--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দশকৰ পিছত দশক ধৰি চলি অহা এক বিবাদৰ ক্ষেত্ৰত অৱশেষত পাক চৰকাৰে নিজৰ দোষ  স্বীকাৰ কৰিলে।  এই কথাই প্ৰমাণ কৰিলে সত্যক যিমানেই দমন কৰিবলৈ চেষ্টা নকৰক কিয়, যিকোনো প্ৰকাৰে ওলাই আহিবই। এইবাৰ পাকিস্তানে দখল কৰা কাশ্মীৰক অকপট  স্বীকাৰোক্তি দিলে পাকিস্তানৰ চৰকাৰে। পাক চৰকাৰে কয় যে "দখল কৰা কাশ্মীৰ পাকিস্তানৰ অংশ নহয়", শেহতীয়াকৈ ইছলামবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰত পাকিস্তান চৰকাৰে এই কথা স্বীকাৰ কৰে। যি সময়ত পাকিস্তানে দখল কৰা পাক অধিকৃত কাশ্মীৰকলৈ ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদ চলি আছে সেই সময়তে  শ্বাহবাজ শ্বৰীফ চৰকাৰৰ এনে স্বীকাৰোক্তিয়ে স্বাভাৱিকতে তাৎপৰ্য বহন কৰিছে। 

উল্লেখ্য কৰ বৃদ্ধি, মুদ্ৰাস্ফীতিকে ধৰি একাধিক সমস্যাৰ বিৰুদ্ধে পাক অধিকৃত কাশ্মীৰৰ নাগৰিকে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে অবিৰত আন্দোলন চলাই গৈছে। পাকিস্তান চৰকাৰে  এই প্ৰতিবাদ প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।  পাক অধিকৃত কাশ্মীৰৰ কাৰাগাৰত বন্দী হৈ আছে  সাংবাদিক তথা কাশ্মীৰী কবি আহমেদ ফাৰহাদ শ্বাহ। ন্যায়াধীশে ফাৰহাদক ইছলামবাদ উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ চৰকাৰৰ অধিবক্তাই স্পষ্টকৈ উল্লেখ কৰে  যে, "ফাৰহাদ বৰ্তমান কাশ্মীৰৰ (অধিগ্ৰহণ কৰা কাশ্মীৰ) আৰক্ষীৰ জিম্মাত আছে। সেই এলেকা বিদেশী ভূখণ্ডৰ অন্তৰ্গত। সেই অঞ্চলটো কোনো কাৰণতে পাকিস্তানৰ আইন-শৃংখলা ব্যৱস্থাৰ অধীনলৈ নাহে।"

পাকিস্তান চৰকাৰৰ দাবী যে পাকিস্তান চৰকাৰৰ সৈতে আলোচনা কৰি গঠন কৰা চৰকাৰ সেই অঞ্চলত চলি আছে। কিন্তু তাত পাকিস্তানৰ আইন-শৃংখলা একেবাৰেই প্ৰযোজ্য নহয়। এই প্ৰেক্ষাপটতে  আদালতে প্ৰশ্ন উত্থাপন কৰে- যদি দখল কৰা কাশ্মীৰ পাকিস্তানৰ অংশ নহয়, তেন্তে পাকিস্তানী সামৰিক বাহিনী আৰু পাকিস্তানী ৰেঞ্জাৰে কেনেকৈ সেই অঞ্চলত প্ৰৱেশ কৰিলে? অৱশ্যে এই প্ৰশ্নৰ কোনো উত্তৰ দিব নোৱাৰিলে পাকিস্তান চৰকাৰে। ইফালে এই ঘটনাই স্বাভাৱিকতে আন্তৰ্জাতিক ৰাজনীতিত হুলস্থুলৰ সৃষ্টি কৰিছে। পাকিস্তানৰ বক্তব্যৰ আধাৰতে ভাৰতে বিষয়টো পুনৰ  আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যাব  পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে । কাৰণ ৰাষ্ট্ৰসংঘৰ মঞ্চত ভাৰতে বাৰে বাৰে স্পষ্টভাৱে কৈ আহিছে যে পাকিস্তানে দখল কৰা কাশ্মীৰ ভাৰতৰ অংশ আছিল, আছে আৰু থাকিব।

মন কৰিবলগীয়া যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰতো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি  বিজেপিৰ নেতাসকলে দাবী কৰিছিল  যে যদি তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ ক্ষমতালৈ আহে তেন্তে ৬ মাহৰ  ভিতৰত পাকিস্তানে দখল কৰা কাশ্মীৰ ভাৰতৰ অংশ হ’ব হৈ পৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু