--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানৱ সেৱাই পৰম ধৰ্ম। এই কথাষাৰেই মৰ্মে মৰ্মে যেন উপলব্ধি কৰিবলৈ সক্ষম হ’ল এগৰাকী চিকিৎসকে।সেইবাবেই নিজৰ ৬০০ কোটি টকাৰ সম্পত্তি মানুহৰ হিতাৰ্থে দান কৰিলে চিকিৎসকগৰাকীয়ে।   উত্তৰ প্ৰদেশৰ এজন চিকিৎসক ড০ অৰবিন্দ কুমাৰ গোৱেলে তেওঁৰ ৬০০ কোটি টকাৰ সম্পত্তি চৰকাৰক দান কৰিছে।

 চিকিৎসকগৰাকীয়ে তেওঁৰ এই বিপুল পৰিমাণৰ সম্পত্তি দান কৰাৰ ক্ষেত্ৰত চৰকাৰক এটা   চৰ্ত বান্ধি দিছে। চৰ্তটো হ’ল চৰকাৰে দৰিদ্ৰ লোকসকলক সেই ধনেৰে সহায় কৰিব লাগিব। উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ ড০ অৰবিন্দ কুমাৰ গোৱেল নামৰ চিকিৎসকগৰাকীয়ে  তেওঁ তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে মোৰাদাবাদতে বাস কৰে। 

তেওঁ ৫০ বছৰ ধৰি  চিকিৎসাসেৱাত ব্ৰতী হৈ আহিছে।  অৰবিন্দই সকলোৰে  বিপদৰ সময়ত যথা স্থানত গৈ উপস্থিত হয়।  চিকিৎসকগৰাকীয়ে  ২৫ বছৰ আগতেই তেওঁৰ  সম্পত্তি দান কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু বিভিন্ন কাৰণত সেয়া হৈ উঠা নাছিল। এইবাৰ সকলো বাধা অতিক্ৰমী  তেওঁ কামটোসমাধা কৰিবলৈ সক্ষম হ’ল। চিকিৎসকজনে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে  যোগী চৰকাৰক প্ৰায় ৬০০ কোটি টকাৰ সম্পত্তি হস্তান্তৰ কৰিছে।

 লকডাউনৰ সময়তো চিকিৎসকজনে সাধাৰণ মানুহৰ কাষত থিয় দিছিল। সেই সময়ত তেওঁ মোৰাদাবাদৰ ৫০ খন গাঁৱৰ বাসিন্দাৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ গাওঔঁ কেই খনৰ  মানুহৰ খাদ্যৰ যোগানৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল।  চিকিৎসকগৰাকীয়ে  আনকি বহু দৰিদ্ৰ ৰোগীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে দুখীয়া ৰোগীৰ পৰা এটকাও লোৱা নাছিল। 

উল্লেখ্য চিকিৎসক অৰবিন্দক দেশৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ মানৱীয় কামৰ বাবে চাৰিবাৰকৈ সন্মানিত কৰিছে। মোৰাদাবাদৰ চিকিৎসক অৰবিন্দ গোৱেলে শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰতিভা পাটিল আৰু এ পি জে আব্দুল কালামৰ পৰা তেনে সন্মান গ্ৰহণ কৰিছিল। এইবাৰ আকৌ সকলো সম্পত্তি দান কৰি তেওঁ দানবীৰ হিচাবে সমগ্ৰ দেশতে জনাজাত হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক