--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বানৰ পিছত   উত্তৰাখণ্ডত সংঘটিত হৈছে আন এক দুৰ্যোগ! দেৱভূমিত নিৰ্মাণ কৰি থকা  এটা সুৰংগ খহি পৰাৰ পিছত দেওবাৰে পুৱা ৪০ জন শ্ৰমিক সুৰংগৰ ভিতৰত আব্দ্ধ হৈ পৰে।ধ্বংসস্তূপৰ ভিতৰত কমেও ৪০ জন শ্ৰমিক আৱদ্ধ হৈ থকাৰ কথা প্ৰশাসনে নিশ্চিত কৰিছে। আবদ্ধ হৈ পৰি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অভিযান  চলি আছে। অৱশ্যে এতিয়ালৈকে কোনো শ্ৰমিকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

উল্লেখ্য ৰাজ্য খনত সকলো বতৰৰ বাবে উপযোগী সুৰংগ নিৰ্মাণ কৰি থকা হৈছে।  দৰ্শনাৰ্থীসকলে যাতে  গোটেই বছৰটো চাৰধাম দৰ্শন  কৰিব পাৰে সেইবাবেই তেনে সুৰংগৰ নিৰ্মাণ চলি আছে।  উত্তৰকাশীৰ পৰা যমুনোত্ৰী ধামলৈ যোৱা পথটোৰ দৈৰ্ঘ্য  কমেও ২৬ কিলোমিটাৰ হ্ৰাস কৰিব এনে সুৰংগ নিৰ্মাণ কৰা হৈছে।  আজি দুৰ্ঘটনা সংঘটিত হোৱা  সুৰংগটোও সেই প্ৰকল্পৰে অংশ হিচাপে নিৰ্মাণ কৰা হৈছে। 

দেওবাৰে পুৱা প্ৰায় ৪ বজাত সুৰংগটোৰ এটা অংশ খহি পৰে। অৱশ্যে, দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল-যমুনোত্ৰী ঘাইপথৰ কাষত ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোত এই দুৰ্ঘটনা সংঘটিত হয়।  সুৰংগটোৰ  ১৫০  মিটাৰ অংশ হঠাতে খহি পৰা বুলি জানিব পৰা গৈছে।সেই সময়ত তাত কমেও ৪০ জন শ্ৰমিকে কাম কৰি  আছিল। খবৰ অনুসৰি তেওঁলোক সকলো ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ আছে।উত্তৰকাশীৰ আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীয়ে  ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে।   আৱদ্ধ  হৈ পৰা শ্ৰমিকসকলক বাহিৰৰ পৰাই অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক