--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৪ নৱেম্বৰ বৃহস্পতিবাৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ তিথিত পোহৰৰ উৎসৱ দেৱালী বা দীপাৱলী উদযাপন কৰা হ'ব। চাকি-মম আৰু ভিন্নৰঙী লাইট জ্বলাই চৌপাশ পোহৰময় কৰি ৰাখে হিন্দু ধৰ্মাৱলম্বীলোকসকলে। দেৱালীত মানুহে ঘৰবোৰ ৰঙীন পোহৰেৰে সজায় যাতে মা দেৱী লক্ষ্মীৰ গৃহ প্ৰৱেশ ঘটে। ঘৰত উপস্থিত হয়।দেৱালীত মা লক্ষ্মী আৰু গণেশক পূজা কৰা হয়। বিশ্বাস অনুসৰি এই দিনটোত ঘৰৰ কোনো ঠাইত অন্ধকাৰ থাকিব নালাগে, অন্যথা মা লক্ষ্মী সেইখন ঘৰত উপস্থিত নহয়। চাকি জ্বলালেই নহ'ব, চাকি জ্বলোৱাৰ নিয়মো জানিব লাগিব। শুদ্ধ ৰূপত দেৱালীত চাকি জ্বলালেহে মা দেৱী লক্ষ্মীয়ে আশীৰ্বাদ প্ৰদান কৰে। বাস্তুশাস্ত্ৰত চাকি জ্বলোৱাৰ সঠিক নিয়ম বৰ্ণনা কৰা হৈছে।

চাকি জ্বলোৱাৰ সঠিক উপায় 

১)কেতিয়াও দক্ষিণফালে চাকি জ্বলাব নালাগে, কিয়নো ই অশুভ।
২)দেৱালীৰ চাকিবোৰ বিশুদ্ধ ঘিউৰে জ্বলাব পাৰিলে ভাল।
৩)দেৱালীৰ চাকিত কেতিয়াও সূৰ্যমুখী তেল ব্যৱহাৰ নকৰিব।
৪)দেৱালী চাকিৰ শলিতা দীঘল হোৱাটো প্ৰয়োজন।
৫)চাকি জ্বলোৱাৰ আৰম্ভণি নিজা পূজাগৃহৰ পৰা কৰক
৬)দেৱালীৰ দিনা ঘৰত লক্ষ্মী আৰু গণেশক স্বাগতম জনাবলৈ মূল গেট আৰু মুখ্য দুৱাৰত দুটাকৈ চাকি জ্বলাওক। 

আৰু পঢ়কঃ দীপাৱলীত এই ৬ টা বস্তু খালে সৌভাগ্য হয়, জীৱন হয় সমৃদ্ধিশালী!

ভিন্নৰঙী লাইট জ্বলাওতে এই কথাত ধ্যান ৰাখিব

যদি আপুনি দেৱালীত ঘৰত লাইটিং কৰাৰ কথা ভাবি আছে তেন্তে বাস্তুৰ মতে কোনটো দিশত কোনটো ৰঙৰ লাইট ব্যৱহাৰ কৰিলে ভাল হ'ব জানি লওক। সঠিক দিশত সঠিক ৰঙৰ লাইট জ্বলালে ঘৰখনৰ কাৰণে শুভ ফলদায়ক হয়। 

দিশ অনুযায়ী পোহৰৰ ৰং বাচনি কৰক 

১)পূব দিশ: ৰঙা, হালধীয়া আৰু কমলা ৰঙৰ লাইট ব্যৱহাৰ কৰিলে শুভ। 
২)পশ্চিম দিশ: এই দিশত হালধীয়া, কমলা আৰু গুলপীয়া ৰঙৰ লাইট ব্যৱহাৰ কৰা শুভ। 
৩)উত্তৰ দিশ: এই দিশত নীলা, হালধীয়া আৰু সেউজীয়া লাইট জ্বলাব পাৰিলে ভাল।
৪)দক্ষিণ দিশ: বগা, বেঙুনীয়া আৰু ৰঙা পোহৰৰ লাইটেৰে এই দিশটো সজাব পাৰিলে শুভ ফলদায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ