--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণ সৰবৰাহৰ অভিযোগত বৃহস্পতিবাৰে কেৰালাৰ কান্নুৰ বিমানবন্দৰত গ্ৰেপ্তাৰ হয় এগৰাকী এয়াৰ হোষ্টেছ। এয়াৰ হোষ্টেছগৰাকীৰ নাম সুৰভি খাতুন নাম। তেওঁ কলকাতাৰ বাসিন্দা। ২৮ মে’ত মাস্কাটৰ পৰা কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল সুৰভি।

প্ৰতিবেদন অনুসৰি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰৰ ভিত্তিত বিমান পৰিচাৰিকাগৰাকীক তালাচী চলোৱা হয়। তালাচীৰ সময়ত সুৰভিৰ পৰা জব্দ কৰে ১ কেজি সোণ। এয়াৰ হোষ্টেছ সুৰভিয়ে নিজৰ ব্যক্তিগত অংগৰ মলদ্বাৰত লুকুৱাই লৈ আহিছিল  সোণখিনি।

সূত্ৰৰ পৰা জানিব পৰা মতে, ভাৰতত এইটোৱেই প্ৰথম ঘটনা য’ত এক বিমান সংস্থাৰ এয়াৰ হোষ্টেছক সোণ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত এয়াৰ হোষ্টেছক জেৰা কৰি প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছত তেওঁক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে অভিযুক্তক ১৪ দিনৰ বাবে কান্নুৰ মহিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

সূত্ৰটোৱে লগতে কয় যে বিতং তদন্ত আৰম্ভ কৰা হৈছে আৰু এতিয়ালৈকে তদন্তৰ পৰা জানিব পৰা গৈছে যে তেওঁ ইয়াৰ পূৰ্বে বহুবাৰ সোণৰ সৰবৰাহ কৰিছিল। সূত্ৰটোৱে জনোৱা মতে, চোৰাংচোৱাগিৰিৰ লগত কেৰালাৰ লোক জড়িত থকাৰ তদন্তও চলি আছে। এই সন্দৰ্ভত এতিয়ালৈকে বিমান কোম্পানীটোৰ কোনো সঁহাৰি পোৱা নাই।

দিল্লী বিমানবন্দৰৰ শুল্ক বিভাগে সোণ সৰবৰাহৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ব্যক্তিজনৰ পৰা ৩৫.২২ লাখ টকাৰ ৫০০ গ্ৰাম সোণৰ চেইন উদ্ধাৰ কৰা হৈছে। ধৃত দুজনৰ ভিতৰত এজনে নিজকে পি এ অৰ্থাৎ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ ব্যক্তিগত সহায়ক বুলি অভিহিত কৰিছে।

এই সমগ্ৰ বিষয়টোৰ ওপৰত স্পষ্টীকৰণ দি কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয় যে তেওঁৰ কৰ্মচাৰীৰ এজন প্ৰাক্তন সদস্যৰ সৈতে জড়িত এই কাণ্ডৰ কথা শুনি তেওঁ স্তম্ভিত হৈ পৰিছে। মই কোনো অন্যায়ৰ সমৰ্থন নকৰো। এই বিষয়টোৰ তদন্তৰ বাবে অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কৰ্তৃপক্ষক সম্পূৰ্ণ সহায় কৰাৰ চেষ্টা কৰিম। আইনে নিজৰ গতিপথ ল’ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ