--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কেইবছৰমানত গুৱাহাটীৰ ট্ৰেফিক ছিগনেল আৰু পদপথত বৃদ্ধি পাইছে মগনীয়াৰ সংখ্যা৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰতা হ্ৰাস কৰিবলৈ অহৰ্নিশে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে দৈনিক বৃদ্ধি পোৱা মগনীয়াৰ বৰ্ধিত সংখ্যাই অন্য বহু ঘটনা-পৰিঘটনাৰ ইংগিত বহন কৰিছে৷ 

শেহতীয়াকৈ গুৱাহাটীৰ ৰাজপথত হঠাতে বৃদ্ধি পাইছে মগনীয়াৰ সংখ্যা৷ এতিয়া গুৱাহাটীত প্ৰতিটো ট্ৰেফিক ছিগনেলতে দেখা যায় ৫ৰ পৰা ৬গৰাকীকৈ মগনীয়া৷ এই মগনীয়াসকলৰ বেছিভাগেই শিশু, মহিলা, বিশেষভাৱে সক্ষম ৬-৮ বছৰীয়া শিশু৷ অৱশ্যে ৰহস্যজনক কথাটো এয়ে যে ২-৩ বা ততোধিক ট্ৰেফিক আৰক্ষী কনিষ্টবল থকা সত্ত্বেও তেওঁলোকে মগনীয়াসকলক সেই স্থান ত্যাগ কৰিবলৈ বাধ্য নকৰে।

গুৱাহাটীৰ এই মগনীয়াসকলৰ বেছিভাগে হিন্দীভাষী৷ প্ৰায়ে তেওঁলোকে টকা-পইচা বিচাৰে, কেতিয়াবাহে খাদ্য বা কাপোৰ বিচাৰে।

এই মগনীয়াসকলৰ আঁৰত গুৱাহাটীত গঢ় লৈ উঠিছে নেকি বৃহৎ ছিণ্ডিকেট? এই সংশয় এতিয়া সচেতন মহলৰ৷ মগনীয়াক লৈ গুৱাহাটীত আৰম্ভ হৈছে নেকি ক’লা সাম্ৰাজ্য? ক’ৰ পৰা কেনেকৈ আহি গুৱাহাটীত বাহৰ পাতিছেহি এইসকল হিন্দীভাষী মগনীয়াই? এই বিষয়টো পুংখানুপুংখভাৱে অধ্যয়ন কৰি চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে৷ 

অসম ভিক্ষা প্ৰতিৰোধ আইন-১৯৬৪ এখন ৫৯ বছৰ পুৰণি আইন৷ ইমান পুৰণি আইন এখন কাৰ্যকৰী হৈ থকাৰ পাছতো গুৱাহাটীত মগনীয়াসকলক ৰখা আৰু পুনৰ্বাসিত কৰা কাৰ্য কাৰ্যকৰী হোৱা নাই। সাতটা বেচৰকাৰী সংগঠনৰ সৈতে এক অভিযান আৰু সহযোগিতা থকা সত্ত্বেও বহুতো মগনীয়া গুৱাহাটীত আছে। চৰকাৰে মগনীয়াসকলৰ ঘৰ স্থাপন কৰা, ভিক্ষা কৰা নিষিদ্ধ কৰা, ভিক্ষা বিৰোধী আইন কাৰ্যকৰী কৰা, আৰু পুনৰ্সংস্থাপন পৰিকল্পনা বিকশিত কৰা উচিত। উচ্চতম ন্যায়ালয়ে ২০২১ৰ ২৭ জুলাইত দিয়া নিৰ্দেশ অনুসৰি চৰকাৰে মগনীয়া পুনৰ্সংস্থাপন আঁচনিবোৰক সমাজ কল্যাণ আঁচনিৰ সৈতে সংযুক্ত কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ