--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১জানুৱাৰীৰ পৰা ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে দুজন লোক অমিক্ৰনত আক্ৰান্ত হৈছে। আক্ৰান্ত এজনক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা ব্যক্তি।বুধবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু ভেকচিনেশ্যন সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে। ক’ভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজিহে চূড়ান্ত সিদ্ধান্ত ল’ব।

মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছতহে আগন্তুক ভোগালী বিহু সন্দৰ্ভত সিদ্ধান্ত ল’ব। ২৪ ঘণ্টাত ৰাজ্যত ৫৯১জন আক্ৰান্ত হৈছে ক’ভিডত। সৰ্বাধিক কামৰূপ (মেঃ)তে ১৮০ জন নতুনকৈ আক্ৰান্ত হৈছে। বিগত দুদিনত ক্ৰমান্বয়ে মহানগৰীত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমানলৈকে ৰাজ্যত ৮৫৪৯খন বিচনা সাজু কৰা হৈছে।

গুৱাহাটীৰ জিএমচিএইচত  ২০০খন, সৰুসজাইত আছে ৩০০খন বিছনা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যত ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব ১৫-১৮ বছৰৰ ভেকচিন প্ৰক্ৰিয়া। ইতিমধ্যে ১০ লাখ টেষ্ট কিটছ অৰ্ডাৰ দিয়া হৈছে আৰু মজুত আছে ৫ লাখ কিটছ। আজিৰ বৈঠকৰ পাছতে চৰকাৰে কি এছঅ’পি জাৰি কৰে সেয়াহে লক্ষ্যণীয় হ’ব। অমিক্ৰনে হেঙাৰ হ’ব নেকি অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু উদযাপনত।

ইতিমধ্যে মুখ্যমন্ত্রীগৰাকীয়ে লকডাউনৰ কথা অস্বীকাৰ কৰিছে যদিও কিন্তু ভোগালী বিহু উদযাপন কৰোঁতে কোনোধৰণৰ ৰাজহুৱা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক