--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট সমৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪টা উইকেটত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দল। এই মেচখনত টীম ইণ্ডিয়াৰ বলাৰসকলে অতি বেয়া খেল প্ৰদৰ্শন কৰিছিল। বলাৰসকলৰ দুৰ্বল ফৰ্মৰ বোজা ভাৰতীয় ক্ৰিকেট দলে বহন কৰিবলগীয়া হয়। এনে এটা মুহূৰ্ত আহিল এইখন মেচত, য’ত অধিনায়ক ৰোহিত শৰ্মাই উইকেটৰক্ষক দীনেশ কাৰ্তিকক লৈ ক্ষুব্ধ হৈ পৰিছিল আৰু খঙত ৰোহিতে কাৰ্তিকৰ ডিঙিত ধৰিছিল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত ৰোহিত শৰ্মাই প্লেইং একাদশত ঋষভ পন্তৰ ঠাইত দীনেশ কাৰ্তিকক এটা সুযোগ দিছিল যদিও মেচখনত কাৰ্তিকে তিনিটা ডাঙৰ ভুল কৰিছিল, যাৰ বাবে টীম ইণ্ডিয়াই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ভাৰতৰ হৈ শ্ৰেষ্ঠ বলিং কৰিছিল কেৱল অক্ষৰ পেটেলেহে। তেওঁ এৰন ফিঞ্চক সোনকালে আউট কৰে। ইয়াৰ পাছত য়ুজবেন্দ্ৰ চাহালৰ বলত ষ্টিভ স্মিথক ষ্টাম্পৰ ঠিক মাজতে পোৱা গৈছিল যদিও কাৰ্তিকে এল বি ডব্লিউ নকৰিলে।

য়ুজবেন্দ্ৰ চাহালৰ অভাৰৰ পিছত উমেশ যাদৱে দ্বিতীয় অভাৰত ব্লাষ্ট কৰি ষ্টিভ স্মিথ আৰু গ্লেন মেক্সৱেলক পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাইছিল। দুয়োবাৰেই এজড হোৱাৰ পাছতো উইকেটৰক্ষক দীনেশ কাৰ্তিকে আউট দেখুওৱা নাছিল, যাৰ বাবে ৰোহিত শৰ্মাৰ খং উঠিছিল আৰু তেওঁ কাৰ্তিকৰ ডিঙিত ধৰিছিল। মেচখনত ইটোৰ পিছত সিটোকৈ ৩টা ডাঙৰ ভুল কৰিছিল কাৰ্তিকে।

অক্ষৰ পেটেলৰ বাহিৰে, টিম ইণ্ডিয়াৰ পৰা কোনো বলাৰেই সুন্দৰ খেল দেখুৱাব নোৱাৰিলে। ভুৱনেশ্বৰ কুমাৰে ৪ অভাৰত ৫২ ৰান দিয়ে। একে সময়তে হৰ্শল পেটেলে নিজৰ ৪ অভাৰত ৪৯ ৰান দিছিল, এই দুয়োজন অভিজ্ঞ বলাৰে মেচখনত এটাও উইকেট লাভ কৰিব পৰা নাছিল। দুৰ্বল ফৰ্মৰ বাবে টীম ইণ্ডিয়া পৰাস্ত হয়। য়ুজবেন্দ্ৰ চাহালেও নিজৰ ছন্দৰ পৰা বিচ্যুত যেন দেখা গৈছিল আৰু ৩.২ত ৪২ ৰান দিছিল। বলাৰসকলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে টীম ইণ্ডিয়া ৪টা উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক