--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বানৰ পিছত   উত্তৰাখণ্ডত সংঘটিত হৈছে আন এক দুৰ্যোগ! দেৱভূমিত নিৰ্মাণ কৰি থকা  এটা সুৰংগ খহি পৰাৰ পিছত দেওবাৰে পুৱা ৪০ জন শ্ৰমিক সুৰংগৰ ভিতৰত আব্দ্ধ হৈ পৰে।ধ্বংসস্তূপৰ ভিতৰত কমেও ৪০ জন শ্ৰমিক আৱদ্ধ হৈ থকাৰ কথা প্ৰশাসনে নিশ্চিত কৰিছে। আবদ্ধ হৈ পৰি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অভিযান  চলি আছে। অৱশ্যে এতিয়ালৈকে কোনো শ্ৰমিকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

উল্লেখ্য ৰাজ্য খনত সকলো বতৰৰ বাবে উপযোগী সুৰংগ নিৰ্মাণ কৰি থকা হৈছে।  দৰ্শনাৰ্থীসকলে যাতে  গোটেই বছৰটো চাৰধাম দৰ্শন  কৰিব পাৰে সেইবাবেই তেনে সুৰংগৰ নিৰ্মাণ চলি আছে।  উত্তৰকাশীৰ পৰা যমুনোত্ৰী ধামলৈ যোৱা পথটোৰ দৈৰ্ঘ্য  কমেও ২৬ কিলোমিটাৰ হ্ৰাস কৰিব এনে সুৰংগ নিৰ্মাণ কৰা হৈছে।  আজি দুৰ্ঘটনা সংঘটিত হোৱা  সুৰংগটোও সেই প্ৰকল্পৰে অংশ হিচাপে নিৰ্মাণ কৰা হৈছে। 

দেওবাৰে পুৱা প্ৰায় ৪ বজাত সুৰংগটোৰ এটা অংশ খহি পৰে। অৱশ্যে, দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল-যমুনোত্ৰী ঘাইপথৰ কাষত ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোত এই দুৰ্ঘটনা সংঘটিত হয়।  সুৰংগটোৰ  ১৫০  মিটাৰ অংশ হঠাতে খহি পৰা বুলি জানিব পৰা গৈছে।সেই সময়ত তাত কমেও ৪০ জন শ্ৰমিকে কাম কৰি  আছিল। খবৰ অনুসৰি তেওঁলোক সকলো ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ আছে।উত্তৰকাশীৰ আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীয়ে  ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে।   আৱদ্ধ  হৈ পৰা শ্ৰমিকসকলক বাহিৰৰ পৰাই অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ