--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৃত্যই আছিল তেওঁৰ জীৱন। জীৱনৰ শেষ উশাহলৈকে তেওঁ নাচিয়েই গ'ল। নাচি নাচিয়েই শুই পৰিল মঞ্চত। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত। মালয়েছিয়াৰ আগশাৰীৰ ভাৰতনাট্যম গুৰু শ্ৰীগণেশন আৰু নাই।

নৃত্য কৰি থাকোতেই শ্ৰীগণেশনে মঞ্চত ঢলি পৰে। ইয়াৰ পাছত তেওঁক চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। শ্ৰীগণেশন আছিল মালয়েছিয়াৰ নাগৰিক। ভুৱনেশ্বৰৰ ভঞ্জা কলা মণ্ডপত তিনিদিনীয়া দেৱদাসী নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল শ্ৰীগণেশন। 

সুদূৰ মালয়েছিয়াৰ পৰা তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ ল’বলৈ তিনিদিন পূৰ্বে ভুৱনেশ্বৰত উপস্থিত হৈছিল। ভাৰত ভ্ৰমণৰ তৃতীয় দিনটোত উপস্থিত হৈ দ্বিতীয় পৰ্যায়ৰ নৃত্য আৰম্ভ হোৱাৰ পূৰ্বে জগন্নাথ প্ৰভুৰ সন্মুখত চাকি জ্বলোৱাৰ বাবে মঞ্চত উঠিছিল ৬৩ বছৰীয়া নৃত্য গুৰুজন। সামৰণি অনুষ্ঠানত নৃত্যশিল্পীগৰাকীয়েও প্ৰদৰ্শন কৰে। কেইমিনিটমান পিছত তেওঁ সেই মঞ্চতে ঢলি পৰে। ততাতৈয়াকৈ তেওঁক ওচৰৰ কেপিটেল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰে।  শ্ৰীগণেশনৰ হাৰ্ট এটেকৰ বাবে মৃত্যু হোৱা বুলি জনাইছে চিকিৎসকে।

এই সমগ্ৰ ঘটনাত সকলো লোকেই দুখী হৈ পৰিছে। শ্ৰী গণেশনে গুৰু কে জি সৰছাৰ অধীনত মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত ভাৰতনাট্যমৰ (১৯৭৯-১৯৮৯) প্ৰশিক্ষণ লৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত তেওঁ কুৱালালামপুৰলৈ গৈ ভাৰতীয় সংস্কৃতি আৰু নৃত্য শৈলী বিদেশত প্ৰচাৰৰ দায়িত্ব লয়। তাতেই তেওঁ ‘শ্ৰী গণেশালয়’ নিৰ্মাণ কৰিছিল। এই নৃত্য প্ৰতিষ্ঠানৰ পৰা তিনি হাজাৰৰো অধিক ভাৰতনাট্যম শিল্পীক প্ৰশিক্ষণ দিছে শ্ৰীগণেশনে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস