--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসংবাদ মাধ্যমৰ স্বাধীনতাৰ গোলকীয় সূচকত ভাৰতৰ স্থান যথেষ্ট  অৱনমিত হৈছে বুলি যি প্ৰতিবেদন প্ৰকাশ পাইছে সেয়া মানি ল’বলৈ অস্বীকাৰ কৰিছে ভাৰত চৰকাৰে। চলিত বৰ্ষৰ মে’ মাহত প্ৰকাশিত তালিকাখনত প্ৰকাশ পোৱা মতে  সংবাদমাধ্যৰ স্বাধীনতাৰ ক্ষেত্ৰত  বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান পূৰ্বৰ ১৪২ ৰ পৰা ১৫০ সংখ্যক স্থানলৈ অৱনমিত হৈছিল। কিন্তু চৰকাৰে এই প্ৰতিবেদন মুঠেও নামি ল’ব বিচৰা নাই। 

বৃহস্পতিবাৰে ৰাজ্যসভাৰ মজিয়াত এক লিখিত প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৱৰ্ল্ড প্ৰেছ ইনডেক্সৰ প্ৰস্তুত কৰোতে গ্ৰহণ কৰা  পদ্ধতি সম্পৰ্কে  প্ৰশ্ন উত্থাপন কৰে।  মন্ত্ৰীগৰাকীয়ে  ৰাজ্যসভাৰ দুগৰাকী  সাংসদ ক্ৰমে  মল্লিকাৰ্জুন খাৰ্গে আৰু সঞ্জয় সিঙৰ প্ৰশ্নৰ উত্তৰ দি কয়  যে চৰকাৰে সংবিধানৰ ১৯ অধ্যায়ত উল্লেখ কৰা বাক স্বাধীনতা সুৰক্ষিত কৰিবলৈ সদায় চেষ্টা কৰি আছে। 

একে সময়তে  তেওঁ স্মৰণ কৰে যে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া (পিচিআই) প্ৰেছ কাউন্সিল আইন, ১৯৭৮ অনুসৰি স্থাপন কৰা হৈছিল। ইয়াৰ  উদ্দেশ্য আছিল সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰা। সংবাদ মাধ্যম বিপদাপন্ন হোৱাৰ যিকোনো অভিযোগ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই চোৱা-চিতা কৰি আহিছে। এইক্ষেত্ৰত ভাৰতত সাংবাদিকৰ বাক স্বাধীনতাৰ গ্ৰাফ কিদৰে নিম্নগামী হ’ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। 

তেওঁ দাবী কৰে যে অতি কম সংখ্যক 'নমুনা'পৰীক্ষা কৰি এনে প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।তেওঁ এইটোও দাবী কৰে যে  ৱৰ্ল্ড প্ৰেছ ইনডেক্সৰ প্ৰস্তুত পদ্ধতিত বহুতো ত্ৰুটি আছে। ইফালে, মল্লিকাৰ্জুন খাৰ্গেই   শেহতীয়াকৈ কিমান জন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৰা প্ৰশ্নৰ উত্তৰত হিচাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  একো ক’ব নোৱাৰিলে । 

তেওঁ মাথো কয়  যে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৱে সাংবাদিকসকলৰ বিষয়ে পৃথকে এনে কোনো তথ্য সংৰক্ষণ নকৰে। উল্লেখ্য অল্টনিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে নতুন প্ৰশ্ন উত্থাপন কৰিছিল। 

জুবেইৰৰ গ্ৰেপ্তাৰৰ পিছতে কেৱল  দেশতে নহয়, বিদেশতো প্ৰতিবাদৰ ঢৌ উঠিছিল। অৱশেষত বুধবাৰে জুবেইৰক জামিন দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ