--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১জানুৱাৰীৰ পৰা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে দুজন লোক অমিক্ৰনত আক্ৰান্ত হৈছে। আক্ৰান্ত এজনক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা ব্যক্তি।বুধবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু ভেকচিনেশ্যন সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে। ক’ভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজিহে চূড়ান্ত সিদ্ধান্ত ল’ব।

মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছতহে আগন্তুক ভোগালী বিহু সন্দৰ্ভত সিদ্ধান্ত ল’ব। ২৪ ঘণ্টাত ৰাজ্যত ৫৯১জন আক্ৰান্ত হৈছে ক’ভিডত। সৰ্বাধিক কামৰূপ (মেঃ)তে ১৮০ জন নতুনকৈ আক্ৰান্ত হৈছে। বিগত দুদিনত ক্ৰমান্বয়ে মহানগৰীত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমানলৈকে ৰাজ্যত ৮৫৪৯খন বিচনা সাজু কৰা হৈছে।

গুৱাহাটীৰ জিএমচিএইচত  ২০০খন, সৰুসজাইত আছে ৩০০খন বিছনা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যত ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব ১৫-১৮ বছৰৰ ভেকচিন প্ৰক্ৰিয়া। ইতিমধ্যে ১০ লাখ টেষ্ট কিটছ অৰ্ডাৰ দিয়া হৈছে আৰু মজুত আছে ৫ লাখ কিটছ। আজিৰ বৈঠকৰ পাছতে চৰকাৰে কি এছঅ’পি জাৰি কৰে সেয়াহে লক্ষ্যণীয় হ’ব। অমিক্ৰনে হেঙাৰ হ’ব নেকি অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু উদযাপনত।

ইতিমধ্যে মুখ্যমন্ত্রীগৰাকীয়ে লকডাউনৰ কথা অস্বীকাৰ কৰিছে যদিও কিন্তু ভোগালী বিহু উদযাপন কৰোঁতে কোনোধৰণৰ ৰাজহুৱা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি