--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্বাস্থ্য বজাই ৰাখিবলৈ বৃক্ক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজন। এই সৰু অথচ অতি গুৰুত্বপূৰ্ণ অংগটোৱে মানুহৰ শৰীৰত ফিল্টাৰ হিচাপে কাম কৰে। কিডনীয়ে শৰীৰৰ পৰা আৱৰ্জনা আঁতৰাই তেজ পৰিষ্কাৰ কৰি ৰখাৰ লগতে শৰীৰৰ পৰা পেলনীয়া পদাৰ্থমুক্ত কৰে। আনহাতে, শৰীৰত থকা খনিজ পদাৰ্থৰ ভাৰসাম্যতাও বজাই ৰাখে। কিন্তু আধুনিক জীৱনৰ কিছুমান অভ্যাসে বৃক্কলৈ মাৰাত্মক বিপদৰ সৃষ্টি কৰি আহিছে। বেছিভাগ সময়তে মানুহে উপলব্ধি নকৰে যে নিষ্কাশন তন্ত্ৰৰ এই প্ৰধান অংশটো শৰীৰৰ ভিতৰত ক্ষতিগ্ৰস্ত হৈ পৰে। গতিকে কিডনীৰ স্বাস্থ্য বজাই ৰাখিবলৈ এই অভ্যাসবোৰ আমি এৰাই চলা উচিত।

 ১. অত্যধিক প্ৰচেছড খাদ্য খোৱা-

প্ৰচেছড খাদ্যত ছ’ডিয়াম আৰু ফছফৰাছ থাকে, যিবোৰ বৃক্কৰ বাবে অত্যন্ত ক্ষতিকাৰক হ’ব পাৰে বৃক্ক সম্পৰ্কীয় যিকোনো সমস্যাত ভুগি থকা লোকসকলে সকলো প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে

২. অভাৰ দ্যা কাউণ্টাৰ (OTC)-

ঔষধ আৰু বডি বিল্ডিঙৰ বাবে ব্যৱহাৰ কৰা স্বাস্থ্য পৰিপূৰক আৰু বিষনাশক ঔষধৰ অতিমাত্ৰা ব্যৱহাৰ আজিৰ দিনত সাধাৰণ কথা। কিন্তু কাউণ্টাৰৰ পৰা পোৱা ঔষধ বিশেষকৈ বিষনাশক ঔষধ গ্ৰহণ কৰিলে বৃক্কৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৩. অধিক নিমখ ব্যৱহাৰ কৰা-

নিমখত ছ’ডিয়াম থাকে আৰু অত্যধিক ছ’ডিয়াম কিডনীৰ বাবে বিপজ্জনক। গতিকে বৃক্কৰ স্বাস্থ্য বজাই ৰাখিবলৈ অতিৰিক্ত ছ’ডিয়ামৰ পৰা আঁতৰি থকাটোৱেই উত্তম।

৪. অতিৰিক্ত চেনি সেৱন কৰা-

যিবোৰ খাদ্য আৰু পানীয়ত পুষ্টিকৰ উপাদান নাথাকে কিন্তু কেলৰি যথেষ্ট পৰিমাণে থাকে সেইবোৰক ‘খালী কেলৰি’ বোলা হয়। অত্যধিক চেনি খালে মেদবহুলতা হ’ব পাৰে। মেদবহুলতাই শৰীৰক উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ প্ৰৱণতা সৃষ্টি কৰে ফলত বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পায়।

৫ পৰ্যাপ্ত পৰিমাণে পানী নোখোৱা-

বৰ্তমান সময়ত কিডনীত পাথৰ হোৱাটো এটা সাধাৰণ সমস্যা হৈ পৰিছে। পৰ্যাপ্ত পৰিমাণে পানী নাখালে এই ৰোগৰ সম্ভাৱনা সৰ্বাধিক বৃদ্ধি পায়। পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিলে বৃক্কই বিপাকীয় আৱৰ্জনাবোৰ বাহিৰ কৰি পেলোৱাত সহায় কৰাৰ ফলত পাথৰ হোৱাৰ আশংকা হ্ৰাস পায়।

৬. নিয়মীয়া ব্যায়ামৰ অভাৱ-

কেইবাটাও গৱেষণাই দেখুৱাইছে যে জীৱনশৈলীৰ পৰিৱৰ্তন বৃক্কৰ স্বাস্থ্যৰ বাবে ভাবুকি হ’ব পাৰে। সেয়েহে বৃক্কৰ স্বাস্থ্য বজাই ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। কম হ’লেও শাৰীৰিক কাৰ্যকলাপ বৃক্কৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ

৭. ধূমপান-

ধূমপানে শৰীৰত আন বহুতো ৰোগ সৃষ্টি কৰাৰ লগতে বৃক্কৰো গুৰুতৰ ক্ষতি হয়। ধূমপানে বৃক্কলৈ তেজৰ সোঁত কমাই দিয়ে আৰু লগতে বৃক্কত থকা ৰক্তবাহী নলীকাবোৰো সংকুচিত কৰে। ধূমপান কৰিলে বৃক্কৰ ধমনীবোৰ ঘন হৈ কঠিন হৈ পৰে। গতিকে সুস্থ বৃক্কৰ বাবে ধূমপানৰ অভ্যাসৰ পৰা দূৰত থাকক।

৮. মদ্যপান-

অত্যধিক মদ্যপানে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে আৰু স্বাভাৱিকতকৈ অধিক ইউৰিক এচিডে বৃক্কৰ সমস্যাৰ সৃষ্টি কৰে। গতিকে বিশেষজ্ঞসকলৰ পৰামৰ্শ মতে কিডনী ৰোগত আক্ৰান্ত লোকসকলে সুৰাপান নকৰাটো স্বাস্থ্যৰ পক্ষে উচিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ