--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দশকৰ পিছত দশক ধৰি চলি অহা এক বিবাদৰ ক্ষেত্ৰত অৱশেষত পাক চৰকাৰে নিজৰ দোষ  স্বীকাৰ কৰিলে।  এই কথাই প্ৰমাণ কৰিলে সত্যক যিমানেই দমন কৰিবলৈ চেষ্টা নকৰক কিয়, যিকোনো প্ৰকাৰে ওলাই আহিবই। এইবাৰ পাকিস্তানে দখল কৰা কাশ্মীৰক অকপট  স্বীকাৰোক্তি দিলে পাকিস্তানৰ চৰকাৰে। পাক চৰকাৰে কয় যে "দখল কৰা কাশ্মীৰ পাকিস্তানৰ অংশ নহয়", শেহতীয়াকৈ ইছলামবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰত পাকিস্তান চৰকাৰে এই কথা স্বীকাৰ কৰে। যি সময়ত পাকিস্তানে দখল কৰা পাক অধিকৃত কাশ্মীৰকলৈ ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদ চলি আছে সেই সময়তে  শ্বাহবাজ শ্বৰীফ চৰকাৰৰ এনে স্বীকাৰোক্তিয়ে স্বাভাৱিকতে তাৎপৰ্য বহন কৰিছে। 

উল্লেখ্য কৰ বৃদ্ধি, মুদ্ৰাস্ফীতিকে ধৰি একাধিক সমস্যাৰ বিৰুদ্ধে পাক অধিকৃত কাশ্মীৰৰ নাগৰিকে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে অবিৰত আন্দোলন চলাই গৈছে। পাকিস্তান চৰকাৰে  এই প্ৰতিবাদ প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।  পাক অধিকৃত কাশ্মীৰৰ কাৰাগাৰত বন্দী হৈ আছে  সাংবাদিক তথা কাশ্মীৰী কবি আহমেদ ফাৰহাদ শ্বাহ। ন্যায়াধীশে ফাৰহাদক ইছলামবাদ উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ চৰকাৰৰ অধিবক্তাই স্পষ্টকৈ উল্লেখ কৰে  যে, "ফাৰহাদ বৰ্তমান কাশ্মীৰৰ (অধিগ্ৰহণ কৰা কাশ্মীৰ) আৰক্ষীৰ জিম্মাত আছে। সেই এলেকা বিদেশী ভূখণ্ডৰ অন্তৰ্গত। সেই অঞ্চলটো কোনো কাৰণতে পাকিস্তানৰ আইন-শৃংখলা ব্যৱস্থাৰ অধীনলৈ নাহে।"

পাকিস্তান চৰকাৰৰ দাবী যে পাকিস্তান চৰকাৰৰ সৈতে আলোচনা কৰি গঠন কৰা চৰকাৰ সেই অঞ্চলত চলি আছে। কিন্তু তাত পাকিস্তানৰ আইন-শৃংখলা একেবাৰেই প্ৰযোজ্য নহয়। এই প্ৰেক্ষাপটতে  আদালতে প্ৰশ্ন উত্থাপন কৰে- যদি দখল কৰা কাশ্মীৰ পাকিস্তানৰ অংশ নহয়, তেন্তে পাকিস্তানী সামৰিক বাহিনী আৰু পাকিস্তানী ৰেঞ্জাৰে কেনেকৈ সেই অঞ্চলত প্ৰৱেশ কৰিলে? অৱশ্যে এই প্ৰশ্নৰ কোনো উত্তৰ দিব নোৱাৰিলে পাকিস্তান চৰকাৰে। ইফালে এই ঘটনাই স্বাভাৱিকতে আন্তৰ্জাতিক ৰাজনীতিত হুলস্থুলৰ সৃষ্টি কৰিছে। পাকিস্তানৰ বক্তব্যৰ আধাৰতে ভাৰতে বিষয়টো পুনৰ  আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যাব  পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে । কাৰণ ৰাষ্ট্ৰসংঘৰ মঞ্চত ভাৰতে বাৰে বাৰে স্পষ্টভাৱে কৈ আহিছে যে পাকিস্তানে দখল কৰা কাশ্মীৰ ভাৰতৰ অংশ আছিল, আছে আৰু থাকিব।

মন কৰিবলগীয়া যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰতো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি  বিজেপিৰ নেতাসকলে দাবী কৰিছিল  যে যদি তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ ক্ষমতালৈ আহে তেন্তে ৬ মাহৰ  ভিতৰত পাকিস্তানে দখল কৰা কাশ্মীৰ ভাৰতৰ অংশ হ’ব হৈ পৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ