--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউচ্চতম ন্যায়ালয়ে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিল্লী সুৰা নীতি গোচৰত অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ পৰ্ব আৰম্ভ কৰে যদিও শুনানিৰ কোনো ৰায়দান কৰাৰ সলনি সেয়া  স্থগিত ৰাখে। শীৰ্ষ আদালতে কয় যে যদি যদি  কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হয়  তেন্তে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কোনো চৰকাৰী কৰ্তব্য পালন কৰিব নোৱাৰিব। ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱালে  উচ্চতম ন্যায়ালয়ক কয় যে অন্তৱৰ্তীকালীন জামিনত মুকলি হ'লে তেওঁ কোনো চৰকাৰী ফাইলত স্বাক্ষৰ নকৰে বুলি প্ৰতিশ্ৰুতি দাখিল কৰিবলৈ ইচ্ছুক। আন এক ঘটনাক্ৰমত, দিল্লীৰ এখন আদালতে আজি অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ  ২০ মে’লৈ বৃদ্ধি কৰিছে৷ 

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ বিচাৰপীঠে কয় যে অন্তৱৰ্তীকালীন জামিনত থাকোতে কেজৰিৱালে মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্য সম্পাদন কৰাৰ ফলত ব্যাপক প্ৰভাৱ পৰিব পাৰে। কেজৰিৱালৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷দিল্লীৰ আবকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অন্তৱৰ্তীকালীন জামিন দিয়া উচিত নে অনুচিত সেই বিষয়ত পৰ্যালোচনা কৰি আছে  উচ্চতম ন্যায়ালয়ে৷ অৰবিন্দ কেজৰিৱালৰ আবেদন সন্দৰ্ভত মঙলবাৰে  উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ থকা  এএছজি এছ ভি ৰাজুৱে যুক্তি আগবঢ়ায়। এএছজি ৰাজুৱে উচ্চতম ন্যায়ালয়ক কয়  যে মনীষ চিছোদিয়াৰ জামিন বাতিল হোৱাৰ পিছত ১১০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। 

এই সন্দৰ্ভত ন্যায়াধীশ খান্নাই প্ৰশ্ন কৰে  যে উৎকোচৰ পৰিমাণ  ১০০ কোটি টকা  বুলি কোৱা হৈছিল যদিও  ই কেনেকৈ ২-৩ বছৰত ১,১০০ কোটি টকা হ'ল? ন্যায়াধীশ খান্নাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এএছজি ৰাজুৱে কয় যে ৫৯০ কোটি টকা হৈছে পাইকাৰী বিক্ৰেতাৰ লাভ। ইয়াৰ সৈতে, সুৰা কোম্পানীবোৰে ৯০০ কোটি লাভ অৰ্জন কৰিছিল। উচ্চতম ন্যায়ালয়ে তেতিয়া কয়  যে পাৰ্থক্য টো প্ৰায় ৩৩৮ কোটি টকা আছিল আৰু গোটেই বিষয়টো উৎকোচৰ বিষয় বুলি ধৰিব নোৱাৰি। ইয়াৰ পিছত এএছজি ৰাজুৱে ইডিৰ হৈ কয় যে যেতিয়া আমি তদন্ত আৰম্ভ কৰিছিলো, আমাৰ তদন্ত পোনপটীয়াকৈ তেওঁৰ (অৰবিন্দ কেজৰিৱাল) বিৰুদ্ধে নাছিল। 

অনুসন্ধানৰ সময়ত তেওঁৰ ভূমিকা পোহৰলৈ আহিছিল আৰু সেয়েহে প্ৰথমতে তেওঁক এটাও প্ৰশ্ন সোধা হোৱা নাছিল। তদন্তটো তেওঁৰ ওপৰত কেন্দ্ৰীভূত নাছিল।গোচৰটোৰ শুনানিৰ সময়ত, ন্যায়াধীশ সঞ্জীৱ খান্নাই ইডিক প্ৰশ্ন কৰে যে এই গোচৰটোত প্ৰথমজন চৰকাৰী বিষয়াক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল? গ্ৰেপ্তাৰৰ তাৰিখ কিমান আছিল? এই সন্দৰ্ভত, এএছজি ৰাজুৱে ইডিৰ হৈ উত্তৰ দিয়ে  যে গ্ৰেপ্তাৰ কৰা হৈছিল ৯ মাৰ্চত। ন্যায়াধীশ খান্নাই তেতিয়া এএছজি ৰাজুৰ প্ৰশ্ন কৰে  যে আপুনি উদ্ধৃত কৰা বিবৃতিবোৰ সম্ভৱতঃ আপোনাৰ কল্পনাসৃষ্ট  হ'ব পাৰে। এই সন্দৰ্ভত ৰাজুৱে কয় যে আমি এই বিবৃতিবোৰৰ আধাৰতে আমাৰ তদন্ত চলাই আছো।  ইয়াত সফলতাও  লাভ কৰিছো৷


 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু