--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১২ নৱেম্বৰত সমগ্ৰ দেশজুৰি দীপাৱলী উৎসৱ উদযাপন কৰা হয়। উচ্চতম ন্যায়ালয়ে দিল্লীকে ধৰি সকলো স্থানতে ফটকা ফুটুৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল, যাতে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কিন্তু দীপাৱলীৰ নিশা ফটকা নিষেধাজ্ঞা উলংঘা কৰা হ’ল। ইয়াৰ পাছতেই সোমবাৰে পুৱা ঘন বিষাক্ত কুঁৱলীয়ে ছানি ধৰে দিল্লীৰ আকাশ। কুঁৱলী ইমানেই ঘন আছিল যে মাত্ৰ কেইশমিটাৰমান পাছতেই সকলো অদৃশ্য হৈ পৰিছিল। 


উল্লেখ্য যে যোৱা বছৰৰ তুলনাত হাওঁফাওঁৰ ক্ষতিসাধন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰা পি এম ২.৫ কণিকাৰ মাত্ৰা ৪৫ শতাংশ বৃদ্ধি পাইছে। একে সময়তে পি এম ১০ কণিকাৰ মাত্ৰাও ৩৩ শতাংশ বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি দিল্লীৰ সকলো বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰই এইবেলি দীপাৱলীত প্ৰদূষণ যোৱা বছৰৰ তুলনাত অতি বেছি হোৱাত উদ্বেগ ব্যক্ত কৰে।


স্মৰ্তব্য যে দীপাৱলীৰ পূৰ্বে দিল্লী বায়ুৰ গুণাগুণ বহু পৰিমাণে উন্নত হৈছিল। দৰাচলতে দীপাৱলীৰ কেইদিনমান আগতে বৰষুণ হৈছিল যাৰ বাবে দিল্লী বায়ুৰ গুণাগুণ মাত্ৰা উন্নত হৈছিল। কিন্তু এতিয়া দীপাৱলীৰ পাছত পুনৰ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ুমণ্ডল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক