--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১২ নৱেম্বৰত সমগ্ৰ দেশজুৰি দীপাৱলী উৎসৱ উদযাপন কৰা হয়। উচ্চতম ন্যায়ালয়ে দিল্লীকে ধৰি সকলো স্থানতে ফটকা ফুটুৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল, যাতে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কিন্তু দীপাৱলীৰ নিশা ফটকা নিষেধাজ্ঞা উলংঘা কৰা হ’ল। ইয়াৰ পাছতেই সোমবাৰে পুৱা ঘন বিষাক্ত কুঁৱলীয়ে ছানি ধৰে দিল্লীৰ আকাশ। কুঁৱলী ইমানেই ঘন আছিল যে মাত্ৰ কেইশমিটাৰমান পাছতেই সকলো অদৃশ্য হৈ পৰিছিল। 


উল্লেখ্য যে যোৱা বছৰৰ তুলনাত হাওঁফাওঁৰ ক্ষতিসাধন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰা পি এম ২.৫ কণিকাৰ মাত্ৰা ৪৫ শতাংশ বৃদ্ধি পাইছে। একে সময়তে পি এম ১০ কণিকাৰ মাত্ৰাও ৩৩ শতাংশ বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি দিল্লীৰ সকলো বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰই এইবেলি দীপাৱলীত প্ৰদূষণ যোৱা বছৰৰ তুলনাত অতি বেছি হোৱাত উদ্বেগ ব্যক্ত কৰে।


স্মৰ্তব্য যে দীপাৱলীৰ পূৰ্বে দিল্লী বায়ুৰ গুণাগুণ বহু পৰিমাণে উন্নত হৈছিল। দৰাচলতে দীপাৱলীৰ কেইদিনমান আগতে বৰষুণ হৈছিল যাৰ বাবে দিল্লী বায়ুৰ গুণাগুণ মাত্ৰা উন্নত হৈছিল। কিন্তু এতিয়া দীপাৱলীৰ পাছত পুনৰ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ুমণ্ডল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক