--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট সমৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪টা উইকেটত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দল। এই মেচখনত টীম ইণ্ডিয়াৰ বলাৰসকলে অতি বেয়া খেল প্ৰদৰ্শন কৰিছিল। বলাৰসকলৰ দুৰ্বল ফৰ্মৰ বোজা ভাৰতীয় ক্ৰিকেট দলে বহন কৰিবলগীয়া হয়। এনে এটা মুহূৰ্ত আহিল এইখন মেচত, য’ত অধিনায়ক ৰোহিত শৰ্মাই উইকেটৰক্ষক দীনেশ কাৰ্তিকক লৈ ক্ষুব্ধ হৈ পৰিছিল আৰু খঙত ৰোহিতে কাৰ্তিকৰ ডিঙিত ধৰিছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত ৰোহিত শৰ্মাই প্লেইং একাদশত ঋষভ পন্তৰ ঠাইত দীনেশ কাৰ্তিকক এটা সুযোগ দিছিল যদিও মেচখনত কাৰ্তিকে তিনিটা ডাঙৰ ভুল কৰিছিল, যাৰ বাবে টীম ইণ্ডিয়াই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ভাৰতৰ হৈ শ্ৰেষ্ঠ বলিং কৰিছিল কেৱল অক্ষৰ পেটেলেহে। তেওঁ এৰন ফিঞ্চক সোনকালে আউট কৰে। ইয়াৰ পাছত য়ুজবেন্দ্ৰ চাহালৰ বলত ষ্টিভ স্মিথক ষ্টাম্পৰ ঠিক মাজতে পোৱা গৈছিল যদিও কাৰ্তিকে এল বি ডব্লিউ নকৰিলে।

য়ুজবেন্দ্ৰ চাহালৰ অভাৰৰ পিছত উমেশ যাদৱে দ্বিতীয় অভাৰত ব্লাষ্ট কৰি ষ্টিভ স্মিথ আৰু গ্লেন মেক্সৱেলক পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাইছিল। দুয়োবাৰেই এজড হোৱাৰ পাছতো উইকেটৰক্ষক দীনেশ কাৰ্তিকে আউট দেখুওৱা নাছিল, যাৰ বাবে ৰোহিত শৰ্মাৰ খং উঠিছিল আৰু তেওঁ কাৰ্তিকৰ ডিঙিত ধৰিছিল। মেচখনত ইটোৰ পিছত সিটোকৈ ৩টা ডাঙৰ ভুল কৰিছিল কাৰ্তিকে।

অক্ষৰ পেটেলৰ বাহিৰে, টিম ইণ্ডিয়াৰ পৰা কোনো বলাৰেই সুন্দৰ খেল দেখুৱাব নোৱাৰিলে। ভুৱনেশ্বৰ কুমাৰে ৪ অভাৰত ৫২ ৰান দিয়ে। একে সময়তে হৰ্শল পেটেলে নিজৰ ৪ অভাৰত ৪৯ ৰান দিছিল, এই দুয়োজন অভিজ্ঞ বলাৰে মেচখনত এটাও উইকেট লাভ কৰিব পৰা নাছিল। দুৰ্বল ফৰ্মৰ বাবে টীম ইণ্ডিয়া পৰাস্ত হয়। য়ুজবেন্দ্ৰ চাহালেও নিজৰ ছন্দৰ পৰা বিচ্যুত যেন দেখা গৈছিল আৰু ৩.২ত ৪২ ৰান দিছিল। বলাৰসকলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে টীম ইণ্ডিয়া ৪টা উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু