--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৃত্যই আছিল তেওঁৰ জীৱন। জীৱনৰ শেষ উশাহলৈকে তেওঁ নাচিয়েই গ'ল। নাচি নাচিয়েই শুই পৰিল মঞ্চত। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত। মালয়েছিয়াৰ আগশাৰীৰ ভাৰতনাট্যম গুৰু শ্ৰীগণেশন আৰু নাই।

নৃত্য কৰি থাকোতেই শ্ৰীগণেশনে মঞ্চত ঢলি পৰে। ইয়াৰ পাছত তেওঁক চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। শ্ৰীগণেশন আছিল মালয়েছিয়াৰ নাগৰিক। ভুৱনেশ্বৰৰ ভঞ্জা কলা মণ্ডপত তিনিদিনীয়া দেৱদাসী নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল শ্ৰীগণেশন। 

সুদূৰ মালয়েছিয়াৰ পৰা তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ ল’বলৈ তিনিদিন পূৰ্বে ভুৱনেশ্বৰত উপস্থিত হৈছিল। ভাৰত ভ্ৰমণৰ তৃতীয় দিনটোত উপস্থিত হৈ দ্বিতীয় পৰ্যায়ৰ নৃত্য আৰম্ভ হোৱাৰ পূৰ্বে জগন্নাথ প্ৰভুৰ সন্মুখত চাকি জ্বলোৱাৰ বাবে মঞ্চত উঠিছিল ৬৩ বছৰীয়া নৃত্য গুৰুজন। সামৰণি অনুষ্ঠানত নৃত্যশিল্পীগৰাকীয়েও প্ৰদৰ্শন কৰে। কেইমিনিটমান পিছত তেওঁ সেই মঞ্চতে ঢলি পৰে। ততাতৈয়াকৈ তেওঁক ওচৰৰ কেপিটেল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰে।  শ্ৰীগণেশনৰ হাৰ্ট এটেকৰ বাবে মৃত্যু হোৱা বুলি জনাইছে চিকিৎসকে।

এই সমগ্ৰ ঘটনাত সকলো লোকেই দুখী হৈ পৰিছে। শ্ৰী গণেশনে গুৰু কে জি সৰছাৰ অধীনত মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত ভাৰতনাট্যমৰ (১৯৭৯-১৯৮৯) প্ৰশিক্ষণ লৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত তেওঁ কুৱালালামপুৰলৈ গৈ ভাৰতীয় সংস্কৃতি আৰু নৃত্য শৈলী বিদেশত প্ৰচাৰৰ দায়িত্ব লয়। তাতেই তেওঁ ‘শ্ৰী গণেশালয়’ নিৰ্মাণ কৰিছিল। এই নৃত্য প্ৰতিষ্ঠানৰ পৰা তিনি হাজাৰৰো অধিক ভাৰতনাট্যম শিল্পীক প্ৰশিক্ষণ দিছে শ্ৰীগণেশনে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে