--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কেইবছৰমানত গুৱাহাটীৰ ট্ৰেফিক ছিগনেল আৰু পদপথত বৃদ্ধি পাইছে মগনীয়াৰ সংখ্যা৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰতা হ্ৰাস কৰিবলৈ অহৰ্নিশে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে দৈনিক বৃদ্ধি পোৱা মগনীয়াৰ বৰ্ধিত সংখ্যাই অন্য বহু ঘটনা-পৰিঘটনাৰ ইংগিত বহন কৰিছে৷ 

শেহতীয়াকৈ গুৱাহাটীৰ ৰাজপথত হঠাতে বৃদ্ধি পাইছে মগনীয়াৰ সংখ্যা৷ এতিয়া গুৱাহাটীত প্ৰতিটো ট্ৰেফিক ছিগনেলতে দেখা যায় ৫ৰ পৰা ৬গৰাকীকৈ মগনীয়া৷ এই মগনীয়াসকলৰ বেছিভাগেই শিশু, মহিলা, বিশেষভাৱে সক্ষম ৬-৮ বছৰীয়া শিশু৷ অৱশ্যে ৰহস্যজনক কথাটো এয়ে যে ২-৩ বা ততোধিক ট্ৰেফিক আৰক্ষী কনিষ্টবল থকা সত্ত্বেও তেওঁলোকে মগনীয়াসকলক সেই স্থান ত্যাগ কৰিবলৈ বাধ্য নকৰে।

গুৱাহাটীৰ এই মগনীয়াসকলৰ বেছিভাগে হিন্দীভাষী৷ প্ৰায়ে তেওঁলোকে টকা-পইচা বিচাৰে, কেতিয়াবাহে খাদ্য বা কাপোৰ বিচাৰে।

এই মগনীয়াসকলৰ আঁৰত গুৱাহাটীত গঢ় লৈ উঠিছে নেকি বৃহৎ ছিণ্ডিকেট? এই সংশয় এতিয়া সচেতন মহলৰ৷ মগনীয়াক লৈ গুৱাহাটীত আৰম্ভ হৈছে নেকি ক’লা সাম্ৰাজ্য? ক’ৰ পৰা কেনেকৈ আহি গুৱাহাটীত বাহৰ পাতিছেহি এইসকল হিন্দীভাষী মগনীয়াই? এই বিষয়টো পুংখানুপুংখভাৱে অধ্যয়ন কৰি চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে৷ 

অসম ভিক্ষা প্ৰতিৰোধ আইন-১৯৬৪ এখন ৫৯ বছৰ পুৰণি আইন৷ ইমান পুৰণি আইন এখন কাৰ্যকৰী হৈ থকাৰ পাছতো গুৱাহাটীত মগনীয়াসকলক ৰখা আৰু পুনৰ্বাসিত কৰা কাৰ্য কাৰ্যকৰী হোৱা নাই। সাতটা বেচৰকাৰী সংগঠনৰ সৈতে এক অভিযান আৰু সহযোগিতা থকা সত্ত্বেও বহুতো মগনীয়া গুৱাহাটীত আছে। চৰকাৰে মগনীয়াসকলৰ ঘৰ স্থাপন কৰা, ভিক্ষা কৰা নিষিদ্ধ কৰা, ভিক্ষা বিৰোধী আইন কাৰ্যকৰী কৰা, আৰু পুনৰ্সংস্থাপন পৰিকল্পনা বিকশিত কৰা উচিত। উচ্চতম ন্যায়ালয়ে ২০২১ৰ ২৭ জুলাইত দিয়া নিৰ্দেশ অনুসৰি চৰকাৰে মগনীয়া পুনৰ্সংস্থাপন আঁচনিবোৰক সমাজ কল্যাণ আঁচনিৰ সৈতে সংযুক্ত কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু