--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক :  স্বাস্থ্যৰ বাবে নাৰিকলৰ পানীক অন্যতম উপকাৰী পানীয় হিচাপে গণ্য কৰা হয়। দৈনিক এই পানী খোৱাটো স্বাস্থ্যসন্মত। কম কেলৰিযুক্ত হোৱাৰ সমান্তৰালভাৱে ই শৰীৰত চৰ্বি আৰু কলেষ্টেৰল বৃদ্ধি ৰোধ কৰাত সহায় কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে নাৰিকলৰ পানীয়ে শৰীৰক পানীলগা সমস্যাৰ লগতে বহু স্বাস্থ্যজনিত সমস্যা দূৰ কৰি বহু ধৰণৰ পুষ্টিকৰ উপাদান সহজে পোৱা যায়।

 অধ্যয়নত দেখা গৈছে যে যিসকল লোকে নিয়মিতভাৱে নাৰিকল পানী সেৱন কৰিলে ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যহীনতাৰ সম্ভাৱনা যথেষ্ট কম। ইলেক্ট্ৰ’লাইট হৈছে এনে খনিজ পদাৰ্থ যিয়ে শৰীৰক শক্তিশালী কৰি ৰখাত সহায় কৰে।

 নাৰিকলৰ পানী সোৱাদত কম মিঠা, গতিকে এটা প্ৰশ্ন উত্থাপন হয় যে ডায়েবেটিছ ৰোগীয়েও ইয়াক সেৱন কৰিব পাৰে নেকি? নাৰিকলৰ পানীয়ে তেজত শৰ্কৰাৰ মাত্ৰাত কেনে প্ৰভাৱ পেলায়? অধ্যয়নৰ ভিত্তিত জানো আহক যে নাৰিকলৰ পানী খোৱাটো শৰীৰৰ বাবে উপকাৰী হয় নে নহয়?

 ১. ডায়েবেটিছত নাৰিকলৰ পানী উপযোগীনে?

স্বাস্থ্য বিশেষজ্ঞৰ মতে ডায়েবেটিছ ৰোগীৰ বাবে নাৰিকলৰ পানী সেৱন কৰাটো উপকাৰী। তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত নাৰিকলৰ পানী উপকাৰী হ’ব পাৰে। নাৰিকলৰ পানীৰ গ্লাইচেমিক ইনডেক্স মাত্ৰ ৩ হয়  বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে উপযুক্ত পানীয়। ৫৫তকৈ কম গ্লাইচেমিক ইনডেক্স থকা খাদ্যবোৰ ডায়েবেটিছত অতি উপকাৰী বুলি ধৰা হয়।

২. নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে ইলেক্ট্ৰ’লাইট থাকে-

নাৰিকলৰ পানীত কেলৰি আৰু কাৰ্ব অতি কম। পটাছিয়াম, ছ’ডিয়াম আৰু মেগনেছিয়ামৰ বাহিৰেও ইয়াত বিভিন্ন ধৰণৰ ইলেক্ট্ৰলাইট থাকে যিবোৰ শৰীৰক সুস্থভাৱে কাম কৰিবলৈ প্ৰয়োজন। নাৰিকলৰ পানীয়ে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে শক্তিশালী কৰি ৰখাত অতি সহায়ক হ’ব পাৰে। ইয়াক আটাইতকৈ উপকাৰী দেশী পানীয় বুলিও ক’ব পাৰি।

৩. উচ্চ ৰক্তচাপ থকাসকলৰ বাবেও ই উপকাৰী-

বেছিভাগ লোকে খাদ্যৰ পৰা পৰ্যাপ্ত পৰিমাণে পটাছিয়াম নাপায়। এই খনিজ পদাৰ্থই প্ৰস্ৰাৱৰ জৰিয়তে আপোনাৰ শৰীৰৰ পৰা অতিৰিক্ত ছ’ডিয়াম আঁতৰোৱাত সহায় কৰে। প্ৰাথমিক গৱেষণাৰ পৰা দেখা গৈছে যে নাৰিকলৰ পানীত থকা পটাছিয়ামে ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে। কিন্তু যদি আপুনি ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰি আছে তেন্তে নাৰিকলৰ পানী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন।

৪. বৃক্কত পাথৰ হোৱা প্ৰতিৰোধ-

নেচনেল ইনষ্টিটিউট অব ডায়েবেটিছ এণ্ড ডাইজেষ্টিভ এণ্ড কিডনী ডিজিজৰ তথ্য অনুসৰি আমেৰিকাত ১১% পুৰুষ আৰু ৬% মহিলাই জীৱনত এবাৰ হ’লেও কিডনীত পাথৰৰ সন্মুখীন হৈ আহিছে। ইয়াক প্ৰতিৰোধ কৰিবলৈ হাইড্ৰেটেড হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। সুষম খাদ্যৰ অংশ হিচাপে নাৰিকলৰ পানী খালে আপোনাৰ উপকাৰ হ’ব পাৰে। ২০১৮ চনৰ এক অধ্যয়নত দেখা গৈছে যে নাৰিকলৰ পানীয়ে প্ৰস্ৰাৱত থকা পটাছিয়াম, ক্লৰাইড আৰু চাইট্ৰেট হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি