভিডৰ কৱলত পৰাত সকলো দেশ চিন্তিত হৈ পৰিছে। জি জিনপিঙৰ চৰকাৰে কৰ’নাৰ বৰ্ধিত সংক্ৰমণ প্ৰতিৰোধ বহুতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ দেশখনে লকডাউন, কৰ’না পৰীক্ষা আৰু ভ্ৰমণৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই আছে। শেহতীয়াকৈ চীনৰ জিলিন চহৰত তিনিদিনীয়া লকডাউন জাৰি কৰা হৈছে। চহৰখনত মুঠ ৪.৫ নিযুত লোকে বাস কৰে। দেওবাৰে চীনত ৪,০০০ লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল। যাৰ বেছিভাগ এই জিলিন প্ৰদেশে সংক্ৰমিত হৈছে। উল্লেখ্য যে, এই অঞ্চলটো ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ সীমাত আছে। শনিবাৰৰ পৰা চাংচুন প্ৰদেশত কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে। অঞ্চলটোত ৯০ লাখ লোক বাস কৰে। নতুন নিয়ম অনুসৰি, আৱাসীসকলে দুদিনত এবাৰ খাদ্য ক্ৰয় কৰিবলৈ ওলাই যাব পাৰে। এই সময়ছোৱাত, কেৱল স্বাস্থ্যকৰ্মী, চিকিৎসক কৰ্মীয়েহে ঘৰৰ বাহিৰ হ’ব পাৰিব। চীনৰ এই বৰ্ধিত কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতো চিন্তিত হৈ পৰিছে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা