--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী দায়িত্বজ্ঞানহীন মাতৃৰ ভুলৰ ফল ভুগিবলগীয়া হ’ল এটি নৱজাতকে। ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচুৰীৰ।  চহৰ খনৰ এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাটোক ঝুলনাত ৰখাৰ সলনি  অভেনত ৰাখি অভেনৰ দুৱাৰ বন্ধ কৰি দিছিল।মাতৃগৰাকীয়ে ভাবিছিল অভেনৰ ভিতৰত নৱজাতকটি সুৰক্ষিত হৈ থাকিব। 

কিন্তু অভেনৰ ভিতৰত নৱজাতকটিৰ  শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে।  কাৰণ মাতৃয়ে গম নোপোৱাকৈয়ে সেই সময়ত  অভেনটোও চলি আছিল।  ফলত শিশুটো বেয়াকৈ জ্বলি গৈছিল আৰু মৃত্যুবৰণ কৰিছিল। মাতৃয়ে ইচ্ছাকৃতভাৱে এনে কৰিছিল নে  ভুলতে  কৰিছিল তাকেলৈ ৰহস্যৰ সৃষ্টি কৰিছে। ঘটনাটো মিচৌৰীৰ কানছাছ চিটিৰ। এক সংবাদ সংস্থাৰ মতে চহৰ খনত বাস কৰা মাৰিয়াথ থমাছৰ এনে কাৰ্যৰ বাবে নৱজাতক সন্তানক হত্যা কৰাৰ অভিযোগত এটি গোচৰ ৰুজু কৰা হৈছে।  কানছাছ চিটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  অনুসন্ধান আৰম্ভ কৰিছে।  

আহত শিশুটিক লগে লগে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ইতিমধ্যে শিশুটিৰ মৃত্যু ঘটিছিল।  মাতৃৰ অৱহেলাৰ বাবে এটা নৱজাতক শিশুৱে প্ৰাণ হেৰুওৱাৰ ঘটনাই বহুতৰে মাজত শোকৰ ছাঁ পেলাইছে।  
FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান
পথাৰত ছিঁৰাল ফাট! পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি চিন্তিত কৃষক