--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰণেহে জানে মৰণৰ ঠাই। কন্যাকুমাৰীলৈ বিয়া খাবলৈ গৈ সাগৰত উটি গ’ল ৫ গৰাকীকৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী। তাৰ ভিতৰত দুগৰাকী ছাত্ৰীও আছে। সোমবাৰে তামিলনাডুৰ কন্যাকুমাৰী উপকূলত সংঘটিত হয় এই ঘটনা।

কন্যাকুমাৰী জিলা আৰক্ষী অধীক্ষক ই সুন্দৰবাথানমে জনোৱা মতে, সোমবাৰে লেমুৰ উপকূলত ৫গৰাকীয়েই গা ধুবলৈ নামিছিল। সাগৰত জোৱাৰৰ বাবে বিপদৰ আশংকাত বিচটো বন্ধ কৰি দিয়া হৈছিল। তেওঁলোকে নাৰিকল গছৰ অৰণ্যৰ মাজেৰে সাগৰৰ পাৰলৈ গৈছিল। তাতেই ডুবি গ’ল।

তদন্তত জানিব পৰা মতে নিহত শিক্ষাৰ্থীকেইগৰাকী তিৰুচিৰাপল্লীৰ এছ আৰ এম মেডিকেল কলেজৰ ছাত্ৰ। কলেজখনৰ পৰা এটা বৃহৎ দল বিয়া খাবলৈ গৈছিল। বিয়াৰ আনন্দৰ মাজতে শিক্ষাৰ্থীসকলে চহৰখন ভ্ৰমণ কৰিবলৈ ওলাই আহিছিল। পাঁচজনীয়া দলটো গৈছিল লেমুৰ বিচলৈ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত শিক্ষাৰ্থীকেইগৰাকী হৈছে থাঞ্জাভুৰুৰ চাৰুকবি, নেভেল্লীৰ গায়ত্ৰী, কন্যাকুমাৰীৰ সৰ্বদৰ্শিত, ডিণ্ডিগুলৰ প্ৰবীণ শ্যাম আৰু অন্ধ্ৰ প্ৰদেশৰ ভেংকটেশ।

সেই পাঁচগৰাকী শিক্ষাৰ্থীৰ সৈতে আৰু তিনিগৰাকী ইন্টাৰ্ণো সাগৰত নামিছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছে। সেই তিনিগৰাকী হ’ল কাৰুৰৰ নেশী, থেনিৰ প্ৰীতি প্ৰিয়ংকা আৰু মাদুৰাইৰ শৰণ্যা। তিনিওগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।

উল্লেখ্য যে আৰু কেইসপ্তাহমানৰ পাছত তেওঁলোকৰ চিকিৎসাৰ পাঠ্যক্ৰম শেষ হোৱাৰ কথা আছিল। পৰীক্ষাত উত্তীৰ্ণ হ’লে পাঁচোগৰাকীয়েই ডাক্তৰ হ’লহেঁতেন। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ