--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯-এ। ইতিমধ্যে চহৰখনত সন্ত্ৰাসী ৰূপ ধাৰণ কৰা ক’ভিডৰ ফলত চীন চৰকাৰে ইখনৰ পাছত সিখন চহৰত লকডাউন জাৰি কৰিছে। দেওবাৰে, জিনপিঙৰ প্ৰশাসনে চীনৰ উত্তৰ-পূব অংশৰ কেইবাখনো চহৰত লকডাউন জাৰি কৰিছে। কিছুদিনৰ আগতে স্বাভাৱিক জীৱনৰ দিশে গতি কৰা দেশখনে এতিয়া পুনৰ ক’ভিডৰ কৱলত পৰাত সকলো দেশ চিন্তিত হৈ পৰিছে। জি জিনপিঙৰ চৰকাৰে কৰ’নাৰ বৰ্ধিত সংক্ৰমণ প্ৰতিৰোধ বহুতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ দেশখনে লকডাউন, কৰ’না পৰীক্ষা আৰু ভ্ৰমণৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই আছে। শেহতীয়াকৈ চীনৰ জিলিন চহৰত তিনিদিনীয়া লকডাউন জাৰি কৰা হৈছে। চহৰখনত মুঠ ৪.৫ নিযুত লোকে বাস কৰে। দেওবাৰে চীনত ৪,০০০ লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল। যাৰ বেছিভাগ এই জিলিন প্ৰদেশে সংক্ৰমিত হৈছে। উল্লেখ্য যে, এই অঞ্চলটো ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ সীমাত আছে। শনিবাৰৰ পৰা চাংচুন প্ৰদেশত কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে। অঞ্চলটোত ৯০ লাখ লোক বাস কৰে। নতুন নিয়ম অনুসৰি, আৱাসীসকলে দুদিনত এবাৰ খাদ্য ক্ৰয় কৰিবলৈ ওলাই যাব পাৰে। এই সময়ছোৱাত, কেৱল স্বাস্থ্যকৰ্মী, চিকিৎসক কৰ্মীয়েহে ঘৰৰ বাহিৰ হ’ব পাৰিব। চীনৰ এই বৰ্ধিত কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতো চিন্তিত হৈ পৰিছে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক