--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৪ নৱেম্বৰ বৃহস্পতিবাৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ তিথিত পোহৰৰ উৎসৱ দেৱালী বা দীপাৱলী উদযাপন কৰা হ'ব। চাকি-মম আৰু ভিন্নৰঙী লাইট জ্বলাই চৌপাশ পোহৰময় কৰি ৰাখে হিন্দু ধৰ্মাৱলম্বীলোকসকলে। দেৱালীত মানুহে ঘৰবোৰ ৰঙীন পোহৰেৰে সজায় যাতে মা দেৱী লক্ষ্মীৰ গৃহ প্ৰৱেশ ঘটে। ঘৰত উপস্থিত হয়।দেৱালীত মা লক্ষ্মী আৰু গণেশক পূজা কৰা হয়। বিশ্বাস অনুসৰি এই দিনটোত ঘৰৰ কোনো ঠাইত অন্ধকাৰ থাকিব নালাগে, অন্যথা মা লক্ষ্মী সেইখন ঘৰত উপস্থিত নহয়। চাকি জ্বলালেই নহ'ব, চাকি জ্বলোৱাৰ নিয়মো জানিব লাগিব। শুদ্ধ ৰূপত দেৱালীত চাকি জ্বলালেহে মা দেৱী লক্ষ্মীয়ে আশীৰ্বাদ প্ৰদান কৰে। বাস্তুশাস্ত্ৰত চাকি জ্বলোৱাৰ সঠিক নিয়ম বৰ্ণনা কৰা হৈছে।

চাকি জ্বলোৱাৰ সঠিক উপায় 

১)কেতিয়াও দক্ষিণফালে চাকি জ্বলাব নালাগে, কিয়নো ই অশুভ।
২)দেৱালীৰ চাকিবোৰ বিশুদ্ধ ঘিউৰে জ্বলাব পাৰিলে ভাল।
৩)দেৱালীৰ চাকিত কেতিয়াও সূৰ্যমুখী তেল ব্যৱহাৰ নকৰিব।
৪)দেৱালী চাকিৰ শলিতা দীঘল হোৱাটো প্ৰয়োজন।
৫)চাকি জ্বলোৱাৰ আৰম্ভণি নিজা পূজাগৃহৰ পৰা কৰক
৬)দেৱালীৰ দিনা ঘৰত লক্ষ্মী আৰু গণেশক স্বাগতম জনাবলৈ মূল গেট আৰু মুখ্য দুৱাৰত দুটাকৈ চাকি জ্বলাওক। 

আৰু পঢ়কঃ দীপাৱলীত এই ৬ টা বস্তু খালে সৌভাগ্য হয়, জীৱন হয় সমৃদ্ধিশালী!

ভিন্নৰঙী লাইট জ্বলাওতে এই কথাত ধ্যান ৰাখিব

যদি আপুনি দেৱালীত ঘৰত লাইটিং কৰাৰ কথা ভাবি আছে তেন্তে বাস্তুৰ মতে কোনটো দিশত কোনটো ৰঙৰ লাইট ব্যৱহাৰ কৰিলে ভাল হ'ব জানি লওক। সঠিক দিশত সঠিক ৰঙৰ লাইট জ্বলালে ঘৰখনৰ কাৰণে শুভ ফলদায়ক হয়। 

দিশ অনুযায়ী পোহৰৰ ৰং বাচনি কৰক 

১)পূব দিশ: ৰঙা, হালধীয়া আৰু কমলা ৰঙৰ লাইট ব্যৱহাৰ কৰিলে শুভ। 
২)পশ্চিম দিশ: এই দিশত হালধীয়া, কমলা আৰু গুলপীয়া ৰঙৰ লাইট ব্যৱহাৰ কৰা শুভ। 
৩)উত্তৰ দিশ: এই দিশত নীলা, হালধীয়া আৰু সেউজীয়া লাইট জ্বলাব পাৰিলে ভাল।
৪)দক্ষিণ দিশ: বগা, বেঙুনীয়া আৰু ৰঙা পোহৰৰ লাইটেৰে এই দিশটো সজাব পাৰিলে শুভ ফলদায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া