--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাহচা আমিনীৰ মৃত্যুৰ ১০০ দিনৰ পাছতো ইৰাণত হিজাব বিৰোধী প্ৰতিবাদ অব্যাহত আছে। তেনে প্ৰতিবাদৰ  মাজতে   ইৰাণত এজন নিৰাপত্তাকৰ্মীক প্ৰতিবাদকাৰীয়ে  গুলীয়াই হত্যা কৰে। এতিয়ালৈকে দেশ খনত প্ৰতিবাদকাৰীৰ গুলীত মুঠ তিনিজন সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেহৰাণৰ পৰা ৪৭০ কিলোমিটাৰ দূৰত থকা ছেমিৰাম আৰু ইছফাহান অঞ্চলত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বহু লোক লমবেত হৈছিল। আয়োজকসকলে  সামাজিক মাধ্যমৰ মঞ্চ ব্যৱহাৰ কৰি  এই প্ৰতিবাদ  আয়োজন কৰিছিল। চৰকাৰে প্ৰতিবাদস্থলীলৈ এক বৃহৎ আৰক্ষী বাহিনী প্ৰেৰণ কৰে। 

 নিৰাপত্তাৰক্ষীসকলে প্ৰতিবাদ বন্ধ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ফলত  দুয়োপক্ষৰ মাজত যুঁজ আৰম্ভ হৈছিল। নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত টিয়েৰ গেছ নিক্ষেপ কৰে, গুলীচালনা কৰে। প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীসকলৰ সৈতেও সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলৰ মাজৰ পৰা নিক্ষেৰপ কৰা  গুলীয়ে এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু ঘটায়৷ । 

ছেপ্টেম্বৰত, ইৰানী আৰক্ষীয়ে হিজাব পৰিধান নকৰাৰ বাবে ২২ বছৰীয়া মাহচা আমিনীক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ ৰহস্যজনকভাবে মৃত্যু ঘটিছিল৷ ।তেতিয়াৰে  পৰা দেশ খনত হিজাব বিৰোধী  প্ৰতিবাদ চলি আহিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ