--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ৰ ২২ জানুৱাৰীত অযোধ্যাত সম্পন্ন হ’ল ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ। দীৰ্ঘদিনীয়া বিতৰ্ক, ন্যায়িক যুঁজৰ অন্ত পেলাই অযোধ্যাত নিৰ্মাণ হল ৰাম মন্দিৰ। ভাৰতৰ ৰাজনীতিত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগ পূৰ্বৰ পৰাই আছিল প্ৰাসংগিক। বিশেষকৈ বিজেপিৰ বাবে ৰাম মন্দিৰ নিৰ্মাণ আছিল মূল ৰাজনৈতিক অস্ত্ৰ। 

ভাৰতৰ দৰেই আন এখন দেশতো ৰাম চন্দ্ৰক লৈ চলি আহিছে বিতৰ্ক তথা ৰাজনীতি। চুবুৰীয়া দেশ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে উত্থাপন কৰিছিল ৰামৰ প্ৰসংগ। ৰামক ভাৰতৰ নহয় বৰঞ্চ নেপালৰ বুলিহে অভিহিত কৰিছে কে পি অলিয়ে। যাক লৈ ভাৰততো সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। প্ৰকৃত অযোধ্যা নেপালত থকা বুলি উল্লেখ কৰি ভগৱন্ত ৰামক নেপালী আখ্যা দিছিল অলিয়ে। 

ভাৰতৰ অন্যতম প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ চীনৰ পৰম মিত্ৰ হিচাপে পৰিচিত আছিল কে পি অলি। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছিল ভাৰত বিৰোধী স্থিতি। ভাৰতৰ বিৰোধিতা কৰি চীনৰ কাষ চাপিবলৈ অহৰহ চেষ্টা চলাইছিল কে পি অলিয়ে। চীনক তৈলমৰ্দন কৰিবলৈয়ে নেপালক ৰামৰ জন্মভূমি বুলি আখ্যা দিয়াতে ক্ষান্ত থকা নাছিল কে পি অলি। দীৰ্ঘকাল ধৰি নেপাল সাংস্কৃতিক আধিপত্যবাদৰ বলি হোৱা বুলি মন্তব্য কৰিছিল কে পি অলিয়ে। লগতে নেপালৰ ইতিহাস বিকৃত কৰা বুলি ভাৰতলৈ আঙুলি টোঁৱাইছিল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাম আৰু সীতাক নেপালত জন্ম হোৱা বুলি উল্লেখ কৰি নেপালৰ ৰিদি নামৰ ঠাইত বাল্মীকি আশ্ৰম থকা বুলি দাবী কৰিছিল কে পি অলিয়ে। 

এনেদৰে ভাৰত বিদ্বেষী অৱস্থান লোৱা কে পি অলি ক্ষমতাচ্যুত হয় ২০২২ চনত। ৰামৰ প্ৰসংগৰে ভাৰতৰ বিৰোধিতা কৰা অলিক প্ৰত্যাখ্যান কৰে নেপালৰ জনতাই। লক্ষ্যণীয়ভাৱে বৰ্তমানৰ পুষ্পকমল দাহাল নেতৃত্বাধীন চৰকাৰখনে কে পি অলিৰ বিপৰীত অৱস্থান গ্ৰহণ কৰিছে। ভাৰতৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক আদৰণি জনাইছে বৰ্তমানৰ নেপাল চৰকাৰে। ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্বে নেপালৰ বিভিন্ন জনে আগবঢ়াইছিল কোটি টকাৰ উপহাৰ। 

প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে নেপালৰ একাংশ ভক্তিপ্ৰাণে ভাৰতক উপহাৰ দিছিল মূল্যৱান সামগ্ৰী। সোণ-ৰূপৰ অলংকাৰ, বাচন, খৰম, ধনুকাঁড় আদি সুদৃশ্য ট্ৰাকত কঢ়িয়াই অনা হৈছিল  নেপালৰ পৰা। নেপালৰ সহস্ৰাধিক ভক্তিপ্ৰাণেও অযোধ্যালৈ আহিছিল প্ৰাণ প্ৰতিষ্ঠা উপভোগ কৰিবলৈ। এনেদৰেই অৱশেষত ওৰ পৰিল এসময়ত নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা ৰাম মন্দিৰ বিতৰ্কৰ। 

ভাৰতৰ লগতে নেপালৰ ভক্তিপ্ৰাণে আদৰি ল’লে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ