--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাহচা আমিনীৰ মৃত্যুৰ ১০০ দিনৰ পাছতো ইৰাণত হিজাব বিৰোধী প্ৰতিবাদ অব্যাহত আছে। তেনে প্ৰতিবাদৰ  মাজতে   ইৰাণত এজন নিৰাপত্তাকৰ্মীক প্ৰতিবাদকাৰীয়ে  গুলীয়াই হত্যা কৰে। এতিয়ালৈকে দেশ খনত প্ৰতিবাদকাৰীৰ গুলীত মুঠ তিনিজন সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেহৰাণৰ পৰা ৪৭০ কিলোমিটাৰ দূৰত থকা ছেমিৰাম আৰু ইছফাহান অঞ্চলত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বহু লোক লমবেত হৈছিল। আয়োজকসকলে  সামাজিক মাধ্যমৰ মঞ্চ ব্যৱহাৰ কৰি  এই প্ৰতিবাদ  আয়োজন কৰিছিল। চৰকাৰে প্ৰতিবাদস্থলীলৈ এক বৃহৎ আৰক্ষী বাহিনী প্ৰেৰণ কৰে। 

 নিৰাপত্তাৰক্ষীসকলে প্ৰতিবাদ বন্ধ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ফলত  দুয়োপক্ষৰ মাজত যুঁজ আৰম্ভ হৈছিল। নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত টিয়েৰ গেছ নিক্ষেপ কৰে, গুলীচালনা কৰে। প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীসকলৰ সৈতেও সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলৰ মাজৰ পৰা নিক্ষেৰপ কৰা  গুলীয়ে এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু ঘটায়৷ । 

ছেপ্টেম্বৰত, ইৰানী আৰক্ষীয়ে হিজাব পৰিধান নকৰাৰ বাবে ২২ বছৰীয়া মাহচা আমিনীক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ ৰহস্যজনকভাবে মৃত্যু ঘটিছিল৷ ।তেতিয়াৰে  পৰা দেশ খনত হিজাব বিৰোধী  প্ৰতিবাদ চলি আহিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ