--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী! কাইলৈ বহুপ্ৰতীক্ষিত পোহৰৰ উৎসৱ৷গৰিষ্ঠসংখ্যক লোকে পৰিয়াল আৰু আপোনজনৰ সৈতে দীপাৱলীৰ দিনটো উদ্‌যাপন কৰে। বেছিভাগ কৰ্মনিয়োজিত লোকৰ বাবে বন্ধৰ দিন আৰু তেওঁলোকে মালিক বা কৰ্তৃপক্ষৰ পৰা দীপাৱলী বুলি বোনাছ বা কোনো ধৰণৰ উপহাৰ পোৱাটো একেবাৰেই সাধাৰণ কথা।

কিন্তু এজন নিয়োগকৰ্তাই তেওঁৰ কৰ্মচাৰীসকলক দীপাৱলীৰ বাবে ঘৰলৈ যাবলৈ ছুটী দিয়াৰ পৰা বঞ্চিত হোৱাটো এক চাঞ্চল্যকৰ হত্যাকাণ্ডত যেতিয়া পৰিণত হয় তেতিয়া প্ৰকৃততে সকলো সচকিত হৈ পৰে।

শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা ৰাজু ভৌৰাও ধেংৰেক ডিঙি চেপি দুজন কৰ্মচাৰীয়ে প্ৰহাৰ হত্যা কৰে।নাগপুৰ-উমৰেদ পথৰ পাচগাঁৱত এখন ধাবা চলাই থকা ৪৮ বছৰীয়া যুৱকজনে দীপাৱলীৰ বাবে ছুটী আৰু বোনাছৰ দাবী নাকচ কৰাৰ পাছতে চ'তু আৰু আদি নামৰ দুজন কৰ্মচাৰীয়ে হত্যা কৰে।

খবৰ অনুসৰি মধ্যপ্ৰদেশৰ মণ্ডলাৰ চ'তু আৰু আদিয়ে দীপাৱলীৰ বাবে ঘৰলৈ যাব বিচাৰিছিল। তদুপৰি তেওঁলোকে মালিকৰ পৰা দীপাৱলীৰ বোনাছ বিচাৰিছিল, যিটো পূৰণ নহ’ল যাৰ ফলশ্ৰুতিত এই অনাকাংক্ষিত ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, মাত্ৰ প্ৰায় এমাহ পূৰ্বে ধেংৰে এজন এজেণ্টৰ জৰিয়তে চ’তু আৰু আদিক নিযুক্তি দিছিল।শনিবাৰে নিশা ধাবাত ৰাতিৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে পইছাক লৈ ধেংৰে আৰু কৰ্মচাৰী দুজনৰ মাজত কাজিয়া আৰম্ভ হয়। পাছত তেওঁ শুই যায় আৰু ধেংৰে বিচনাত পৰি থকাৰ সময়তে দুয়োজনে ডিঙি চেপি হত্যা কৰাৰ লগতে কাঠৰ টুকুৰায়ো আক্ৰমণ কৰে।

ইয়াৰ পাছত দুয়োজন অভিযুক্ত ধেংৰেৰ গাড়ীত উঠি পলায়ন কৰে যদিও ভিৰগাঁৱৰ নাগ নদীৰ এখন দলঙৰ সমীপত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত কৰি সেই ঠাই পৰিত্যাগ কৰে।আৰক্ষীৰ মতে, দুয়োজন লোক এতিয়াও পলাতক অৱস্থাত আছে আৰু তেওঁলোকৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক