--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানৱ সেৱাই পৰম ধৰ্ম। এই কথাষাৰেই মৰ্মে মৰ্মে যেন উপলব্ধি কৰিবলৈ সক্ষম হ’ল এগৰাকী চিকিৎসকে।সেইবাবেই নিজৰ ৬০০ কোটি টকাৰ সম্পত্তি মানুহৰ হিতাৰ্থে দান কৰিলে চিকিৎসকগৰাকীয়ে।   উত্তৰ প্ৰদেশৰ এজন চিকিৎসক ড০ অৰবিন্দ কুমাৰ গোৱেলে তেওঁৰ ৬০০ কোটি টকাৰ সম্পত্তি চৰকাৰক দান কৰিছে।

 চিকিৎসকগৰাকীয়ে তেওঁৰ এই বিপুল পৰিমাণৰ সম্পত্তি দান কৰাৰ ক্ষেত্ৰত চৰকাৰক এটা   চৰ্ত বান্ধি দিছে। চৰ্তটো হ’ল চৰকাৰে দৰিদ্ৰ লোকসকলক সেই ধনেৰে সহায় কৰিব লাগিব। উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ ড০ অৰবিন্দ কুমাৰ গোৱেল নামৰ চিকিৎসকগৰাকীয়ে  তেওঁ তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে মোৰাদাবাদতে বাস কৰে। 

তেওঁ ৫০ বছৰ ধৰি  চিকিৎসাসেৱাত ব্ৰতী হৈ আহিছে।  অৰবিন্দই সকলোৰে  বিপদৰ সময়ত যথা স্থানত গৈ উপস্থিত হয়।  চিকিৎসকগৰাকীয়ে  ২৫ বছৰ আগতেই তেওঁৰ  সম্পত্তি দান কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু বিভিন্ন কাৰণত সেয়া হৈ উঠা নাছিল। এইবাৰ সকলো বাধা অতিক্ৰমী  তেওঁ কামটোসমাধা কৰিবলৈ সক্ষম হ’ল। চিকিৎসকজনে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে  যোগী চৰকাৰক প্ৰায় ৬০০ কোটি টকাৰ সম্পত্তি হস্তান্তৰ কৰিছে।

 লকডাউনৰ সময়তো চিকিৎসকজনে সাধাৰণ মানুহৰ কাষত থিয় দিছিল। সেই সময়ত তেওঁ মোৰাদাবাদৰ ৫০ খন গাঁৱৰ বাসিন্দাৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ গাওঔঁ কেই খনৰ  মানুহৰ খাদ্যৰ যোগানৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল।  চিকিৎসকগৰাকীয়ে  আনকি বহু দৰিদ্ৰ ৰোগীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে দুখীয়া ৰোগীৰ পৰা এটকাও লোৱা নাছিল। 

উল্লেখ্য চিকিৎসক অৰবিন্দক দেশৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ মানৱীয় কামৰ বাবে চাৰিবাৰকৈ সন্মানিত কৰিছে। মোৰাদাবাদৰ চিকিৎসক অৰবিন্দ গোৱেলে শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰতিভা পাটিল আৰু এ পি জে আব্দুল কালামৰ পৰা তেনে সন্মান গ্ৰহণ কৰিছিল। এইবাৰ আকৌ সকলো সম্পত্তি দান কৰি তেওঁ দানবীৰ হিচাবে সমগ্ৰ দেশতে জনাজাত হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি ৰণোজ পেগুৰ, চৰকাৰী বিদ্যালয়ত শিক্ষার্থী বৃদ্ধিৰ আশা শিক্ষা মন্ত্ৰীৰ
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য