--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ এমাহ বাকী। ইতিমধ্যে বহু দলে ঘোষণা কৰিছে নিজৰ দল। আনহাতে একাংশ দলে বিশ্বকাপৰ বাবে নতুন জাৰ্চি মুকলি কৰিছে, য’ত টীম ইণ্ডিয়াও আছে। ইফালে, পাকিস্তানৰ নতুন জাৰ্চিও প্ৰস্তুত কৰা হৈছে, যাৰ ছবি ছ’চিয়েল মিডিয়াত লিক হৈছে।

ছ’চিয়েল মিডিয়াত নতুন জাৰ্চি পিন্ধা পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ লগতে আন একাংশ খেলুৱৈৰ ছবি ভাইৰেল হৈছে। পাক দলৰ নতুন জাৰ্চি দেখি ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে নেটিজেনসকলে। যদিও পাকিস্তানে এতিয়াও আনুষ্ঠানিকভাৱে নতুন জাৰ্চি মুকলি কৰা নাই, তথাপিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পাকিস্তান দলৰ নতুন জাৰ্চিৰ ছবি।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিসমূহৰ প্ৰতি অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে পাকিস্তানৰ নতুন জাৰ্চি দেখাত তৰমুজৰ দৰে। নতুন পোছাক পিন্ধা বাবৰ আজমৰ ছবিখনো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে ভাৰতে দেওবাৰে নিজৰ নতুন জাৰ্চি মুকলি কৰিছে। অধিনায়ক ৰোহিত শৰ্মা, হার্দিক পাণ্ডিয়া, মহিলা দলৰ অধিনায়ক হৰমনপ্রীত কৌৰকে ধৰি আন তাৰকা খেলুৱৈৰ উপস্থিতিত টিম ইণ্ডিয়াৰ নতুন জার্চি মুকলি কৰা হৈছে। ভাৰতীয় দলৰ নতুন জাৰ্চিৰ ৰং আকাশ নীলা ৰঙৰ৷ ভাৰত আৰু পাকিস্তানে অহা ২৩ অক্টোবৰৰ পৰা ইজনে সিজনৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত নিজৰ মিছন আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক