--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী দায়িত্বজ্ঞানহীন মাতৃৰ ভুলৰ ফল ভুগিবলগীয়া হ’ল এটি নৱজাতকে। ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচুৰীৰ।  চহৰ খনৰ এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাটোক ঝুলনাত ৰখাৰ সলনি  অভেনত ৰাখি অভেনৰ দুৱাৰ বন্ধ কৰি দিছিল।মাতৃগৰাকীয়ে ভাবিছিল অভেনৰ ভিতৰত নৱজাতকটি সুৰক্ষিত হৈ থাকিব। 

কিন্তু অভেনৰ ভিতৰত নৱজাতকটিৰ  শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে।  কাৰণ মাতৃয়ে গম নোপোৱাকৈয়ে সেই সময়ত  অভেনটোও চলি আছিল।  ফলত শিশুটো বেয়াকৈ জ্বলি গৈছিল আৰু মৃত্যুবৰণ কৰিছিল। মাতৃয়ে ইচ্ছাকৃতভাৱে এনে কৰিছিল নে  ভুলতে  কৰিছিল তাকেলৈ ৰহস্যৰ সৃষ্টি কৰিছে। ঘটনাটো মিচৌৰীৰ কানছাছ চিটিৰ। এক সংবাদ সংস্থাৰ মতে চহৰ খনত বাস কৰা মাৰিয়াথ থমাছৰ এনে কাৰ্যৰ বাবে নৱজাতক সন্তানক হত্যা কৰাৰ অভিযোগত এটি গোচৰ ৰুজু কৰা হৈছে।  কানছাছ চিটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  অনুসন্ধান আৰম্ভ কৰিছে।  

আহত শিশুটিক লগে লগে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ইতিমধ্যে শিশুটিৰ মৃত্যু ঘটিছিল।  মাতৃৰ অৱহেলাৰ বাবে এটা নৱজাতক শিশুৱে প্ৰাণ হেৰুওৱাৰ ঘটনাই বহুতৰে মাজত শোকৰ ছাঁ পেলাইছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ