--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণ সৰবৰাহৰ অভিযোগত বৃহস্পতিবাৰে কেৰালাৰ কান্নুৰ বিমানবন্দৰত গ্ৰেপ্তাৰ হয় এগৰাকী এয়াৰ হোষ্টেছ। এয়াৰ হোষ্টেছগৰাকীৰ নাম সুৰভি খাতুন নাম। তেওঁ কলকাতাৰ বাসিন্দা। ২৮ মে’ত মাস্কাটৰ পৰা কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল সুৰভি।

প্ৰতিবেদন অনুসৰি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰৰ ভিত্তিত বিমান পৰিচাৰিকাগৰাকীক তালাচী চলোৱা হয়। তালাচীৰ সময়ত সুৰভিৰ পৰা জব্দ কৰে ১ কেজি সোণ। এয়াৰ হোষ্টেছ সুৰভিয়ে নিজৰ ব্যক্তিগত অংগৰ মলদ্বাৰত লুকুৱাই লৈ আহিছিল  সোণখিনি।

সূত্ৰৰ পৰা জানিব পৰা মতে, ভাৰতত এইটোৱেই প্ৰথম ঘটনা য’ত এক বিমান সংস্থাৰ এয়াৰ হোষ্টেছক সোণ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত এয়াৰ হোষ্টেছক জেৰা কৰি প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছত তেওঁক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে অভিযুক্তক ১৪ দিনৰ বাবে কান্নুৰ মহিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

সূত্ৰটোৱে লগতে কয় যে বিতং তদন্ত আৰম্ভ কৰা হৈছে আৰু এতিয়ালৈকে তদন্তৰ পৰা জানিব পৰা গৈছে যে তেওঁ ইয়াৰ পূৰ্বে বহুবাৰ সোণৰ সৰবৰাহ কৰিছিল। সূত্ৰটোৱে জনোৱা মতে, চোৰাংচোৱাগিৰিৰ লগত কেৰালাৰ লোক জড়িত থকাৰ তদন্তও চলি আছে। এই সন্দৰ্ভত এতিয়ালৈকে বিমান কোম্পানীটোৰ কোনো সঁহাৰি পোৱা নাই।

দিল্লী বিমানবন্দৰৰ শুল্ক বিভাগে সোণ সৰবৰাহৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ব্যক্তিজনৰ পৰা ৩৫.২২ লাখ টকাৰ ৫০০ গ্ৰাম সোণৰ চেইন উদ্ধাৰ কৰা হৈছে। ধৃত দুজনৰ ভিতৰত এজনে নিজকে পি এ অৰ্থাৎ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ ব্যক্তিগত সহায়ক বুলি অভিহিত কৰিছে।

এই সমগ্ৰ বিষয়টোৰ ওপৰত স্পষ্টীকৰণ দি কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয় যে তেওঁৰ কৰ্মচাৰীৰ এজন প্ৰাক্তন সদস্যৰ সৈতে জড়িত এই কাণ্ডৰ কথা শুনি তেওঁ স্তম্ভিত হৈ পৰিছে। মই কোনো অন্যায়ৰ সমৰ্থন নকৰো। এই বিষয়টোৰ তদন্তৰ বাবে অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কৰ্তৃপক্ষক সম্পূৰ্ণ সহায় কৰাৰ চেষ্টা কৰিম। আইনে নিজৰ গতিপথ ল’ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু