--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাইলৈ ৪ নৱেম্বৰ ২০২১ত সমগ্ৰ দেশবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। গৃহসজ্জা, সুস্বাদু মিঠাই, সুন্দৰ উপহাৰ আৰু পৰিয়ালৰ সৈতে উদযাপন কৰা হয় এই আনন্দময় উৎসৱ। দীপাৱলীত এন্ধাৰ বিনাশী নামি আহে পোহৰৰ ঢল। দীপাৱলীত ধন, স্বাস্থ্য,সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে মাতৃ লক্ষ্মী দেৱীৰ পূজা কৰা হয়। আপুনি জানেনে দীপাৱলীৰ দিনা ৬ বিধ বিশেষ ভোজন কৰিলে সৌভাগ্য উদয় হয়। ৬ বিধ খাদ্যবস্তুৰ যিকোনো এবিধ খালেই ভাগ্য সুপ্ৰসন্ন হয় বুলি বিশ্বাস কৰা হয়। আহকচোন জানো এই ৬ বিধ খাদ্যবস্তুৰ বিষয়ে।

নৈবদ্য

১)নৈবদ্যঃ দীপাৱলীত দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ নৈবেদ্য আগবঢ়োৱা হয়। এই নৈবদ্য নিজ ঘৰতহে প্ৰস্তুত কৰিব লাগে। ইয়াত বিভিন্ন ধৰণৰ বস্তু অন্তৰ্ভুক্ত থাকে। গাখীৰ, চেনী, মিচিৰি, নাৰিকল, গুড়, ফলেৰে ক্ষীৰ ৰান্ধি নৈবদ্য প্ৰস্তুত কৰা হয়। এই নৈবদ্য দীপাৱলীত খোৱাটো অতি শুভ বুলি গণ্য কৰা হয়।

আটাৰ হালোৱা

২)আটাৰ হালোৱাঃ দীপাৱলীৰ দিনটোত, মাক লক্ষ্মীক ভাৰতৰ পূব আৰু উত্তৰ অংশত আটা বা ময়দাৰ হালোৱা আগবঢ়োৱা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত বিশুদ্ধ ঘিঁউ আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা আটা বা ময়দাৰ হালোৱা খোৱাটো অতি উত্তম। এই হালোৱা সুস্বাদু, স্বাস্থ্যকৰ হোৱাৰ লগতে ই আনি দিয়ে সৌভাগ্য।

পঞ্চামৃত

৩)পঞ্চামৃতঃ দীপাৱলীৰ সন্ধিয়া আপুনি পঞ্চামৃতৰ পৰা তৈয়াৰ কৰা প্ৰসাদ গ্ৰহণ কৰিব পাৰে। পঞ্চামৃত প্ৰসাদ মৌ, দৈ, গাখীৰ, ঘিউ আৰু চেনীৰ পৰা তৈয়াৰ কৰা হয়। দীপাৱলীত পঞ্চামৃত খালে জীৱন সমৃদ্ধিশালী হয় বুলি বিশ্বাস কৰা হয়।

লাপচি

৪)লাপচিঃ সমগ্ৰ উত্তৰ ভাৰততে লেপচি খোৱা হয়। ই ৰাজস্থান আৰু হাৰিয়ানাতো অধিক বিখ্যাত। লাপচি ঘেঁহুৰ গুড়ি, বিশুদ্ধ ঘিঁউ চেনী আৰু খিচমিচ, বাদাম আদিৰে তৈয়াৰ কৰা হয়। দীপাৱলীৰ সন্ধিয়া লেপচি খোৱাটো শুভ বুলি গণ্য কৰা হয়।

বুন্দিয়াৰ লাড়ু

৫)বুন্দিয়াৰ লাড়ুঃ ভগৱান গণেশৰ প্ৰিয় বুন্দিয়াৰ লাড়ুক সুখৰ প্ৰতীক বুলি গণ্য কৰা হয়। দীপাৱলীৰ সন্ধিয়া বুন্দিয়াৰ লাড়ু ভোগ হিচাপে দেৱী লক্ষ্মীলৈ আগবঢ়োৱাৰ পিছত ইয়াক প্ৰসাদ হিচাপে মানুহৰ মাজত ভগাই দিব পাৰে। বুন্দিয়াৰ লাড়ু নিজে খোৱাৰ লগতে আনকো যদি দিব পাৰে তেন্তে জীৱন মধুময় হৈ পৰে বুলি বিশ্বাস প্ৰচলিত।

গুড়ৰ ক্ষীৰ

৬)গুড়ৰ ক্ষীৰঃ দীপাৱলীৰ দিনটোত গুড়ৰ ক্ষীৰকো অতি শুভ বুলি গণ্য কৰা হয়। সন্ধিয়া পূজাৰ সময়ত মা লক্ষ্মীক প্ৰসাদ হিচাপে গুড়ৰ ক্ষীৰ আগবঢ়াওক আৰু পাছত এই গুড়ৰ ক্ষীৰ পৰিয়ালৰ সৈতে ভগাই খাওক। এনে কৰাৰ ফলত ঘৰখনত সুখ,সমৃদ্ধি ভৰি পৰে আৰু টকা-পইচাৰ নাটনি দূৰ হয় বুলি ভবা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া