--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ  ১ জুনৰ  পৰা সলনি হ’ল  ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত নিয়ম, আধাৰ কাৰ্ডৰ নিয়মো  ১ জুনৰ পৰাই সলনি হ’ল, একেদৰে  এল পি জি চিলিণ্ডাৰৰ দামো সংশোধন কৰা হ’ল।  ১ জুনৰ দিনাই দেশত অনুষ্ঠিত হৈছে  সাতটা পৰ্যায়ত চলি থকা লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। এই দিনটোতে বহু নিয়মৰ পৰিৱৰ্তন হৈছে, যাৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব। এল পি জি চিলিণ্ডাৰৰ দাম, আধাৰ কাৰ্ডৰ  নিয়ম আৰু ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত পৰিৱৰ্তন জুন মাহত দেখা গৈছে। একে সময়তে আৰ বি আইয়ে প্ৰকাশ কৰা বেংকৰ ছুটীৰ তালিকা অনুসৰি জুন মাহত ১০ দিনৰ বাবে বেংক বন্ধ থাকিব। ইয়াৰ ভিতৰত দেওবাৰ আৰু দ্বিতীয় তথা  চতুৰ্থ শনিবাৰ কেইটাও থাকিব। 

শেহতীয়াকৈ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰিছে। ২০২৪ চনৰ ১ জুনৰ পৰা আৰ টি অ’ৰ সলনি ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰত ড্ৰাইভিং টেষ্ট দিব পাৰিব। এই কেন্দ্ৰসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অনুমোদিত হ’ব।পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ভাৰতত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ বাবে নতুন নিয়ম ঘোষণা কৰিছে। এতিয়া ১ জুন ২০২৪-ৰ পৰা  মানুহে চৰকাৰী আঞ্চলিক পৰিবহন কাৰ্যালয়ৰ (আৰটিঅ') সলনি ব্যক্তিগত ড্ৰাইভিং বিদ্যালয়ত তেওঁলোকৰ ড্ৰাইভিং পৰীক্ষা দিব পাৰিব। এই ব্যক্তিগত বিদ্যালয়সমূহক ড্ৰাইভিং লাইচেঞ্চৰ বাবে প্ৰয়োজনীয় পৰীক্ষা দিবলৈ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ অনুমতি দিয়া হ'ব।

 ১ জুন ২০২৪-ৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব। চৰকাৰে লগতে ৯ লাখ খন  পুৰণি চৰকাৰী বাহন পথৰ পৰা আঁতৰাই প্ৰদূষণ হ্ৰাস কৰাৰো সিদ্ধান্ত লৈছে। নতুন নিয়ম অনুসৰি  যদি কোনো নাবালকে গাড়ী চলাই ধৰা পৰে  তেন্তে তেওঁৰ অভিভাৱকে  ২৫,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব । লগতে বাহনৰ গৰাকীৰ পঞ্জীয়ন বাতিল কৰা হ'ব আৰু নাবালকজনে ২৫  বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰ নাপাব। 
  
নতুন নিয়ম অনুসৰি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত কমেও ১ একৰ মাটি থাকিব লাগে। যদি তেনে কেন্দ্ৰই চাৰিচকীয়া বাহনৰ বাবে প্ৰশিক্ষণ দিয়ে, তেন্তে দুই একৰ মাটিৰ থাকিব লাগিব। ড্ৰাইভিং স্কুলবোৰত সঠিক পৰীক্ষাৰ সুবিধা থাকিব লাগিব। প্ৰশিক্ষকসকলৰ বায়োমেট্ৰিক আৰু আইটি প্ৰণালীৰ জ্ঞান থকাৰ লগতে কমেও পাঁচ বছৰৰ ড্ৰাইভিং অভিজ্ঞতাৰ ডিপ্লোমা থাকিব লাগিব।

একে সময়তে দ্ৰুতবেগী গাড়ীৰ জৰিমনা ১০০০ৰ পৰা ২০০০ টকাৰ ভিতৰত হ’ব। কিন্তু যদি কোনো নাবালক গাড়ী চলাই ধৰা পৰে তেন্তে তেওঁ ২৫ হাজাৰ টকাৰ  জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰিও বাহনৰ মালিকৰ পঞ্জীয়ন বাতিল কৰা হ’ব আৰু নাবালকজন ২৫ বছৰ সম্পূৰ্ণ নোহোৱালৈকে অনুজ্ঞাপত্ৰৰ বাবে অযোগ্য হৈ পৰিব।

লগতে ১৪ জুনলৈকে আপুনি বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব। আপুনি নিজেই আধাৰ কাৰ্ড অনলাইন আপডেট কৰিব পাৰে তেন্তে সেয়া বিনামূলীয়াকৈ কৰিব পাৰিব। কিন্তু যদি আপুনি অফলাইন কৰিবলৈ বিচাৰে  তেন্তে প্ৰতিটো আপডেটৰ বাবে আপুনি ৫০ টকা ভৰিব  লাগিব।

প্ৰতি মাহৰ ১ তাৰিখে এল পি জি চিলিণ্ডাৰৰ দাম সংশোধন কৰা হয়। ১ জুনত তেল কোম্পানীসমূহে গেছ চিলিণ্ডাৰৰ নতুন মূল্য নিৰ্ধাৰণ কৰে।  বাণিজ্যিক  চিলিণ্ডাৰৰ দাম   হ্ৰাস কৰা হৈছে। সেই মৰ্মে আজিৰে পৰা ধাৰ্য কৰা সংশোধিত মূল্য অনুসৰি বাণিজ্যিক  চিলিণ্ডাৰৰ দাম   দিল্লীত ৬৯.৫০ টকা, কলকাতাত ৭২ টকা, মুম্বাইত ৬৯.৫০ টকা আৰু চেন্নাইত ৭০.৫০ টকাকৈ সস্তা হৈছে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement